মন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে নাহৰৰ পুলি ৰোপণ নীলিমা দেৱীৰ
সদৌ অসম গৰিয়া-মৰিয়া জাতীয় পৰিষদৰ উদ্যোগত আয়োজিত বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ নীলিমা দেৱীৰ ।

Published : June 5, 2026 at 1:11 PM IST
মঙলদৈ: আজি বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে । অৱশ্যে মঙলদৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা নীলিমা দেৱীৰ বাবে আজিৰ দিনটো বিশেষ । কাৰণ আজিৰ এই বিশেষ দিনটোতে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে শপত ল'ব নীলিমা দেৱীয়ে ।
মন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে শ্বহীদ মোজাম্মিল হক ক্ষেত্ৰত এটি নাহৰৰ পুলি ৰোপণ কৰিলে নীলিমা দেৱীয়ে । গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হককো স্মৰণ কৰে হ'বলগীয়া মন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়, "মই অসম আন্দোলনৰ এগৰাকী নেত্ৰী আছিলোঁ । আন্দোলনত কাৰাবাসো খাটিছিলোঁ । ১৯৮৯ চনত মই অষ্টম শ্ৰেণীৰ ছাত্ৰী হিচাপে অসম আন্দোলনত অংশগ্ৰহণ কৰি জে'ললৈ গৈছিলোঁ । অসম আন্দোলনৰ সৈতে মই জড়িত আছিলোঁ আৰু আজি ভাষা আন্দোলনৰ শ্বহীদ নৱম শ্ৰেণীৰ ছাত্ৰ মোজাম্মিল হকৰ ক্ষেত্ৰত এটি নাহৰৰ পুলি ৰোপণ কৰি শ্বহীদসকলক স্মৰণ কৰি মোৰ আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ । অতীতত দেশৰ কাৰণে, মাতৃভাষাৰ কাৰণে কোন শ্বহীদ হৈছিল সেইবোৰ আমি মনত ৰাখিব লাগিব, সেইবোৰেই আমাৰ প্ৰেৰণা ।"
বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কত তেওঁ কয়, "আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । প্ৰকৃতি থাকিলেহে বিশ্ব থাকিব । আজি প্ৰকৃতি সুৰক্ষাৰ বাবে চৰকাৰীভাৱে আমি এটা পদক্ষেপ গ্ৰহণ কৰোঁ । কালিৰে পৰা মঙলদৈ সমষ্টিত ২০ হাজাৰ গছৰ পুলি ৰোপণ কৰাৰ এটা সিদ্ধান্ত লৈছিলোঁ । কালি ৰঙামাটি পাব্লিক হাইস্কুলত আৰু ৰঙামাটি স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰিছিলোঁ । ভাবিছিলোঁ আজি কিছু ৰুই থৈ শপতগ্ৰহণ কাৰ্যসূচী লৈ যাম । কিন্তু মন্ত্ৰিত্বত মোৰো নাম অন্তৰ্ভুক্ত হ'ল, আমাৰ বাবে গৌৰৱৰ খবৰ । গতিকে আজি শপতগ্ৰহণৰ বাবে আগবঢ়াৰ মুহূৰ্তত মোজাম্মিল হক ক্ষেত্ৰত মই এটি নাহৰৰ পুলি ৰোপণ কৰি প্ৰকৃতি সুৰক্ষাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰি শপতগ্ৰহণৰ বাবে আগবাঢ়িছো ।"

মন্ত্ৰী হৈ তেওঁৰ প্ৰথম কাম কি হ'ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত নীলিমা দেৱীয়ে কয়, "মন্ত্ৰী হোৱাৰ পিছত গোটেই অসমখনৰ দায়িত্ব ল'ব লাগিব, অভিজ্ঞতা নাই তথাপিও অসম্ভৱ বুলিও নাভাবোঁ । ইচ্ছা থাকিলে অসম্ভৱো সম্ভৱ কৰি তুলিব পাৰি । তাতে আকৌ আমাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মই মন্ত্ৰী হ'বলৈ সক্ষম হৈছোঁ, তেখেত আমাৰ পথ প্ৰদৰ্শক । তেখেতৰ পৰামৰ্শত আগবাঢ়ি যাম ।"
উল্লেখ্য যে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান পোৱা ১২ গৰাকী বিধায়কৰ নাম ঘোষণা কৰে । সেই তালিকাত মঙলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱীও অন্তৰ্ভুক্ত আছে । শুকুৰবাৰে অৰ্থাৎ আজি তেওঁলোকে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ।
লগতে পঢ়ক :
মন্ত্রী হিচাপে সমগ্ৰ অসমৰ বাবে কাম কৰিব লাগিব : মন্ত্ৰিত্ব লাভৰ পাছত সুশান্ত বৰগোঁহাইৰ প্ৰতিক্ৰিয়া

