ETV Bharat / state

দুজোপা গছ বেৰিবলৈ প্ৰায় ১০ লাখ টকা অপচয় ! মৃণাল শইকীয়াৰ 8PM পোষ্টক লৈ চাঞ্চল্য

নুমলীগড় শোধনাগাৰ লিমিটেডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়ক মৃণাল শইকীয়াৰ ৷ সামাজিক দায়বদ্ধতা বিভাগে ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ ৷

BJP mla Mrinal Saikia raises allegations of CSR fund misuse against NRL
নুমলীগড় শোধনাগাৰ লিমিটেডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়ক মৃণাল শইকীয়াৰ (Facebook Mirnal Saikia)
author img

By ETV Bharat Assamese Team

Published : August 13, 2026 at 8:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ বিধায়কসকলৰ ভিতৰত এটা চৰ্চিত নাম মৃণাল শইকীয়া ৷ খুমটাই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কগৰাকী প্ৰায়েই নিজৰ ব্যক্তিক্ৰমী কৰ্মৰ বাবে চৰ্চাত থাকে ৷ সামাজিক মাধ্যমতো তেওঁৰ অপাৰ জনপ্ৰিয়তা ৷ বিশেষকৈ প্ৰায় প্ৰতিদিনেই তেওঁ নিশা আঠ বজাৰ পাছত ফেচবুকত ‘8PM’ বুলি এটা পোষ্ট কৰে ৷ সেই পোষ্টত তেওঁ বিভিন্ন সামাজিক-ৰাজনৈতিক বিষয় সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰে ৷

যোৱা ১২ আগষ্টত বিধায়ক শইকীয়াই দিয়া তেনে এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । পোষ্টটো দুজোপা গছৰ সম্পৰ্কে । বিশেষ পোষ্টটোত বিধায়ক শইকীয়াই লিখা কথাখিনি অসম্পাদিত ৰূপত তলত উল্লেখ কৰা হ’ল-

এগৰাকী মহিলা,কেইজনমান বিষয়া আৰু দুজোপা গছ...

নুমলীগড় শোধনাগাৰ লিমিটেড (NRL) ৰ বিষয়া দুজনমানৰ সৈতে সু-সম্পৰ্ক এগৰাকী মহিলাৰ । মহিলাগৰাকীক কিবা প্ৰকাৰে সহায় কৰিব লাগে । কি কৰা যায় !

আলোচনা হ'ল...

CSR Fund...... উপায় উলিয়ালে তেওঁলোকে । কেনেকুৱা কাম দিলে বেছি লাভ হ'ব !

দৈগ্ৰোং বজাৰত থকা দুজোপা বৃহৎ গছক লক্ষ্য কৰি লোৱা হ'ল । চাৰিওফালে Concrete (পকা) ৰ বেৰা মাৰি গছ দুজোপাক শ্বাসৰুদ্ধ কৰা হওক । ৯ লাখ ৯০ হেজাৰ টকা ধাৰ্য কৰা হ'ল । ক'ৰবাত বিদ্যালয় নিৰ্মাণৰ বাবে আৱেদন দিলে নাইবা কোনো খেল আদিৰ বাবে আৱেদন দিলে CSR (NRL) কাৰ্যালয়ত হেৰাই যাব পাৰে । কিন্তু ইমান গুৰুত্বপূৰ্ণ কাম কেতিয়াও ৰৈ থাকিব নোৱাৰে । গতিকে আঁচনি অনুমোদিত (Sanction) ৷

এটা PMAY ঘৰ নিৰ্মাণ হয় ১ লাখ ৫২ হাজাৰত । কিন্তু দুজোপা গছক শ্বাসৰুদ্ধ কৰাৰ বাবদ খৰচ হ'ল ৯ লাখ ৯০ হাজাৰ । এতিয়া কথা হ'ল, এই বান্ধ প্ৰক্ৰিয়াৰ বাবে কোনোবাই বন বিভাগৰ পৰা অনুমতি লৈছিল নে ?

মই বনবিভাগক অনুৰোধ জনাম,যদি যাৱতীয় অনুমতি নাই লোৱা তেন্তে অনতি পলমে পকা বেৰা ভাঙি গছ দুজোপাক মুক্ত কৰক আৰু এই বিষয়াকেইজনৰ বিৰুদ্ধে পুঁজি অপব্যৱহাৰৰ বাবে NRL কৰ্তৃপক্ষই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক ।

সংবাদ মাধ্যমৰ আগত মৃণাল শইকীয়াই কয়, ‘‘বৃহৎ বৃহৎ কোম্পানীসমূহত সামাজিক দায়বদ্ধতা বিভাগ থাকে । বহু সময়ত ভাল কামৰ বাবে সামাজিক দায়বদ্ধতা বিভাগত আবেদন দিয়ে, সেইবিলাক হেৰাই যায় ৷ কিন্তু দুজোপা গছক শাস্তি দিবলৈ এজোপা গছত প্ৰায় পাঁচ লাখ টকা মুকলি কৰিছে । এক লাখ ৫০ হাজাৰ টকাত এটা বাসগৃহ নিৰ্মাণ হয় । তেনে ক্ষেত্ৰত এজোপা গছ ঘেৰিবলৈ পাঁচ লাখ টকা কেনেকৈ দিলে ? ঐতিহাসিক গছসমূহ মুক্তভাৱে থাকিব লাগে ৷ কিন্তু সেই গছজোপা এটা ঠেক গণ্ডীৰ ভিতৰত থৈ দিলে গছজোপাই সাৰ-পানী পাবলৈ কিমান কষ্ট হ'ব ? কাৰোবাৰ ধন দিব লাগে বুলি এনে কাৰ্য কৰা হৈছে ।’’

‘‘নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগত বহু দুৰ্নীতি হৈছে ৷ নুমলীগড় শোধনাগাৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধত প্ৰথম অৱস্থাত উন্নয়নমূলক কাম কৰিব লাগে, তাৰ পাছত বেলেগত কৰিব লাগে । নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ কাম-কাজত মানুহ অসন্তুষ্ট হৈছে ।’’ তেওঁ লগতে কয় ৷ বিধায়কগৰাকীৰ এই অভিযোগৰ পিছত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: নাগালেণ্ডে আগতীয়া জাননী নিদিয়াৰ ফলত মানুহ মৰিল: পদ্মশ্ৰী যাদৱ পায়েং