টেৰাকোটাৰ সমান্তৰালকৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিহু নৃত্যও হ'ব প্ৰদৰ্শন
নতুন দিল্লীৰ গণৰাজ্য দিৱসত কলিয়াবৰৰ শিল্পী দীপশিখা ভূঞাই নাচনীৰ দলটোক নেতৃত্ব দিব । এককভাৱে সত্ৰীয়া নৃত্যও প্ৰদৰ্শন কৰিব ভূঞাই ।

Published : January 25, 2026 at 10:10 AM IST
কলিয়াবৰ : সমাগত দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস । যাক লৈ দেশজুৰি প্ৰস্তুতি চলিছে । দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে নগৰ-চহৰ, অনুষ্ঠান-প্ৰতিষ্ঠানত এই দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলিছে । সমান্তৰালকৈ দেশৰ ৰাজধানীত হ'বলগীয়া মূল অনুষ্ঠানৰ বাবেও দেশৰ তিনিওটা সেনা বাহিনীৰ জোৱানৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক দলসমূহো অনুশীলনত ব্যস্ত হৈ আছে ।
এইবাৰ গণৰাজ্য দিৱসৰ কৰ্তব্য পথৰ মূল অনুষ্ঠানত দেশৰ ৰাজ্যসমূহৰ প্ৰতীকপটত অসমৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পকৰ্মইও অসমৰ গৌৰৱোজ্জ্বল শিল্পৰ প্ৰতিনিধিত্ব কৰিব । এই প্ৰতীকপটৰ ওচৰত নৃত্য প্ৰদৰ্শন কৰিব ৮ গৰাকী বিহুৱতীয়ে । এই বিহুৱতীৰ দলটোক নেতৃত্ব দিব কলিয়াবৰৰ দীপশিখা ভূঞাই । লগতে গণৰাজ্য দিৱসৰ ৰঙ্গশালা শিবিৰত এককভাৱে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব দীপশিখাই ।
এই সন্দৰ্ভত দীপশিখাই কয়, "আমি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ৰঙ্গশালা শিবিৰত আছোঁ । অসমৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পক মূল বিষয় হিচাপে প্ৰতীকপট নিৰ্মাণ হৈছে । প্ৰতীকপটৰ লগত বিহু প্ৰদৰ্শনৰ বাবে আমি ৮ গৰাকী কলা-কুশলী আহিছোঁ । ইয়াৰ লগতে ভাৰতৰ আন আন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন হ'ব য'ত মই সত্ৰীয়া নৃত্য আৰু বাকীসকলে বিহু পৰিৱেশন কৰিব । ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ প্ৰস্তুতি চলি আছে । তাৰে আখৰা চলি আছে ।"

অসমৰ বাবে গৌৰৱৰ খবৰ যে এইবাৰ দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীত অসমৰ টেৰাকোটা শিল্পক প্ৰদৰ্শন কৰা হ'ব । ধুবুৰী জিলাৰ গদাধৰ নৈৰৰ পাৰৰ গৌৰীপুৰৰ আশাৰীকান্দি গাঁৱৰ জি আই টেগ লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত প্ৰদৰ্শিত হ'ব । এই প্ৰতীকপটৰ মাজত থাকিব এটা ডাঙৰ টেৰাকোটা পুতলা, যাৰ চাৰিওফালে আছে বৃত্তাকাৰ আৰ্হিত সজোৱা একোটাকৈ মাটিৰ চাকি । যিয়ে পোহৰ, ধাৰাবাহিকতা আৰু পৰম্পৰাৰ প্ৰতীক হিচাপে এটা দৃশ্যগতভাৱে আকৰ্ষণীয় কেন্দ্ৰবিন্দু গঠন কৰে ।

বিশেষ বাহনত সংস্থাপন কৰা গাঁথনিটোৰ দুয়োকাষে বাঁহৰ বেৰৰ কাষে-কাষে মাটিৰ শৰাই প্ৰদৰ্শিত কৰা হৈছে, যিয়ে অসমৰ প্ৰচুৰ বাঁহৰ সম্পদ আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত ইয়াৰ অৱদানক প্ৰদৰ্শন কৰিছে ।

এই প্ৰতীকপটত লগে-লগে ৮ গৰাকী নাচনীয়ে অসমীয়া সাংস্কৃতিক ধাৰাৰ অন্যতম প্ৰধান আকৰ্ষণ বিহু প্ৰদৰ্শন কৰিব । এই দলটোৰ মূল দায়িত্বত আছে কলিয়াবৰৰ দীপশিখা ভূঞা । এগৰাকী সত্ৰীয়া নৃত্যাঙ্গনাৰ লগতে সত্ৰীয়া নৃত্যৰ গৱেষক ছাত্ৰী দীপশিখাই গণৰাজ্য দিৱসৰ ৰঙ্গশালা শিবিৰত সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব । ৰঙ্গশালা শিবিৰত পৰিৱেশন হ'বলগীয়া বিশেষ নৃত্য সংৰচনাত অসমৰ সত্ৰীয়া নৃত্যৰ লগতে যোগ আৰু দেশৰ কেইবাটাও নৃত্য পৰিৱেশন কৰিব দেশৰ ভিন্ন স্থানৰ কলা-কুশলীয়ে । এককভাৱেও সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব বুলি জনাইছে কলিয়াবৰৰ যুৱ প্ৰতিভা দীপশিখাই । দীপশিখা ভূঞা বৰ্তমান গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্য পথৰ লগতে ৰঙ্গশালা শিবিৰৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ।
লগতে পঢ়ক :ময়ুৰপংখী নাওৰূপে কৰ্তব্যপথত প্ৰদৰ্শিত হ’ব অসমৰ আশাৰীকান্দিৰ প্ৰসিদ্ধ টেৰাকোটা শিল্প

