মন্ত্রী হিচাপে সমগ্ৰ অসমৰ বাবে কাম কৰিব লাগিব : মন্ত্ৰিত্ব লাভৰ পাছত সুশান্ত বৰগোঁহাইৰ প্ৰতিক্ৰিয়া
শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান ৷ মুখ্যমন্ত্ৰীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰি আনন্দিত সুশান্ত বৰগোহাঁই ।

Published : June 5, 2026 at 7:20 AM IST
|Updated : June 5, 2026 at 12:44 PM IST
গুৱাহাটী : "শিৱসাগৰৰ পৰা ২০ বছৰৰ পাছত মন্ত্ৰীসভাত স্থান লাভ কৰাটো এটা গৌৰৱৰ দিন । মন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভৰ পাছতে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সুশান্ত বৰগোহাঁয়ে ।
বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সম্প্ৰসাৰিত মন্ত্রীসভাৰ ১২ জনীয়া মন্ত্রীৰ তালিকা । এই তালিকাত স্থান লাভ কৰে সুশান্ত বৰগোহাঁয়ে । প্ৰথমবাৰৰ বাবে মন্ত্রীসভাত স্থান পোৱা সুশান্ত বৰগোহাঁয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
বৰগোহাঁয়ে কয়, "দায়িত্ব দিছে আৰু সেই দায়িত্ব লৈ ৰাইজৰ হকে কাম কৰি যাম । জাতি-জনগোষ্ঠীৰ কথা নাই আমি সকলোৱে অসমখনক আগুৱাই লৈ যোৱাৰ বাবে কাম কৰিম । দপ্তৰৰ কথা নাই আৰু আমি কেতিয়াও মন্ত্রী হোৱাৰ বাবে ৰাজনীতি কৰা নাই । মুখ্যমন্ত্রীয়ে এটা দায়িত্ব দিছে আৰু সেই দায়িত্ব নিষ্ঠাৰে পালন কৰিম । মন্ত্রিত্বৰ দায়িত্ব লোৱাৰ পাছত অসমখনৰ বাবে কাম কৰিব লাগিব । সকলো জাতি-জনগোষ্ঠীক মিলাই অসমীয়া জাতি । মন্ত্রী হিচাপে সমগ্ৰ অসমৰ বাবে কাম কৰিব লাগিব । মুখ্যমন্ত্রীৰ সহযোগী হিচাপে কাম কৰি যাম ।"
তেওঁ লগতে কয়, "প্ৰত্যাশা নিৰ্বাচনত থাকে । মন্ত্রীৰ দায়িত্বৰ বাবে প্ৰত্যাশা নাথাকে । কেতিয়াও দায়িত্ব পাম বুলি ভবা নাছিলো । বিগত ২০ বছৰে শিৱসাগৰ জিলাৰ পৰা প্ৰতিনিধিত্ব পোৱা নাছিলো । আমি অসমৰ বাবে কাম কৰিব লাগিব । এটা জাতিক প্ৰতিনিধিত্ব কৰি কাম কৰিলে এটা সংকীৰ্ণ ৰাজনীতিৰ মেৰপেচত সুমাই পৰিব লাগিব ।’’
সুশান্ত বৰগোহাঁয়ে আৰু কয়, ‘‘আমি সকলো জাতি-জনগোষ্ঠীৰ হকে কাম কৰিব লাগিব আৰু তেতিয়াহে অসমখন আগবাঢ়ি যাব । ৰামধেনু সদৃশ অসমীয়া জাতি । দায়িত্ব পোৱা বাবে এটা ভাল অনুভৱ আছে । দায়িত্ববোধো বাঢ়িব । আমাৰ দলত মন্ত্রী আৰু বিধায়কে একেলগে কাম কৰাৰ পৰিৱেশ আছে । ইয়াত কোনো প্ৰতিযোগীতাৰ কথা নাই ।"

