ষষ্ঠবাৰৰ বাবে অৱতীৰ্ণ হৈ APSC পৰীক্ষাত জিলিকিল বিতু আগৰৱালা
ষষ্ঠ আৰু অষ্টম শ্ৰেণীত ফেইল কৰা, তৃতীয় স্থানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিতু আগৰৱালাৰ সাফল্য ।

Published : February 22, 2026 at 8:42 AM IST
সৰুপথাৰ: অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকিল সৰুপথাৰ সমজিলাৰ বিতু আগৰৱালা । সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য লাভ কৰি সৰুপথাৰ সম জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বিতুৱে । ৫ বাৰ কৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিফল হৈ ৬ নম্বৰবাৰ লোকসেৱা পৰীক্ষাত সাফল্য লাভ কৰি গাণনিক বিষয়া (Assistant Audit Officer) হিচাপে উত্তীৰ্ণ হয় । জানো আহক হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানপ্ৰাপ্ত বিতু আগৰৱালাৰ সাফল্যৰ কাহিনী ।
সৰুপথাৰ সমজিলালৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰয়াত ঘনশ্যাম আগৰবালা আৰু ভগৱতী আগৰৱালাৰ পুত্ৰ বিতু আগৰৱালাই । নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ হৈ জিলিকিছে বিতু । তেওঁ এইবাবেই বিশেষ, কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক পথ নিৰ্বাচনৰ ফলস্বৰূপে বাৰে বাৰে বিফল হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰা, ষষ্ঠ আৰু অষ্টম শ্ৰেণীত ফেইল কৰা বিতু আজি তেওঁ আনৰ বাবে আদৰ্শ । সৰুপথাৰ সমজিলাৰ বৰপথাৰত বিতু আগৰৱালৰ ঘৰ ।
মনত যদি দৃঢ়তা থাকে বিফলতাবোৰ সফলতালৈ ৰূপান্তৰ হ'ব পাৰে তাকেই যেন প্ৰতিপন্ন কৰিছে বিতু আগৰৱালাই । বাৰে বাৰে তেখেতে বিফল হোৱাৰ পিছতো হতাশ হোৱা নাছিল তেওঁ । ৫ বাৰকৈ বিফল হৈয়ো হতাশ নোহোৱা বিতুয়ে এইবাৰ গাণনিক বিষয়া হিচাপে সফলতা লাভ কৰিল ।
বিতু আগৰৱালাৰ শিক্ষা জীৱন:
প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলিছিল । তাৰ পিছত টেঙাহোলা মধ্য ইংৰাজী বিদ্যালয় অধ্যয়ন কৰিছিল । দেউতাকৰ চাকৰি সূত্ৰে বৰপথাৰ আহি বৰপথাৰ উচ্চ মাধ্য়মিক বিদ্যালয়ত অধ্যয়ন কৰিছিল । বৰপথাৰত পঢ়ি থাকোতেই তেওঁ দুবাৰকৈ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল । ষষ্ঠ আৰু অষ্টম শ্ৰেণীত বিফল হৈছিল বিতু । হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বৰপথাৰৰ অঞ্জলী বৰবৰা মেমৰিয়েল একাডেমীত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে ।
ইয়াৰ পিছতেই গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । মেট্ৰিক পৰীক্ষাত তৃতীয় স্থান পোৱা বিতু আগৰবালাই নিজৰ একাগ্ৰতা, নিৰৱচ্ছিন্ন প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ পিছত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লৈ কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।
নৱপ্ৰজন্মৰ আদৰ্শ বিতু:
বিতুয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়,"ছবছৰীয়া মোৰ যাত্ৰাৰ অন্ত পৰিল । মই সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ । প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলিছিলোঁ । টেঙাহোলা মধ্য ইংৰাজী বিদ্যালয়, বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়, অঞ্জলী বৰবৰা মেমৰিয়েল একাডেমী, গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা কটন বিশ্ববিদ্যালয়লয়ত শিক্ষা জীৱন সাং কৰিছোঁ ।"
তেওঁ লগতে কয়,"যদিও মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল নাছিল, কিন্তু শিক্ষাগুৰুসকলে বিশেষকৈ অঞ্জলী বৰবৰা মেম'ৰিয়েল একাডেমীৰ শিক্ষাগুৰুসকলে যথেষ্ট উৎসাহ দিছিল । ফেইল তেতিয়াহে হয় যেতিয়া চেষ্টা কৰিবলৈ এৰি দিয়ে । সকলোৰে এটা নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থকাটো প্ৰয়োজনীয় । লক্ষ্যত উপনীত হবৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰাটো জৰুৰী । এবাৰত সফলতা লাভ কৰিব নোৱাৰিলে এৰি দিব নালাগে, চেষ্টা চলাই যাব লাগে ।"

