ব্যতিক্ৰমী আৰু ৰাজকীয় চখ : দেশ-বিদেশৰ মুদ্ৰাৰ বিশাল সাম্ৰাজ্য গঢ়ি তোলা ভাৰত বাগাদিয়াৰ কথাৰে....
এক ব্যতিক্ৰমী সংগ্ৰহালয়ৰ গৰাকী গুৱাহাটীৰ ভাৰত বাগাদিয়া । তেওঁৰ ওচৰত ভাৰতৰ লগতে বিশ্বৰ ১০০ ৰো অধিক দেশৰ মুদ্ৰা আৰু নোট আছে ।

Published : June 11, 2026 at 9:02 PM IST
গুৱাহাটী: সৰুতে পিতৃৰ হাতৰ পৰা লাভ কৰা কেইটামান মুদ্ৰাই জন্ম দিছিল এটা ব্যতিক্ৰমী সপোনৰ । সেই সময়ত তেওঁ আছিল এজন স্কুলীয়া ছাত্র । কিন্তু এতিয়া তেওঁ এজন জ্যেষ্ঠ নাগৰিক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী । পিতৃৰ পৰা লাভ কৰা মুদ্ৰাকেইটাৰে শৈশৱত দেখা সেই সপোনে আজি এক বিশাল পৰিসৰ লাভ কৰিলে । সেই সপোনৰ আলম লৈ আজি তেওঁ গঢ়ি তুলিলে মুদ্ৰাৰ এক বিশাল সাম্ৰাজ্য । নিজৰে হিচাপ নাই কিমান মুদ্ৰা আছে । বিশ্বৰ শতাধিক ৰাষ্ট্ৰৰ ঐতিহাসিক তথা প্ৰচলন বন্ধ হোৱা আৰু প্ৰচলিত বহু মুদ্ৰাৰ ভাণ্ডাৰ আছে তেওঁৰ সংগ্ৰহত ।
কেৱল মুদ্ৰা সংগ্ৰহ কৰাই নহয় দেশ-বিদেশৰ মুদ্ৰাৰ ইতিহাস আৰু বিভিন্ন দিশ তেওঁৰ নখ দৰ্পণত আছে । নাম তেওঁৰ ভাৰত বাগাদিয়া । ঘৰ গুৱাহাটীৰ ধীৰেণপাৰাত । ব্যৱসায় গুৱাহাটীৰ ভৰলুমুখত । ঐতিহাসিক মুদ্ৰা সংৰক্ষণ কৰাটো তেওঁৰ চখ । বছৰ বছৰ তেওঁ সংগ্ৰহ কৰিছে ভিন্ন সময়ৰ দেশী আৰু বিভিন্ন বিদেশৰ মুদ্ৰা আৰু নোট । এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে নিজৰ চখক পূৰ্ণতা প্ৰদান কৰা ভাৰত বাগাদিয়াৰে হোৱা ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
কিদৰে আৰম্ভ হৈছিল মুদ্ৰা সংগ্ৰহৰ যাত্রা ?
মুদ্ৰাৰ এই যাত্রাৰ আৰম্ভণি সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "সৰুতে দেউতাৰ হাতত থকা ব্ৰিটিছৰ দিনৰ মুদ্ৰা মই দেখা পাই তেওঁক বিচাৰিছিলোঁ । কিন্তু প্ৰথমতে তেওঁ দিয়া নাছিল । তাৰ পিছত প্ৰায়ে বহুত কৈ থকাত এদিন তেওঁ মোক কেইটামান মুদ্ৰা দিয়ে । সেইটো ১৯৮০ চন মানৰ কথা । মই তেতিয়া স্কুলীয়া ছাত্র । দেউতাই মুদ্ৰাখিনি দিয়ে যদিও কাকো নেদেখুৱাবলৈ কয় । কাৰণ তেতিয়া সেইবোৰ মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ গৈছিল । দেউতাই দিয়া মুদ্ৰাবোৰত এক আনা, দুই আনা আদি বিভিন্ন পুৰণি মুদ্ৰা আছিল । সেয়া আছিল টাৰ্ণিং পইণ্ট । তেতিয়া মোৰ মনলৈ মুদ্ৰা সংগ্ৰহ কৰি জমা ৰখাৰ ধাৰণা এটা মনলৈ আহিল আৰু সেইদৰেই ইয়াৰ যাত্রা আৰম্ভ হৈছিল । তেতিয়াৰ পৰাই মুদ্ৰা জমা ৰখা আৰম্ভ কৰো ।"

চখ হিচাপে আৰম্ভ হ'ল মুদ্ৰা সংগ্ৰহৰ যাত্রা :
এই সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "দেউতাই দিয়াৰ পিছত মুদ্ৰা জমা কৰি গৈছিলো যদিও এই প্ৰক্ৰিয়াই গতি লাভ কৰে ২০০৪ চনত । ২০০৪ চনৰ পৰা মুদ্ৰা সংগ্ৰহ কৰাটো মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰে । এইক্ষেত্রত অধ্যয়ন কৰি ইয়াৰ ভিতৰত প্ৰৱেশ কৰি বহু কথা জানিব পাৰিলো । গম পালো যে ভাৰতত চাৰিটা মিণ্ট আছে । তাৰ পিছত লগে লগে মোৰ মুদ্ৰা সংগ্ৰহ বৃদ্ধি পাবলৈ ধৰিলে । ২০০৪ চনৰ পৰা মই সক্ৰিয়ভাৱে জড়িত হৈ পৰো আৰু মুদ্ৰাৰ যথেষ্ট সংগ্ৰহ নিজৰ ওচৰত জমা কৰিবলৈ সক্ষম হ'লো ।"
মুদ্ৰাৰ সংগ্ৰহ আৰু ইয়াৰ আঁৰৰ দিশ :
নিজৰ সংগ্ৰহৰ সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "ব্ৰিটিছৰ দিনৰ মুদ্ৰাবোৰ ৰূপত আছিল আৰু এইবোৰ বহু মাৰোৱাৰী মানুহৰ হাতত আছিল । আমাৰ ঘৰতো আছিল । মই মাৰ পৰা পাইছিলোঁ ৰূপৰ মুদ্ৰা । সেইবোৰ ৰজাৰ মুদ্ৰা আছিল । ভাৰতীয় মুদ্ৰাৰ লগতে মই বিদেশী মুদ্ৰা আৰু নোট সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰোঁ । ২০০৮ চন মানৰ পৰা মই বিদেশী মুদ্ৰা আৰু নোট সংগ্ৰহ কৰোঁ । এলবাম বনাই মুদ্ৰা আৰু নোট সংৰক্ষণ কৰা আৰম্ভ কৰিলোঁ । যিমানেই ইয়াৰ ভিতৰলৈ সোমাই গ'লো সিমানেই ইয়াৰ বিশালতা অনুভৱ কৰিব ধৰিলোঁ । দেখিলো এইটো এক বিশাল ক্ষেত্র । যাৰ বাবে ইয়াক কোৱা হয় 'কিং অৱ হ'বিচ এণ্ড হ'বিচ অৱ কিং' । অৰ্থাৎ এইটো ৰজাৰ হ'বি আছিল । সাধাৰণ মানুহৰ বাবে সহজ নহয় । কিন্তু মোৰ বাবে এইটো একপ্ৰকাৰ 'জুনুন' হৈ পৰিছিল । চখ পূৰণ কৰিবলৈ মই লাহে লাহে আগুৱাই গৈছিলোঁ । মই অত্যন্ত বিৰল মুদ্ৰাৰ পিছত দৌৰা নাছিলো । কাৰণ সেইবোৰৰ বাবে যথেষ্ট ব্যয় কৰিব লাগে । যি পাইছোঁ তাকে ৰাখিছোঁ । মোৰ ওচৰত আহোম মুদ্ৰা, অশোক মুদ্ৰা, হায়দৰাবাদ মুদ্ৰা আদি বিভিন্ন পুৰণি মুদ্ৰা আছে ।"

দেশ-বিদেশৰ মুদ্ৰাৰ ভাণ্ডাৰ :
মুদ্ৰাৰ সংগ্ৰহ সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "ভাৰতীয় মুদ্ৰা মোৰ ওচৰত ১৮০০ চনৰ পৰা আছে । ব্ৰিটিছ ইণ্ডিয়া আৰু তাৰ আগৰ মুদ্ৰাও আছে । পুৰণি বহুত মুদ্ৰা আছে । আহোম ৰজাৰ দিনৰ মুদ্ৰা দুটা আছে । বৰ্তমান মোৰ ওচৰত ১৫০ খনৰো অধিক ৰাষ্ট্ৰৰ মুদ্ৰা আৰু নোট আছে । প্ৰায় ৪৫ খন মান ৰাষ্ট্ৰৰ প্লাষ্টিক নোট মোৰ ওচৰত আছে । ভাৰতৰ ৰজাদিনীয়া মুদ্ৰা মোৰ ওচৰত আছে । ইষ্ট ইণ্ডিয়া কোম্পনীৰ দিনৰ আছে । নতুন পুৰণি সকলো মুদ্ৰা আৰু নোট আছে । পুৰণি সোণৰ মুদ্ৰাও আছে । মোৰ সংগ্ৰহত মুঠ হিচাপত কিমান মুদ্ৰা আৰু নোট আছে সেইটো মই কেতিয়াও হিচাপ কৰা নাই । কাৰণ এইটো এটা বিশাল সংগ্ৰহ । সেইটো হিচাপ ৰখাটো সহজ নহয় ।"

কিদৰে সংগ্ৰহ কৰে বিদেশী ৰাষ্ট্ৰৰ মুদ্ৰা আৰু নোট ?
মুদ্ৰা আৰু নোট সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "এইক্ষেত্রত প্ৰথম হৈছে মোৰ আত্মীয়-স্বজন । মোৰ নিজৰ বিদেশত যোৱাৰ বাবে পাছপ'ৰ্ট নাই যদিও আত্মীয়-স্বজন বিদেশলৈ গ'লে তেওঁলোকক আনিবলৈ কৈ দিও । সকলোৱে মোৰ চখ তথা সংগ্ৰহৰ কথা জানে । তেওঁলোক গ'লে লৈ আহে । দ্বিতীয়তে হৈছে ডিলাৰ । বিশ্বাসযোগ্য ডিলাৰৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰৰ প্ৰচলন বন্ধ হোৱা আৰু প্ৰচলিত মুদ্ৰা আৰু নোট সংগ্ৰহ কৰোঁ । ইয়াৰ বাবে তেওঁলোকে প্ৰিমিয়াম লয় । অলপ বেছি মূল্য দিবলগীয়া হয় । মই মোৰ এই চখ পূৰণৰ বাবে কিমান টকা ব্যয় কৰিছোঁ সেইটো মই কেতিয়াও হিচাপ কৰা নাই । কেৱল সংগ্ৰহ কৰি গৈছোঁ । মোৰ ওচৰত বৰ্তমান ৪ হাজাৰৰো বেছি বিভিন্ন মুদ্ৰা আছে ।"

নিজৰ সংগ্ৰহৰ নিজাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা :
ঐতিহাসিক মুদ্ৰা আৰু নোট সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ সমান্তৰালভাৱে ভাৰত বাগাদিয়াই নিজাকৈ গুৱাহাটীত অনুষ্ঠিত কৰি আহিছে প্ৰদৰ্শনী । ভৰলুমুখত থকা নিজা ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰতি দেওবাৰে অনুষ্ঠিত কৰে একোখন প্ৰদৰ্শনী । বিগত কিছু বছৰ ধৰি তেওঁ এই প্ৰদৰ্শনী কৰি আহিছে । একো একোটা বিষয়বস্তু লৈ তেওঁ এই প্ৰদৰ্শনী অনুষ্ঠিত কৰে । যাতে জনতাই মুদ্ৰাৰ ইতিহাস সম্পৰ্কে জানিব পাৰে । এই সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "অলপতে ব্ৰিটিছ ইণ্ডিয়াক থীম হিচাপে লৈ প্ৰদৰ্শনী কৰা হৈছিল । যাৰ জৰিয়তে হেৰাই যোৱা বহু আপুৰুগীয়া মুদ্ৰা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছিল বহুজনে । ব্ৰিটিছ ভাৰতৰ মুদ্ৰা ব্যৱস্থা আছিল এক জটিল ব্যৱস্থা । বিভিন্ন প্ৰেছিডেন্সিৰ আছিল নিজা নিজা মুদ্ৰা পদ্ধতি । পৰৱৰ্তী সময়ত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায় ভাৰতৰ মুদ্ৰা ব্যৱস্থা । ১৮৬২ চনত ব্ৰিটিছ ইণ্ডিয়ান নোট জাৰি কৰিছিল । য’ত আছিল ব্ৰিটিছ সম্ৰাটৰ ছবি । ব্ৰিটিছ ইণ্ডিয়াক থীমৰূপে লৈ কৰা হৈছিল মুদ্ৰা প্ৰদৰ্শনীখন । সেইদৰে প'লিমাৰ নোটক লৈ প্ৰদৰ্শনী কৰা হৈছিল । শেহতীয়াকৈ যোৱা দেওবাৰে ভাৰতৰ চুবুৰীয়া ৯ খন ৰাষ্ট্ৰৰ মুদ্ৰা আৰু নোটৰ ওপৰত প্ৰদৰ্শনী কৰা হৈছিল । য'ত আছিল বাংলাদেশ, ভূটান, নেপাল, পাকিস্তান, আফগানিস্তান, চীন, ম্যানমাৰ, শ্ৰীলংকা আৰু মালদ্বীপ ।"


নোটৰ আঁৰত বিশেষ চক্ৰৰ ঠগ-প্ৰৱঞ্চনা কিদৰে হয় ?
নোটৰ নামত হোৱা ঠগ-প্ৰৱঞ্চনা প্ৰসংগত ভাৰত বাগাদিয়াই কয়, "ভুৱা নোটৰ আঁৰত এটা চক্ৰ আছে । তেওঁলোকে কেতিয়াও প্ৰচলন নকৰা নোট প্ৰিণ্ট কৰে । তাৰ পিছত দুটা গ্ৰুপ কৰে । এটা গ্ৰুপে বিভিন্ন মানুহৰ ওচৰলৈ গৈ সেই নোট দেখুৱাই তেনে নোট থাকিলে ৫ লাখ-১০ লাখ দিয়াৰ প্ৰলোভন দিয়ে । নিজৰ নম্বৰো দি আহে বা ফোনতো যোগাযোগ কৰে । তাৰ পিছত আহে দ্বিতীয় গ্ৰুপ । তেওঁলোকে সেই মানুহজনৰ ওচৰলৈ গৈ নাইবা যোগাযোগ কৰি সেই নোটৰ কথা কৈ ৫-১০ হাজাৰ টকাত বিক্ৰী কৰাৰ কথা কয় । আগৰ গ্ৰুপটোৱে বহুত দামত ক্ৰয় কৰিব বিচৰা নোট সহজতে লাভ কৰাত বহুতো লোক এই জালত পৰে । পাছত সেই আগৰ গ্ৰুপটোক ফোন কৰে যদিও নাপায় । এনেদৰে ঠগ-প্ৰৱঞ্চনাৰ সন্মুখীন হয় বহু লোক । সেইদৰে পুৰণি মুদ্ৰা ক্ৰয়-বিক্ৰয়ৰ নামটো বহু মানুহ প্ৰৱঞ্চনাৰ সন্মুখীন হয় । বিশেষকৈ সামাজিক মাধ্যমযোগে এনে ধৰণে পুৰণি মুদ্ৰা আৰু নোটৰ নামত বহুতে ঠগ-প্ৰৱঞ্চনাৰ জাল পেলায় । লাখ লাখ টকা দিম বুলি কৈ পঞ্জীয়নৰ নামত টকা সৰকাই নিয়ে । গতিকে এইক্ষেত্রত সকলো সাৱধান হোৱা উচিত । পুৰণি মুদ্ৰা বা নোটৰ এনেদৰে বহু বেছি মূল্য পোৱা নাযায় ।"


ভৱিষ্যৎ পৰিকল্পনা :
ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "এটা ইচ্ছা আছে যে স্কুলে স্কুলে কৰ্মশালা আৰু প্ৰদৰ্শনী কৰি শিক্ষাৰ্থীসকলক মুদ্ৰা আৰু নোটৰ ইতিহাস সম্পৰ্কে অৱগত কৰা । এইক্ষেত্রখন যথেষ্ট বিশাল । সকলোৱে জনা উচিত ।"

বাগাদিয়াৰ এই মুদ্ৰা সংগ্ৰহালয় "হ'বি হাব"লৈ আপুনিও আহিব পাৰে । ভৰলুমুখত থকা এই সংগ্ৰহালয়ত আপুনি বিভিন্ন দেশৰ মুদ্ৰা প্ৰত্যক্ষ কৰাৰ লগতে ইয়াৰ ইতিহাস সম্পৰ্কেও বহু কথা জানিব পাৰিব ।
লগতে পঢ়ক :

