উচ্ছেদিত ভূমিৰ তামোল কোনে কৰিছে অন্তৰ্ধান ?
উৰিয়ামঘাটত এতিয়া নিমাওমাও পৰিৱেশ হ'লেও তামোলৰ মুকলি বেহা চলিছে ।

Published : October 18, 2025 at 8:01 PM IST
সৰুপথাৰ: উজনি অসমৰ বেদখলৰ অভিকেন্দ্ৰ উৰিয়ামঘাটত এতিয়া নিমাওমাও পৰিৱেশ । অসম-নাগালেণ্ড সীমান্তৰ এই বৃহত্তৰ অঞ্চলটোত যোৱা জুলাইত বন বিভাগে চলাইছিল উচ্ছেদ অভিযান । বেদখলকাৰীয়ে সেই স্থান ত্য়াগ কৰিলেও তামোলবাৰী সমূহ আছিল অক্ষত । তামোলেৰে ভৰি থকা এই অঞ্চলটোৰ পৰা এতিয়া ৰহস্য়জনকভাৱে নোহোৱা হ'বলৈ ধৰিছে তামোল । কোনেও নাজানে এই তামোলসমূহ কোনে ক'লৈ নিছে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ পূৰ্বে ড্ৰোণ ভিডিঅ' যোগে প্ৰত্য়ক্ষ কৰা এই তামোলবাৰীসমূহৰ পৰা নিতৌ অন্তৰ্ধান হৈছে তামোল । এককথাত ক'বলৈ গ'লে সৰুপথাৰৰ উৰিয়ামঘাটত উচ্ছেদিত ভূমিত থকা তামোলৰ চলিছে মুকলি বেহা ।
উল্লেখ্য যে চলিত বর্ষৰ ২৯ জুলাইৰ পৰা উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত আৰু দক্ষিণ নামবৰ বনাঞ্চলত অবৈধ দখলকাৰীক উচ্ছেদ কৰিছিল; কিন্তু উচ্ছেদিত লোকসকলে গঢ়ি তোলা সেই তালোমবাৰীসমূহ তেনেকৈয়ে থাকিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত গঢ়ি উঠা তামোলবাৰীসমূহৰ দৃশ্য ড্ৰোণৰ সহায়ৰে চাইছিল । সেই তমোলবাৰীসমূহত এতিয়া একাংশই যেনেকৈ পাৰে তামোলসমূহ বিক্ৰী কৰিবলৈ ধৰিছে । উচ্ছেদিত ভূমিৰ তামোলসমূহ কোনে কেনেকৈ বিক্ৰি কৰিব পাৰিছে ?
প্ৰশাসন, বন বিভাগ থকা স্বত্বেও কেনেকৈ নিজৰ মুনাফাৰ বাবে তামোলসমূহ বিক্ৰী কৰিব পাৰিছে একাংশই তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে । উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ উজনি অসমৰ ভিতৰতেই বৃহৎ অভিযান বুলি চৰ্চা লাভ কৰিছিল । বেদখলকাৰী সকলে ২০০ পৰা ৫০০ বিঘালৈ বনাঞ্চলৰ ভূমি দখল কৰি গঢ়ি তুলিছিল তামোলবাৰীসমূহ । উচ্ছেদৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল এই তথ্য ।

চৰকাৰে বন বিভাগৰ যোগেদি উৰিয়ামঘাটৰ বেদখল কৰা ভূমিত জৰীপ কাৰ্য সম্পন্ন হোৱাৰ পিছতেই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । প্ৰথম-দ্বিতীয় পৰ্যায়ত কেইবা হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিছিল । তাৰ পিছতেই সম্প্ৰতি দেখা গৈছে তামোলবাৰীসমূহৰ পৰা তামোল কিদৰে মুকলিকৈ বিক্ৰী কৰিছে একাংশই । ৰেংমা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমিত থকা তামোলবাৰীৰ ওপৰত নিয়ন্ত্রণ নাই বন বিভাগৰ ।

বন বিভাগ আৰু আৰক্ষীৰ নাকৰ তলেৰে তামোলভৰ্তি গাড়ী পাৰ হোৱাৰ পিছতো দুয়োটা বিভাগৰ মৌনতাই অধিক ৰহস্যময় কৰি তুলিছে বিষয়টো । এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ বিষয়ববীয়া বিকাশ বৰাই কয়, "উচ্ছেদৰ পিছতেই আমি দেখিবলৈ পাইছিলো যে বৃহৎ তামোলবাৰী আছে । সেই তামোলবাৰীসমূহ উচ্ছেদৰ পিছতেই স্থানীয় নিৱনুৱা যুৱকসকলৰ বাবে উপাৰ্জনৰ বাট মুকলি হ'ব বুলি ভাবিছিল; কিন্তু তামোলসমূহ ডাঙৰ হোৱাৰ পিছতেই যিয়েই যেনেকৈ পাৰে তেনেকৈ পাৰিব ধৰিছে । ৰেংমা সীমান্তৰ তামোলবাৰীসমূহ নিৱনুৱা যুৱকসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে দিবলৈ অনুৰোধ জনাইছো ।"

ইপিনে, শেহতীয়াকৈ অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসনক লৈও ছাত্ৰ নেতাজনে মন্তব্য আগবঢ়ায় । চুঙাজানৰ দুৰ্গাপুৰত নগাই অসমীয়া ব্যৱসায়ীক অপহৰণৰ চেষ্টা কৰাক লৈ মন্তব্য কৰে নেতাজনে ।

