ETV Bharat / state

ভালুকৰ ভয়ত উজাগৰী নিশা কটাইছে যোৰহাটৰ ৰ'দৈ দ' গাঁওৰ লোক

যোৰহাটত ভালুকৰ মুক্ত বিচৰণ, বৰ্তমানো পিঞ্জৰাৱদ্ধ কৰিব পৰা নাই ভলুকটোক ৷

BEAR FREE ROAM IN JORHAT
যোৰহাটত ভালুকৰ মুক্ত বিচৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 6:20 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ভালুকৰ ভয়ত উজাগৰী নিশা কটাইছে যোৰহাটৰ একাংশ গাঁৱৰ লোকে ৷ বিগত তিনি-চাৰিদিন ধৰি যোৰহাট আৰু দেৰগাঁৱৰ ভিন্ন প্ৰান্তত ভালুকৰ মুক্ত বিচৰণক লৈ আতংকত দিন কটাইছে ৰাইজে ৷ লগতে কণ কণ শিশুক বিদ্যালয় পঠিয়াবলৈ বন্ধ কৰি দিছে একাংশ লোকে । উত্তৰ পশ্চিম যোৰহাটৰ বালিখুটি অঞ্চলত ভালুকৰ আতংকৰ পাছত পুনৰ এইবাৰ যোৰহাটৰ ৰ'দৈ দ-গাঁৱত দেওবাৰ নিশা ভালুকৰ মুক্ত বিচৰণ দেখা গ'ল ৷ যাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । নিশা হ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাৱা পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত ৷

ঘটনা অনুসৰি সোমবাৰে পুৱতি নিশা এগৰাকী ব্যক্তিয়ে গাড়ীৰে ঘৰলৈ গৈ থকা ভলুকটোৰ মুক্ত বিচৰণ দেখা পায় ৷ এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে কয়,"প্ৰথম অৱস্থাত মই গাহৰি বুলি ভাৱিছিলো ৷ তাৰ পিছত ভালদৰে প্ৰত্যক্ষ কৰি গম পালে যে সেইটো গাহৰি নহয়, সেইটো ভালুক । মই ভালুকটো দেখা পোৱা লগে আতংকিত হৈ চিঞৰ বাখৰ কৰো ৷ লগে লগে স্থানীয় ৰাইজক ওলাই আহে আৰু বিষয়ে অৱগত কৰো ৷"

স্থানীয় ৰাইজৰ তৎপৰাত যোৰহাট বনবিভাগৰ লোকক খব দিয়ে আৰু বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ভালুকৰ সন্ধানত নামি পৰে । বনবিভাগে ইতিমধ্যে ভালুকৰ সন্ধান লাভ কৰিছে যদিও এই মুহূৰ্তলকৈ ভালুকটোক পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে উক্ত বৃহৎ অঞ্চলটোত ভালুকৰ অৱস্থিত কথা গম পোৱাত স্থানীয় লোক আতংকিত হৈ পৰে ৷ ইফালে যোৰহাট দৰে দেৰগাঁৱৰ বৃহৎ অঞ্চলটোত ভালুকৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে আৰু ভালুকৰ মুক্ত বিচৰণৰ দৃশ্য এজন ব্যক্তিৰ ঘৰতত সংস্থাপিত চিচিটিভি বন্দী হৈছে ।

লগতে পঢ়ক: NYIFF 2026 লৈ নিৰ্বাচিত অসমীয়া ছবি ‘আকূতি’: বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু পিতৃ-কন্যাৰ আৱেগিক কাহিনী