ETV Bharat / state

বিশুদ্ধ মৌজোলৰ সোৱাদ ল'ব বিচাৰে নেকি ? আহক মাজুলীৰ এইখন ঘৰলৈ

মাজুলীৰ মুদৈবিলৰ ভীমকান্ত শইকীয়া বিগত ২০ বছৰ ধৰি মৌপালনৰ লগত জড়িত হৈ আছে ।

Majuli beekeeper Bhimkant Saikia
২০ বছৰ ধৰি মৌপালনৰ লগত জড়িত মাজুলীৰ ভীমকান্ত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 2:03 PM IST

4 Min Read
Choose ETV Bharat

মাজুলী : বিশুদ্ধ মৌৰ ৰস বিচাৰি ফুৰিছে নেকি ? যদি ফুৰিছে তেন্তে আপুনি আৰু বিশুদ্ধ মৌৰ ৰস বিচাৰি হাবাথুৰি খাব নালাগে । আহক সত্ৰ নগৰী মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াৰ ঘৰলৈ । নিজৰ ঘৰতে মৌপালন কৰি বিশুদ্ধ মৌৰ ৰস তৈয়াৰ কৰি আহিছে এইগৰাকী ভীমকান্ত শইকীয়াই ।

যিসময়ত কৰ্মসংস্থাপন বিচাৰি নিজৰ ঘৰ, নিজৰ আপোন মানুহখিনিক এৰি নিজৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰলৈ বহু যুৱক-যুৱতী ঢাপলি মেলিছে, সেই সময়তে মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়া নামৰ লোকজনে মৌপালন কৰি পৰিয়াল পোহপাল দি আহিছে । মুদৈবিলৰ এইগৰাকী লোক মাজুলীৰ প্ৰথমজন মৌমাখি পালক আৰু আজিৰ তাৰিখত একমাত্ৰ মৌপালক ।

২০ বছৰ ধৰি মৌপালনৰ লগত জড়িত মাজুলীৰ এজন ব্যক্তি (ETV Bharat Assam)

বিগত ২০ টা বছৰে মৌপালনৰ লগত জড়িত এইজন লোক । এইগৰাকী ভীমকান্ত শইকীয়া মৌপালনেৰে স্বাৱলম্বী হোৱাৰ লগতে আজিৰ প্ৰজন্মৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস । বৰ্তমান এইগৰাকী লোকৰ আছে প্রায় ৩০ বাহ মৌ ।

মৌপালনৰ জৰিয়তে আজিৰ তাৰিখত তেওঁ নিজৰ পৰিয়াল সুন্দৰভাৱে চলাই নিবলৈ সক্ষম হৈছে । এইগৰাকী লোকে সংবাদ মাধ্যমৰ আগত জনোৱা মতে প্ৰথম অৱস্থাত তেওঁ নিজে এটা মৌ ৰাখিব পৰা বাকচ তৈয়াৰ কৰি হাবিৰ পৰা এবাহ মৌ ধৰি আনে আৰু তেতিয়াৰে পৰা আজি ২০ বছৰে মৌপালনৰ লগত জড়িত হৈ আছে ।

আজিৰ তাৰিখত তেওঁৰ ঘৰত প্ৰায় ৩০ বাহ মৌ আছে । তেওঁ জনোৱা মতে তেওঁ সম্পূৰ্ণ বিশুদ্ধভাৱে মৌৰস তৈয়াৰ কৰে । তেওঁ তৈয়াৰ কৰা মৌৰস মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

অসমৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁৰ ঘৰৰ পৰা নিজে আহিও এই মৌৰস ক্ৰয় কৰি নিয়ে বুলি তেওঁ কয় । আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী সদস্য হৈছে ভীমকান্ত শইকীয়া । এইগৰাকী লোকে বিভিন্ন সময়ত বিভিন্ন লোকক কৃষি বিশ্ববিদ্যালয়ত মৌপালনৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ লগতে মাজুলীৰ বিভিন্ন ঠাইতো মৌপালনৰ প্ৰশিক্ষণ দিয়াৰ কথা জানিবলৈ দিয়ে ।

Majuli beekeeper Bhimkant Saikia
২০ বছৰ ধৰি মৌপালনৰ লগত জড়িত মাজুলীৰ ভীমকান্ত শইকীয়া (ETV Bharat Assam)

ইফালে মৌপালনৰ বাবে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই বুলিও আক্ষেপ কৰে ভীমকান্ত শইকীয়াই । তেওঁ কয়, "চৰকাৰৰ ফালৰ পৰা কেৱল মৌৰ বাকচকেইটা দিয়ে আৰু বেলেগ একো পোৱা নাই । চৰকাৰে অলপ সহায় কৰক ।"

ইফালে যদি চৰকাৰৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়ায় তেতিয়া আগন্তুক থকা দিনত অসমৰ ভিতৰত এখন ডাঙৰ মৌৰ ফাৰ্ম তৈয়াৰ কৰাৰ ইচ্ছা তেওঁৰ । লগতে ফাৰ্ম খনত মাজুলীৰ ৫০ জন যুৱকে সংস্থাপন ল'ব পাৰিব বুলিও আশা ব্যক্ত কৰে ।

তেওঁ লগতে কয় যে আজিৰ তাৰিখত তেওঁৰ মৌৰ লগত ইমানেই ভাল এটা সম্পৰ্ক হৈছে যে মৌ অবিহনে তেওঁ থাকিব নোৱাৰে । তেওঁ খালী গাৰে মৌৰ চাক কাটিলেও মৌমাখিয়ে তেওঁক কোনো অপকাৰ নকৰে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে এটা সময়ত অষ্ট্ৰেলিয়ান মৌ পুহিবৰ বাবে প্ৰায় ৩০০ বাহ আনিছিল আৰু মুদৈবিল গাঁৱৰ প্ৰতিঘৰ লোকক তাৰে এটাকৈ বাহ দিছিল । কিন্তু কোনেও ৰাখিব নোৱাৰিলে । কিয়নো এই মৌ মাজুলীত নাথাকে ।

Majuli beekeeper Bhimkant Saikia
২০ বছৰ ধৰি মৌপালনৰ লগত জড়িত মাজুলীৰ ভীমকান্ত শইকীয়া (ETV Bharat Assam)

তেওঁৰ ওচৰত বৰ্তমান খোৰঙীয়া প্ৰজাতিৰ মৌ আছে বুলি জানিবলৈ দিয়ে । সৰিয়হ আৰু তিল ফুলিবৰ সময় হোৱাৰ লগে লগে এই মৌৰ ৰস অধিক উৎপাদন হয় বুলি জানিবলৈ দিয়ে । লগতে তেওঁ অসমৰ বিভিন্ন প্ৰান্তত গৈ পুহিবৰ বাবে মৌৰ বাহ ধৰি দিয়ে বুলিও জানিবলৈ দিয়ে ।

মৌপালক ভীমকান্ত শইকীয়াই কয়, "মই প্ৰথম বাকচ এটা নিজে ঘৰতে বনাই আৰম্ভ কৰিলো । তাৰ পিছত হাবিৰ পৰা এবাহ মৌ ধৰি আনিলোঁ । তাৰ পিছৰ পৰাই এতিয়া ২০ বছৰ হ'ল । ইবাহৰ পৰা সিবাহকৈ বঢ়াই বঢ়াই এতিয়া ৩০ বাহৰ ওচৰা-ওচৰি হৈছেগৈ ।"

মৌৰ উপকাৰিতাৰ কথা উল্লেখ কৰি তেওঁ কয়, "বেমাৰ-আজাৰৰ পৰা মৌজোল বৰ উপকাৰী । যি বেমাৰেই নহওক সকলোতে মৌজোল বৰ উপকাৰী । মই গুৱাহাটীতো মৌজোল দিছো । তাৰ উপৰি ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, শিৱসাগৰ, লখিমপুৰ আদিত দিছো । মোৰ ঘৰৰ পৰাও নিয়ে আহি তেওঁলোকে ।"

লগতে পঢ়ক :মাংগালুৰুত মঙলদৈৰ জেহেৰুলৰ জনপ্ৰিয়তা দেখিলে আপুনিও আচৰিত হ'ব !
লগতে পঢ়ক :জুবিনৰ অন্তিমটো প্ৰজেক্ট - অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামাৰ ট্ৰেইলাৰ মুকলি