ETV Bharat / state

চৰকাৰী চাকৰিৰ নামত বৃহৎ প্ৰতাৰণা : আৰক্ষীৰ জালত ধৰ্মেশ্বৰ ওৰফে জিতু ৰয়

চাকৰিৰ নামত দালালিত নামিছে একাংশ প্ৰৱঞ্চক ৷ বৰপেটা আৰক্ষীয়ে শেহতীয়াকৈ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

FRAUD IN GOVT JOB
বৰপেটা আৰক্ষীৰ সৈতে প্ৰৱঞ্চক জিতু ৰয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 3:30 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো কাৰ্যকালতে চৰকাৰী চাকৰিৰ নামত হোৱা প্ৰৱঞ্চনা ৰোধৰ বাবে গ্ৰহণ কৰিছিল কঠোৰ পদক্ষেপ ৷ পিছে সেয়া যেন অসাৰ প্ৰতিপন্ন হ’ল ৷ মুখ্যমন্ত্ৰীক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি চৰকাৰী চাকৰি দিয়াৰ নামত একাংশই সোঁৱে-বাওে ঘটিছে ধন ৷ পিছে দিন সকলোৰে সমানে নাযায় ৷ বেয়া কামৰ ফল এদিন সকলোৱে হাতে-লোটে পায় ৷ এই প্ৰবঞ্চকো পৰিল আৰক্ষীৰ জালত ৷

চৰকাৰী চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে শেহতীয়াকৈ এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ লোকজন ধাৰাপুৰৰ বাসিন্দা ধৰ্মেশ্বৰ ওৰফে জিতু ৰয় ৷ লোকজনক বাইহাটা চাৰিআলিস্থিত শহুৰেকৰ ঘৰৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীৰ সংবাদমেল (ETV Bharat Assam)

সমগ্ৰ ঘটনাটো কি

এই ব্যক্তিজনে বিভিন্নজনক চৰকাৰী চাকৰি প্ৰদানৰ ভুৱা আশ্বাস দি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল ৷ লোকজনে দীৰ্ঘদিনৰে পৰা এই কাম কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ বিগত এমাহমান পূৰ্বে বৰপেটাৰ এগৰাকী যুৱতী জিতু ৰয়ৰ প্ৰবঞ্চনাৰ বলি হৈছিল ৷

সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে জিতু ৰয়ৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰিছিল যুৱতীগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত জিতুৰ কথা আৰু প্ৰলোভনত পৰি যুৱতীগৰাকীয়ে এটা চৰকাৰী চাকৰি ক্ৰয়ৰ পৰিকল্পনা কৰিছিল ৷

চৰকাৰী চাকৰি দিয়াৰ আশাত বন্দী কৰি জিতুৱে যুৱতীগৰাকীৰ পৰা প্ৰায় ১০ লাখতকৈ অধিক টকা সৰকায় ৷ ইয়াৰ পিছতে সকলো কথা জলজল-পটপটকৈ ওলাই পৰে ৷ টকাখিনি নিয়াৰ পিছৰে পৰা শুং-সূত্ৰই নোহোৱা হ’ল জিতুৰ ৷

ইফালে চৰকাৰী চাকৰিৰ মোহত বন্দী যুৱতীগৰাকীৰ আশাত চেঁচাপানী পৰাত কাষ চাপে আৰক্ষীৰ ৷ আৰক্ষীয়ে জিতুক বিচাৰি ফেচবুকৰ পৰা আৰম্ভ কৰে অভিযান ৷ অৱশেষত বাইহাটা চাৰিআলিৰ শহুৰেকৰ ঘৰৰ পৰাই প্ৰৱঞ্চকটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল

আৰক্ষীৰ তদন্তকালত আৰু অধিক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ অসমৰ বিভিন্ন থানাত অভিযুক্ত ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ৰয়ৰ বিৰুদ্ধে প্ৰতাৰণা, বিশ্বাস ভংগ আৰু সম্পত্তি আত্মসাতৰ সৈতে জড়িত মুঠ ২২ টা গোচৰ পূৰ্বৰে পৰা ৰুজু হৈ থকা বুলি সদৰী কৰে জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি এই তথ্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক বৈশ্যই সংবাদমেলত কয়, ‘‘বহুদিন ধৰি তেওঁ একেধৰণৰ কৌশল অৱলম্বন কৰি বহু লোকক প্ৰতাৰণা কৰি আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । বৰপেটা আৰক্ষীয়ে ১৫৯/২০২৬ নম্বৰ গোচৰ(ধাৰা- ৬১(২)/৩১৯(২)/৩১৮(৪)/৩১৬(২)/৩৩৬(৩) বি এন এছ)ৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ এই প্ৰতাৰণাৰ জালত আৰু কোনো ব্যক্তি জড়িত আছে নেকি, লগতে আন কিমানজন লোক প্ৰতাৰণাৰ বলি হৈছে সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান চলাই আছে ৷ অভিযুক্ত ধৰ্মেশ্বৰ ৰয়ক বৰপেটা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷’’

লগতে পঢ়ক: ৰাজ্যত হ্ৰাস অপৰাধৰ হাৰ : আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং