ওফন্দি উঠিছে ভোগদৈ: বাঢ়নী পানীত বুৰিল যোৰহাটৰ কেবাটাও অঞ্চল, মাজুলী-যোৰহাট ফেৰীসেৱা বন্ধ
ভোগদৈৰ বাঢ়নী পানীত বুৰিল যোৰহাট ৷ জলমগ্ন কেবাটাও বাসগৃহ ৷ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই ৷

Published : July 20, 2026 at 10:05 AM IST
যোৰহাট/ মাজুলী : উজনিত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নদীৰ পানী দেওবাৰে নিশা মাথাউৰি ওপৰেৰে বোৱাত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
বিশেষকৈ নিশাই যোৰহাট পৌৰসভা ১৯ নং বাৰ্ডৰ অন্তৰ্গত বৃহৎ বৰিগাঁও অঞ্চললৈ প্ৰৱল হাৰত পানীত সোমাই অহাত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটো, বুৰ গৈছে কেবাটাও বাসগৃহ । যিকোনো সময়তে ভোগদৈৰ মাথাউৰি ভাঙি যোৱা আশংকা কৰিছে স্থানীয় লোকে । লগতে ঠায়ে ঠায়ে বিদ্যুৎ যোগানো বিচ্ছিন্ন নৈ পৰিছে ৷
নিশাই ভোগদৈ মাথাউৰি ৰক্ষা কৰিবলৈ স্থানীয় লোকৰ লগতে জিলা প্ৰশাসন তৎপৰ হৈ পৰে । উক্ত স্থানত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে অন্য উদ্ধাৰকাৰী দলসমূহ উপস্থিত হৈ বানত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰে ৷
ইফালে নিশাই উক্ত স্থানত উপস্থিত হয় বিজেপি নেতা শান্তনু পূজাৰী ৷ বান পৰিস্থিতি নিজেই পৰিদৰ্শন কৰি তেওঁ কয়, ‘‘১৯৮৮ চনত পাছত এনেকৈ প্ৰথমবাৰৰ বাবে ভোগদৈ ভয়াৱহ হৈ উঠিছে ৷ নগা পাহাৰত হৈ থকা বৰষুণৰ ফলত ভোগদৈলৈ পানী বাগৰি আহিছে ৷ যাৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷’’
#WATCH | Jorhat, Assam: A local says, "The condition of the embankment in Jorhat is currently dire... We are witnessing a situation where lakhs of homes are submerged, and vast tracts of agricultural land have been destroyed or severely damaged. If the embankment's condition… https://t.co/jWOsObkBpK pic.twitter.com/t7GWraj8D2
— ANI (@ANI) July 20, 2026
তেওঁ আৰু কয়, ‘‘ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আদি কৰি উদ্ধাৰকাৰী দলে মথাউৰি ৰক্ষা কৰা বাবে চেষ্টা চলাই আছে ৷ জিলা প্ৰশাসনৰ সকলো বিষয়া ইয়াত আহি উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰি আছে ।’’ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে তেওঁ সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে ৷
আনহাতে, যোৱা কেইবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পাইছে । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে মাজুলী- -নিমাতী ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে ফেৰী ৰখোৱা ৰেম্পসমূহ, যাৰ বাবে এই ফেৰী সেৱা বন্ধ কৰিবলগীয়া হৈছে । ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে মাজুলীবাসীৰ সৈতে দক্ষিণপাৰৰ লগত সংযোগ বিচ্ছিন্ন হৈছে ।
আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে, যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত ফেৰী সেৱা বন্ধ কৰি ৰখা হৈছে । তেওঁ কয়, ‘‘কমলাবাৰী ঘাটৰ পৰা ফেৰী যাব পাৰিলেও নিমাতীৰ দিশে ফেৰী ৰখোৱাৰ কোনো সুবিধা নাই ৷ যাৰ বাবে বন্ধ কৰিবলগীয়া হৈছে মাজুলী-কমলাবাৰী ফেৰী সেৱা ।’’

