ETV Bharat / state

জুবিনবিহীন ভোগালী, জুবিনময় ভেলাঘৰ

জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী উদযাপনৰ বাবে সাজু হৈছে অসমবাসী । জুবিন গাৰ্গৰ স্মৃতিত প্ৰাণৰ শিল্পীগৰাকীৰ মুখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ ।

Bhela Ghar made in the shape of Zubeen Garg's face in Raha
জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 2:39 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: অসমৰ প্ৰতিগৰাকী লোকৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা চাৰি মাহেই সম্পূৰ্ণ হ'ব ১৯ জানুৱাৰীত । প্ৰিয় শিল্পীগৰাকীক হেৰুওৱাৰ বেদনা বুকুত লৈয়েই জুবিন গাৰ্গ অবিহনে অসমে পাৰ কৰিলে শাৰদীয় উৎসৱ, পাৰ কৰি আছে এটা ইংৰাজী নৱবৰ্ষ । সকলোতে কেৱল যেন শূন্য়তা । সকলোতে অভাৱ অনুভৱ কেৱল জুবিন গাৰ্গৰ ।

ইয়াৰ মাজতে সন্মুখত অসমীয়াৰ হেঁপাহৰ ভোগালী । জুবিন গাৰ্গ অবিহনে বিহু উদযাপন কল্পনাতীত আছিল অসমীয়াৰ বাবে । কিন্তু এতিয়া জুবিন গাৰ্গ অবিহনেই প্ৰথমটো ভোগালী উদযাপনৰ বাবে সাজু হৈছে অসমবাসী । প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱাৰ বেদনা লৈয়েই ভোগালী উদযাপনৰ বাবেও অসমবাসী সাজু হৈছে ।

জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ (ETV Bharat Assam)

প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু উদযাপিত হ'ব যদিও সকলোতে যেন এক জুবিনময় পৰিৱেশে বিৰাজ কৰিছে । মহানায়কজনৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ স্মৃতিত জুবিন আৰ্হিত ঠায়ে ঠায়ে নিৰ্মাণ কৰিছে ভেলাঘৰ ।

ৰহাৰ দীঘলদৰি মিলনপুৰত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ চলি আছে ভেলাঘৰৰ । ৰহাৰ দীঘলদৰি মিলনপুৰৰ ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত ৬ খন গাঁৱৰ ১৪ জন যুৱকে নিৰ্মাণ কৰি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখ মণ্ডলৰ আৰ্হিৰে ৩০ ফুট উচ্চতাৰ ভেলাঘৰ । লগতে নিৰ্মাণ কৰিছে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰৰ আৰ্হি ।

Bhela Ghar made in the shape of Zubeen Garg's face in Raha
সোণাপুৰস্থিত সমাধি ক্ষেত্ৰও ৰখা হৈছে তাত (ETV Bharat Assam)

হুবহু জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত নিৰ্মাণ কৰি আছে ভেলাঘৰ । লগতে ভোগালীত জুবিন গাৰ্গত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্যেশ্যে প্ৰিয় শিল্পীগৰাকীৰ মুখমণ্ডলৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰৰ কাষতে নিৰ্মাণ কৰি আছে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰ । জুবিন গাৰ্গৰ বিশেষ স্মৃতিত নিৰ্মাণ কৰা ভোগালী উৎসৱৰ ইতিমধ্যে ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে ।

Bhela Ghar made in the shape of Zubeen Garg's face in Raha
নিৰ্মাণ কৰি থকা হৈছে গীটাৰ (ETV Bharat Assam)

উল্লেখযোগ্য যে, ভেলাঘৰটো কেৱল প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা বুলি উল্লেখ কৰে ৰাজীৱ জ্যোতি নাথে । এই সন্দৰ্ভত ৰাজীৱ জ্যোতি নাথে কয়,"জুবিন দাৰ স্মৃতিত আমি এইবাৰ ভোগালী উদযাপনৰ ব্যৱস্থা কৰিছোঁ । ডিচেম্বৰ মাহৰ পোন্ধৰ তাৰিখেই আমি লাইখুঁটা স্থাপন কৰিছিলোঁ । বহুতে হয়তো সোণাপুৰলৈ গৈ জুবিন দাক সেৱা কৰাৰ সুযোগ পোৱা নাই । সেইসকলৰ বাবে আমি ইয়াতেই জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, যাতে ইয়াতো দাদাক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব । লগতে মূল প্ৰৱেশদ্বাৰতে দুখন গীটাৰৰ আৰ্হি ৰখাৰো ব্যৱস্থা কৰিছোঁ । জুবিন দাই ভালপোৱা বগলীকে আদি কৰি প্ৰায় বিধেই ইয়াত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম ।"

Bhela Ghar made in the shape of Zubeen Garg's face in Raha
জুবিন গাৰ্গৰ সকলো দিশেই তুলি ধৰাৰ চেষ্টা (ETV Bharat Assam)

বাঁহ আৰু নৰা ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা বুলিও উল্লেখ কৰে ৰাজীৱ জ্যোতি নাথে । বিহুৰ দিনা এই ভেলাঘৰ জ্বলাই দিয়াৰ বিপৰীতে পৰৱৰ্তী সময়ত স-সন্মানেৰে সকলো খুলি পেলোৱা হ'ব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাই ।

লগতে পঢ়ক: কংগ্ৰেছৰ বিড়ম্বনা ! 'ৰাইজৰ পদূলি'ত গৈ পৰামৰ্শ ল'লে ঠিকেই, পিছে পৰামৰ্শৰ বাকচকেইটাই এৰি থৈ আহিল

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ: আধাৰশিলা অনুষ্ঠান বৰ্জন কৰি প্ৰতিবাদত নামিব অধিবক্তা সমাজ