জোনাইৰ চাপৰিত ঢেঁকীয়াপতীয়াৰ আতংক, পশুধন নিধন
ঐৰামঘাট ১ নম্বৰ চাপৰিত ঘূৰি ফুৰিছে ঢেঁকীয়াপতীয়া ।

Published : May 22, 2026 at 11:04 AM IST
জোনাই: বনৰজাৰ আতংকই নিদ্ৰাহৰণ কৰিছে জোনাইবাসীৰ । বিগত কেইবাদিন ধৰি বনৰজাৰ বাবে স্থানীয় ৰাইজে ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । ইতিমধ্য়ে বাঘে ভক্ষণ কৰিছে পশুধন ।
জোনাইৰ সীমান্তত থকা ঐৰামঘাটৰ চিয়াং নৈৰ মাজত থকা ১ নং চাপৰিত যোৱা কেইবাদিনৰ পৰা আতংকৰ সৃষ্টি কৰিছে দুটা ঢেকীয়াপটীয়াই । দিন পূৰ্বে এটা গৰু নিধন কৰি ভক্ষণ কৰাত এতিয়া চাপৰিখনত থকা গো পালক সকলৰ মাজত সৃষ্টি হৈছে আতংকৰ ৷ ইপিনে, এই চাপৰিটোত দুটা ঢেকীয়াপটীয়াই বিচৰণ কৰাৰ ছবি বন্দী হৈছে কাষতে থকা অৰুণাচল বন বিভাগৰ কেমেৰাত ৷
এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "তিনিদিন পূৰ্বে বাঘে এটা গৰু কামুৰি টানি নিছে । ঐৰামঘাট ১ নম্বৰ চাপৰিত ১০-১২টা পৰিয়ালৰ গৰু আছে । বাঘত আতংকৰ বাবে আমি শংকিত হৈ পৰিছো । বাঘৰ আতংকৰ বাবে ভৱিষ্য়তৰ কথা চিন্তা কৰিবলগীয়া হৈছে । ইয়াত মানুহ আৰু গৰু থাকিব পাৰিব নে নাই সেই লৈ আমাৰ সন্দেহ হৈছে । বিভাগীয় সোক ইয়ালৈ আহি বাঘৰ খোজ দেখা পাই ঢেকীয়াপটীয়া থকা বুলি নিশ্চিত হৈছে । দুটা ঢেকীয়াপটীয়া থকাৰ সন্দেহ কৰিছে বন বিভাগে । ইয়াত গৰু চৰাবলৈকে ভয় লাগিছে ।"
উল্লেখ্য যে যোৱা ১০ বছৰ ধৰি ঐৰামঘাটৰ ১নং চাপৰিত জোনাইৰ কেমি, ঐৰামঘাট আদিৰ প্ৰায় ১১ টা পৰিয়ালে গৰু-মহ পোহ পালনেৰে চলাই আহিছে পৰিয়াল ৷ উক্ত চাপৰিটোত বাঘে গৰু নিধনৰ খবৰ পোৱাৰ পিছতে বৃহস্পতিবাৰে জোনাই বন বিভাগৰ এটা দলে ১নং চাপৰিত উপস্থিত হৈ বাঘে গৰু নিধন কৰা স্থানত অভিযান চলাই বাঘৰ ভৰিৰ ডাঙৰ চিহ্ন প্ৰত্যক্ষ কৰে । লগতে বাঘে নিধন কৰা গৰুৰ অৱশিষ্ট অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে ৷

এই সন্দৰ্ভত এজন বন বিভাগৰ কৰ্মচাৰীয়ে কয়, "ৰাইজে এই বিষয়ে জনোৱাৰ পিচত আমি গোটেইখিনি পৰীক্ষা কৰিলো । বাঘে গৰুৰ পোলালি এটা নিধন কৰিছে । খোজলৈ চাই বাঘটো ঢেকীয়াপটীয়া বুলি সন্দেহ কৰিছো । পবা বনাঞ্চল নিচেই ওচৰতে থকা বাবে বাঘটো পবালৈকেও যোৱাৰ সম্ভাৱনা আছে । খোজ পোৱা মতে দুটা বাঘ থাকিব পাৰে বুলি সন্দেহ কৰিছো ।"
ইফালে, ১নং চাপৰিত দুটাকৈ বাঘে প্ৰৱেশ কৰি ভক্ষণ কৰাত তাত থকা গো-পালকসকলে এতিয়া শংকিত হৈ পৰিছে ৷ বছৰ বছৰ ধৰি তাত গো-পালনেৰে কোনোমতে পৰিয়াল পোহপাল দিয়া গো-পালকসকলে জিলা বন বিভাগক উক্ত চাপৰিৰ পৰা বাঘ দুটা আঁতৰাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷
ইফালে, এনেদৰে ঢেকীয়াপটীয়া জোনাইৰ কবু চাপৰি, ঐৰামঘাটৰ ১নং চাপৰি আদিত বিচৰণ কৰালৈ লক্ষ্য কৰি কাষতে থকা পবা বনাঞ্চলত ৰাইজক জধে-মধে প্ৰৱেশ নকৰিবলৈ আহ্বান জনাইছে জোনাই বন বিভাগে ৷
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ ভয়ংকৰ তথ্য, জলবায়ু পৰিৱৰ্তনে আচৰণ সলনি কৰিছে বন্য জন্তুৰ !
জংঘল এৰি ৰাস্তাত গম্ভীৰ খোজেৰে আগে আগে চিতা, পিছে পিছে মোবাইল লৈ ফটো তোলোতা

