ETV Bharat / state

বিজয় কুমাৰ দত্তক অসমীয়া শিশু সাহিত্য বঁটা ২০২৫ প্ৰদান

গহনা চক্ৰৱৰ্তীক 'সেই ৰহস্যময়ী মাছটো'ৰ বাবে 'অসমীয়া শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ২০২৫' প্ৰদান ।

Assamese Childrens Literature Award 2025
বিজয় কুমাৰ দত্তক অসমীয়া শিশু সাহিত্য বঁটা ২০২৫ প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 2:43 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : ডেৰ কুৰিৰো অধিক শিশু গ্ৰন্থৰ স্ৰষ্টা, বিশিষ্ট শিশু সাহিত্যিক তথা গ্ৰন্থ প্ৰকাশক বিজয় কুমাৰ দত্তক 'অসমীয়া শিশু সাহিত্য বঁটা ২০২৫' প্ৰদান কৰা হয় । আনহাতে গুৱাহাটীৰ নুনমাটিস্থিত জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী গহনা চক্ৰৱৰ্তীক তেওঁৰ শেহতীয়া শিশু গ্ৰন্থ 'সেই ৰহস্যময়ী মাছটো'ৰ বাবে 'অসমীয়া শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ২০২৫' প্ৰদান কৰা হয় ।

তেজপুৰ সাহিত্য সভা ভৱনত শনিবাৰে বিয়লি অকণিৰ সাহিত্য সভাৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । এই বঁটা বিজয়ী দুয়োগৰাকীকে জনজাতীয় গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয় ।

Gahana Chakravarty awarded 'Assamese Best Children’s Book Award 2025'
গহনা চক্ৰৱৰ্তীক 'অসমীয়া শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ২০২৫' প্ৰদান (ETV Bharat Assam)

অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আদিত্য অংকুৰ নাথে । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই শিশুকালতেই সৃষ্টিশীলতাৰ বীজ ৰোপণ হয় বুলি উল্লেখ কৰি শিশুৰ দ্বাৰা শিশু সাহিত্য ৰচনাৰ উপযোগী পৰিবৱেশ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

এই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে কয়, "সাহিত্যই সমাজ উত্তৰণত যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।"

বঁটা গ্ৰহণ কৰি বিজয় কুমাৰ দত্তই ভাষণত কয়, "আধুনিক ডিজিটেল প্ৰযুক্তিৰ আগ্ৰাসী ব্যৱহাৰে শিশুসকলৰ কল্পনাশক্তি আৰু স্বাধীন চিন্তা বাধাগ্ৰস্ত কৰিছে, যাৰ ফলত বহু শিশু মানসিক অৱসাদ আৰু একাকীত্ববোধৰ চিকাৰ হৈছে । এনে পৰিস্থিতিত শিশু সাহিত্যই শিশুৰ মনোজগত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে ।"

Assamese Childrens Literature Award 2025
বিজয় কুমাৰ দত্তক অসমীয়া শিশু সাহিত্য বঁটা ২০২৫ প্ৰদান (ETV Bharat Assam)

আনহাতে গহনা চক্ৰৱৰ্তীয়ে এই সন্মান লাভ কৰি আনন্দিত হোৱা বুলি উল্লেখ কৰি বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ অনুপ্ৰেৰণাই তেওঁক সাহিত্য ৰচনাত আগবঢ়াই নিয়া বুলি কয় । অনুষ্ঠানটোত অশীতিপৰ সাহিত্যপ্ৰেমী সুচিত্ৰা শৰ্মাৰ কাব্য গ্ৰন্থ 'অনুভৱৰ দস্তাবেজ' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

লগতে পঢ়ক:লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ প্ৰদান

সন্মানীয় আনন্দৰাম ঢেকিয়াল ফুকন বঁটা লাভ কৰা ব্যক্তিসকল...