ETV Bharat / state

মনত আছেনে, ৰং-বিৰঙী গৰম কাপোৰেৰে ভৰা ভূটীয়া বজাৰৰ কথা ?

অনলাইন বজাৰ, বৃহৎ বৃহৎ শ্বপিং মল, আধুনিকতাৰ জাকজমকতাৰ সময়ত বৰ্তমান কিদৰে চলি আছে গুৱাহাটীৰ ভূটীয়া বজাৰ । এই সম্পৰ্কে এক বিশেষ প্ৰতিবেদন ।

Bhutiya Market in Guwahati for the sale of various types of winter clothes
ৰং-বিৰঙী গৰম কাপোৰেৰে ভৰা ভূটীয়া বজাৰৰ কথাৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 7:19 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বহুতৰে বাবে এতিয়া নষ্টালজিয়া হোৱাৰ পথত শীতৰ সময়ত দেখা পোৱা এখন বিশেষ বজাৰ । এটা সময়ত শীত অহাৰ পূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহিছিল এনেধৰণৰ বজাৰ । ৰং-বিৰঙী গৰম কাপোৰৰ সম্ভাৰ লৈ বজাৰখনত দেখা গৈছিল কেইজনমান বিশেষ মানুহ । শীতৰ সময়ত গুৱাহাটী মহানগৰবাসীৰ বাবেও আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু আছিল ভূটীয়া বজাৰ তথা ভূটীয়া মাৰ্কেট ।

শীতৰ আৰম্ভণিৰ লগে লগে গৰম কাপোৰৰ মেটমৰা সম্ভাৰ লৈ গুৱাহাটীলৈ আহে নেপালৰ ব্যৱসায়ীসকল । চুৱেটাৰ, জেকেট, মাফলাৰ, চুৰিদাৰ, শিশুৰ বিভিন্ন প্ৰকাৰৰ গৰম কাপোৰ পোৱা যায় এই বজাৰখনত । এক দাম আছিল যদিও সেই বজাৰত দেখা গৈছিল অভাৱনীয় ভিৰ । কিন্তু এতিয়া সেয়া যেন অতীত হোৱাৰ পথত । ভূটীয়া বজাৰত এতিয়াও বহুজন যায় যদিও পূৰ্বৰ তুলনাত নগন্য । অনলাইন বজাৰ, শ্বপিং মল আদিৰ পয়োভৰে যেন পেলাইছে প্ৰভাৱ ।

বৰ্তমান কিদৰে চলি আছে গুৱাহাটীৰ ভূটীয়া বজাৰ (ETV Bharat Assam)

বজাৰখনৰ ব্যৱসায়ীসকলে জনোৱা অনুসৰি, গুৱাহাটীত ঠাণ্ডা কমি যোৱাৰ উপৰিও অনলাইন মাৰ্কেট, শ্বপিং মল আদিয়ে তেওঁলোকৰ এই ব্যৱসায়ত পেলাইছে ব্যাপক প্ৰভাৱ । ক'ভিডৰ পিছৰে পৰা ৫০ শতাংশতকৈ অধিক বিক্ৰী কমিছে তেওঁলোকৰ । যাৰ ফলত বজাৰখনলৈ অহা ব্যৱসায়ীৰ সংখ্যাও কমি গৈছে ।

Bhutiya Market in Guwahati for the sale of various types of winter clothes
ভূটীয়া বজাৰত উপলব্ধ বিভিন্ন কাপোৰ (ETV Bharat Assam)

এই সন্দৰ্ভত বজাৰখনলৈ অহা এজন ব্যৱসায়ীয়ে কয়,"আমি আগতে ৩০-৩৫ জন ব্যৱসায়ী ১৯৯০-৯২ চনৰ পৰা অক্টোবৰত নেপালৰ পৰা বিভিন্ন গৰম কাপোৰ লৈ গুৱাহাটীলৈ আহি আছোঁ । আগতে নৱেম্বৰ-ডিচেম্বৰত ঠাণ্ডা অধিক হৈছিল । কিন্তু বৰ্তমান ডিচেম্বৰ-জানুৱাৰীত ঠাণ্ডা পৰে সেয়েহে এতিয়া নৱেম্বৰৰ পৰা মাৰ্চৰ প্ৰথম সপ্তাহলৈ থাকোঁ ।"

Bhutiya Market in Guwahati for the sale of various types of winter clothes
ভূটীয়া বজাৰত উপলব্ধ বিভিন্ন গৰম কাপোৰ (ETV Bharat Assam)

তেওঁ পুনৰ কয়,"বৰ্তমান ৪-৫ জনহে নেপালৰ লগতে ভাৰতৰ বিভিন্নধৰণৰ গৰম কাপোৰ বিক্ৰীৰ বাবে গুৱাহাটীলৈ আহিছে । গুৱাহাটীত ঠাণ্ডা কমি যোৱাৰ লগতে অনলাইন শ্বপিং, শ্বপিং মল আদিৰ বাবে সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আমাৰ কাপোৰৰ বিক্ৰী কমি গৈছে । অসমৰৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ পৰা গ্ৰাহক আহে যদিও গুৱাহাটীৰ স্থানীয় গ্ৰাহকৰ সংখ্যা একেবাৰে কমি গৈছে ।"

আন এজন ব্যৱসায়ীয়ে কয়,"ক'ভিডৰ পিছৰে পৰা আমাৰ ব্যৱসায় ৫০ শতাংশৰো অধিক হ্ৰাস পাইছে । যিসকল আমাৰ নিয়মীয়া গ্ৰাহক, সেইসকলে প্ৰতি বছৰে আমাৰ পৰা কাপোৰ নিবলৈ আহে । কিয়নো আমাৰ কাপোৰবোৰ উন্নতমানৰ লগতে ফেশ্বনেবল হয় । আগতে আমাৰ ফিক্সড দাম আছিলে বাবে গ্ৰাহকে আপত্তি কৰাৰ ফলত বৰ্তমান অলপ দাম কম কৰা হয় । এইবাৰো নৱেম্বৰৰ পৰা গৰম কাপোৰ বিক্ৰী কৰি আহিছোঁ । এইবাৰ বৰ্তমানলৈ গ্ৰাহকৰ সঁহাৰি ঠিকেই আছে ।"

লগতে পঢ়ক: শ্বহীদ প্ৰণামো তোমাক ! বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র'

সৰিয়হৰ হালধীয়া ৰঙে পাহৰাইছে বানে দিয়া বেথাৰ কথা