গুৱাহাটীৰ বজাৰত থলুৱা মাছ কিনোতে সাৱধান হওক, নহ'লে বিপদত পৰিব !
সাৱধান হওক গুৱাহাটীবাসী । থলুৱা মাছৰ নামত খাইছে বৰবিহ । গুৱাহাটীৰ বজাৰত বিক্ৰী হৈ আছে বিষাক্ত থলুৱা মাছ ।

Published : November 11, 2025 at 8:50 PM IST
গুৱাহাটী : অসমীয়া পৰম্পৰাগত থলুৱা মাছ আৰু থলুৱা ব্যঞ্জনৰ জুতি । থলুৱা ৰৌ, বৰালি, ভকুৱা, পুঠি, দৰিকণা আদি মাছ প্ৰতিজনৰে প্রিয় । বিশেষকৈ গুৱাহাটী মহানগৰীত থলুৱা মাছৰ চাহিদাও বেছি ।
গুৱাহাটীলৈ প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ নগাঁও, বৰপেটা, হাজো আদি ভিন্ন প্ৰান্তৰ পৰা আহে থলুৱা মাছ । এই থলুৱা মাছেই গুৱাহাটীৰ গণেশগুৰি, চানমাৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, উজানবজাৰ আদি বজাৰসমূহত বিক্ৰী কৰা হয় । সমান্তৰালভাবে এনে বজাৰসমূহত গুৱাহাটীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰ, পানীখাইতী অঞ্চলৰ মৎস্য ব্যৱসায়ীসকলে জাল মাৰি সংগ্ৰহ কৰা বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ মহলদাৰক অথবা গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহত বিক্ৰী কৰে ।
থলুৱা মাছ বুলিলেই গুৱাহাটী বাসীয়েই প্ৰায়ে ঢাপলি মেলে গুৱাহাটীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰ অথবা পানীখাইতী অঞ্চললৈ । কিয়নো থলুৱা মাছ বুলিলেই গুৱাহাটীবাসীৰ মনলৈ আহে চন্দ্ৰপুৰ অথবা পানীখাইতীৰ থলুৱা মাছ । থলুৱা মাছৰ বাবে এক দখল আছে পানীখাইতী আৰু চন্দ্ৰপুৰ বজাৰত । কিন্তু ব্ৰহ্মপুত্ৰৰ থলুৱা মাছ খোৱাৰ নামত কি খাই আছে আপুনি ? থলুৱা মাছৰ নামত গুৱাহাটীবাসীয়ে খাই আছে বৰবিহ !
বিশেষকৈ পানীখাইতী ৰে'ল গে'টৰ সমীপৰ মাছৰ বজাৰত থলুৱা মাছ ক্ৰয় কৰিবলৈ হ'লে আপুনি হাজাৰবাৰ চিন্তা কৰিব । কিয়নো থলুৱা মাছৰ নামত খাই আছে আপুনি বিষাক্ত থলুৱা মাছ ।
ব্ৰহ্মপুত্ৰৰ থলুৱা মাছ নহয়, অতিকৈ প্ৰদূষিত হোৱা বোন্দাজানত মৎস্য ব্যৱসায়ীসকলে জাল মাৰি সংগ্ৰহ কৰি বিক্ৰী কৰা বিষাক্ত থলুৱা মাছ খাই আছে আপুনি । সম্প্ৰতি এই বোন্দাজানৰ পৰাই সংগ্ৰহ কৰা ৰৌ, ভকুৱা ,পুঠি, দৰিকণা আদি মাছ মৎস্য ব্যৱসায়ীসকলে গুৱাহাটীৰ গণেশগুৰি, নাৰেংগী, চানমাৰি, নুনমাটি আদি অঞ্চলত বিক্ৰী কৰি আছে ।
বিশেষকৈ গুৱাহাটী শোধনাগাৰ, ইণ্ডিয়া কাৰ্বন, আছাম কাৰ্বন তথা গুৱাহাটীৰ ভিন্ন স্থানৰ নলা-নৰ্দমাৰ পৰা ওলোৱা বৰ্জিত পানী আহি পৰে বোন্দাজানত । যাৰবাবে সম্প্ৰতি অতিকৈ প্ৰদূষিত হৈছে বোন্দাজান । এই প্ৰদূষিত বোন্দাজানতেই এচাম মৎস্যজীৱী লোকে মাছ মাৰি বিক্ৰী কৰিছে মাছৰ মহালদাৰক। আৰু আপুনি এনে বিষাক্ত থলুৱা মাছ ক্ৰয় কৰি আহিছে ।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত স্থানীয় লোকে প্ৰকাশ কৰে কেতবোৰ বিস্ফোৰক ভাষ্য, "এই অঞ্চলৰ প্ৰায়ভাগ লোক মৎস্যজীৱী । ব্ৰহ্মপুত্ৰৰ পানী বোন্দাজানত অহাৰ লগে লগেই প্ৰায়ভাগ লোকে ইয়াতে মাছ মাৰে । ইয়াৰে মাছ জনা মানুহে নাখায় । মাছমৰীয়াবোৰে এই মাছ লৈ যায় গুৱাহাটীৰ বজাৰত । এই পানী ইমান বিষাক্ত যে গৰু-ছাগলীয়ে এই পানীত মুখ নিদিয়ে । এই পানী গাত লাগিলে খৰ-খজুৱতি হয় ।"
লগতে কয়, "গুৱাহাটীৰ মহানগৰীৰ নলা-নৰ্দমাৰ পানী, ওচৰত থকা যিমান কোম্পানী আছে তাৰেই বৰ্জিত পানী এই বোন্দাজানত লগ হয় । এই বিষাক্ত পানী মাছে খায়, যাৰবাবে এই মাছ খালে কেৰাচিন আৰু ডিজেলৰ গোন্ধ পায় । জনা মানুহে এই মাছ নাখায় । কিন্তু নজনা মানুহে থলুৱা মাছ বুলি ভাবি কিনে । ব্ৰহ্মপুত্ৰৰ পানী এই বোন্দাজানত সোমায় বাবে ইয়াত ৰৌ, মাগুৰ, বৰালি আদি বহু মাছ পায় । এই মাছেই মাছ বেপাৰীসকলে গুৱাহাটীৰ বজাৰত আৰু মহলদাৰক বিক্ৰী কৰে । ইয়াৰে মাছ খাব নালাগে ।"
উল্লেখ্য যে বোন্দাজানৰ এই বিষাক্ত থলুৱা মাছ খায়েই বহু লোক চৰ্মৰোগ, পেটৰ বিষ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগা হৈছে । সম্প্ৰতি প্ৰদূষিত বোন্দাজানত মাছমৰাটো বন্ধ কৰি দিবৰ বাবে অঞ্চলটোৰ স্থানীয় লোকে মীন বিভাগ, উপায়ুক্ত, চক্ৰ বিষয়ালৈ লিখিত অভিযোগ আৰু আবেদন জনাইছে যদিও কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

