অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত ডাঃ হাব্বে টেৰন, মুখ্য়মন্ত্ৰীৰ ঘোষণা
বিজেপিয়ে ষষ্ঠদশ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰিছে বিধায়ক ডাঃ হাব্বে টেৰনক ৷ কাৰ্বি আংলং জিলাৰ নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডাঃ টেৰন ৷

Published : June 18, 2026 at 12:39 PM IST
|Updated : June 18, 2026 at 1:09 PM IST
গুৱাহাটী: অহা জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব ৷ বাজেট অধিৱেশনৰ প্ৰাকমুহূৰ্তত ৰাজ্য়ৰ বিধানসভাৰ উপাধ্য়ক্ষ পদটোৰ বাবে পশ্মিম কাৰ্বি আংলঙৰ আমৰি (অনুসূচিত জনজাতি) বিধানসভাৰ নৱনিৰ্বাচিত বিধায়ক ডাঃ হাব্বে টেৰনক নিৰ্বাচিত কৰা হৈছে ৷
এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডাঃ টেৰণক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে ৷ পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে- ‘‘ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে অসম বিধান সভাৰ মাননীয় উপাধ্যক্ষ পদৰ বাবে আমাৰ প্ৰাৰ্থী হ’ব আমৰি (অনুসূচিত জনজাতি) পাৰ্বত্য সমষ্টিৰ মাননীয় বিধায়ক ডাঃ হাব্বে টেৰন । এজন চিকিৎসা পেছাদাৰী আৰু নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নিৰ্বাচিত প্ৰতিনিধি ডাঃ টেৰনে আমাৰ জনজাতীয় সম্প্ৰদায়ৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ লগতে বিধান সভাত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠস্বৰক অধিক শক্তিশালী কৰিব । এই বিশেষ মুহূৰ্তত ডাঃ টেৰনলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।’’
I am pleased to announce that Dr. Habbey Teron, Honble MLA from Amri (ST) Hills, will be our candidate for the post of Deputy Speaker of the Assam Legislative Assembly.
— Himanta Biswa Sarma (@himantabiswa) June 18, 2026
A medical professional by training and the first elected representative from the newly created Amri…
মন্ত্ৰী অশোক সিংহলে ডাঃ টেৰনক শুভেচ্ছা জনাইছে সামাজিক মাধ্যমযোগে ৷ নিজৰ শুভেচ্ছাবাৰ্তাত সিংহলে লিখিছে, ‘‘অসম বিধানসভাৰ উপাধ্যক্ষৰ পদৰ বাবে আমাৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা ডাঃ হাব্বে টেৰনলৈ উষ্ম অভিনন্দন । এগৰাকী বিশিষ্ট চিকিৎসা পেছাদাৰীৰ পৰা আমৰি (ST) ৰ প্ৰথমজন বিধায়কলৈ তেওঁৰ যাত্ৰাই সেৱাৰ প্ৰতি উৎসৰ্গিত জীৱনৰ প্ৰতিফলন ঘটায় । তেওঁ আমাৰ জনজাতীয় জনগোষ্ঠীৰ কণ্ঠক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সবলীকৰণৰ আন এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত কৰিব । আগন্তুক দায়িত্বৰ বাবে তেখেতলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।’’
Warm congratulations to Dr. Habbey Teron on being nominated as our candidate for the office of Deputy Speaker of the Assam Legislative Assembly.
— Ashok Singhal (@TheAshokSinghal) June 18, 2026
His journey from a distinguished medical professional to the first MLA of Amri (ST) reflects a life dedicated to service. His… pic.twitter.com/QYDKXTxTCZ
বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ড৹ তুলিৰাম ৰংহাঙেও অভিনন্দন জনাইছে ডাঃ হাব্বে টেৰনক ৷ তেওঁ এক পোষ্টত লিখিছে, ‘‘আমাৰ সকলোৰে বাবে এক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত ! অত্যন্ত আনন্দিত হৈছো যে আমৰি (ST) পাৰ্বত্য সমষ্টিৰ মাননীয় বিধায়ক ডাঃ হাব্বে টেৰন ডাঙৰীয়াক অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ তেওঁক আন্তৰিক অভিনন্দন ! আমাৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ লগতে অঞ্চলটোৰ প্ৰতি অদম্য আস্থা আৰু অহৰহ সমৰ্থনৰ বাবে মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । ডাঃ হাব্বে টেৰনলৈ অভিনন্দন আৰু শুভেচ্ছা !’’
অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনীত ডাঃ হাব্বে টেৰনে সামাজিক মাধ্যমযোগে এক পোষ্ট শ্বেয়াৰ কৰি এই দায়িত্ব প্ৰদানৰ বাবে কৃতজ্ঞতা জনাইছে ৷ পোষ্টত তেওঁ লিখিছে, ‘‘অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী তথা বিধায়ক ড৹ তুলিৰাম ৰংহাং ডাঙৰীয়াই মোক অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে আস্থা, বিশ্বাস আৰু সমৰ্থন জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । এই দায়িত্বত মই গভীৰভাৱে সন্মানিত হৈছোঁ আৰু নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে অসমবাসীক সেৱা আগবঢ়োৱাৰ প্ৰতি দায়বদ্ধ হৈ আছোঁ । বিধানসভাৰ মৰ্যাদা বজাই ৰাখিবলৈ চেষ্টা কৰিম আৰু আমাৰ ৰাজ্যৰ কল্যাণ, উন্নয়ন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰিম । লগতে মোৰ সকলো সহকৰ্মী, শুভাকাংক্ষী, দলৰ নেতা আৰু এই সমগ্ৰ যাত্ৰাত মোক অহৰহ সমৰ্থন আৰু উৎসাহ যোগোৱা ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ । আপোনালোকৰ আশীৰ্বাদ আৰু আত্মবিশ্বাসে মোক অধিক দায়বদ্ধতা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে । আপোনালোক সকলোকে আস্থা আৰু সহায়ৰ বাবে ধন্যবাদ । জয় আই অসম ।’’
লগতে পঢ়ক: ৬ জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন: ১০ জুলাইত পূৰ্ণাংগ বাজেট দাখিল

