ETV Bharat / state

বিট, গাজৰ, পলাশেৰে প্ৰাকৃতিক আবিৰ; হোলীৰ বজাৰ দখলৰ প্ৰয়াস বৰপেটাৰ দম্পতীৰ

বৰপেটাৰ অপূৰ্ব দাস আৰু পত্নী তপোব্ৰতা দাসে ঘৰতে বিট, গাজৰ আদিৰে প্ৰস্তুত কৰিছে প্ৰাকৃতিক আবিৰ । 'অসমী' নামেৰে বজাৰলৈ উলিয়াই দিছে তেওঁলোকৰ প্ৰডাক্ট ।

Natural Holi
বিট, গাজৰ, পলাশেৰে প্ৰাকৃতিক আবিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 5:14 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : হোলী বা ফাকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে । ইতিমধ্যে বিভিন্ন প্ৰকাৰৰ ফাকুৱা, পিচকাৰী বা চেৰেকা আদি সামগ্ৰী বজাৰত উপলব্ধ হৈছে । স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক হিচাপে প্ৰমাণিত ৰং আদিও বজাৰত ওলাইছে । কিন্তু ছাল বা স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক এই ৰং, ফাকুৱাৰ পৰিৱৰ্তে আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰে প্ৰাকৃতিক আবিৰ ।

কেৱল নিজৰ বাবেই নহয়, ইয়াৰ জৰিয়তে ব্যৱসায়েৰে আপুনি আৰ্থিকভাৱে স্বাৱলম্বীও হ'ব পাৰিব । কিন্তু কেনেকৈ ? বৰপেটাৰ এক দম্পতীয়ে এই প্ৰচেষ্টাৰে ফাকুৱাৰ বজাৰ দখল কৰিবলৈ সাজু হৈছে । সম্পূৰ্ণৰূপে প্ৰাকৃতিক আৰু ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে বৰপেটাৰ দম্পতীটোৱে ।

প্ৰাকৃতিক আবিৰেৰে বজাৰ দখলৰ প্ৰয়াস বৰপেটাৰ দম্পতীৰ (ETV Bharat Assam)

আচলতে অসমত হোলী বা ফাকুৱা বুলি ক'লে বৰপেটা সত্ৰৰ নাম সকলোতকৈ আগতে আহে । বৰেপটা সত্ৰৰ দৌল উৎসৱ বিশ্ব বিখ্যাত । এই বৰপেটা সত্ৰৰ সমীপৰে অপূৰ্ব দাস আৰু তেওঁৰ পত্নী তপোব্ৰতা দাসে লৈছে বিশেষ পদক্ষেপ । দৌল উৎসৱৰ প্ৰাকক্ষণত ঘৰতে এটা ক্ষুদ্ৰ উদ্যোগ গঢ় দিছে দম্পতীটোৱে । অৱশ্যে এই উদ্যোগত কোনো গধুৰ যন্ত্ৰপাতি নাই ।

Natural Holi
অসমী ব্ৰেণ্ডৰ প্ৰাকৃতিক আবিৰ (ETV Bharat Assam)

দহাটী অঞ্চলৰ পৰিয়ালটোৱে প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰীৰে ফাকুগুৰি বা আবিৰ প্ৰস্তুত কৰিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে আৰম্ভ কৰা পৰম্পৰা অনুসৰি দৌল উৎসৱত প্ৰাকৃতিক ফাকু ব্যৱহাৰৰ প্ৰথাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে । এই প্ৰাকৃতিক আবিৰ প্ৰস্তুত কৰিবলৈ তেওঁলোকে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছে গাজৰ, বিট, হালধি, বেচন, পূৰৈ শাকৰ গুটি, জবা ফুলৰ পাত আদি সহজে উপলব্ধ সামগ্ৰী ।

Natural Holi
প্ৰাকৃতিক আবিৰ (ETV Bharat Assam)

নিৰ্দিষ্ট পদ্ধতিৰে মাকৈ গুৰিৰ সৈতে এই সামগ্ৰীবোৰ মিহলাই তেওঁলোকে প্ৰস্তুত কৰিছে প্ৰাকৃতিক আবিৰ । য'ত কোনো ধৰণৰ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ হোৱা নাই । এই প্ৰাকৃতিক আবিৰ মানুহৰ ছালৰ বাবেও যথেষ্ট উপকাৰী বুলি দাবী কৰিছে দম্পতীটোৱে । তেওঁলোকে প্ৰস্তুত কৰা প্ৰাকৃতিক আবিৰক 'অসমী' নামেৰে ব্ৰেণ্ড হিচাপে বজাৰলৈও মুকলি কৰি দিছে ।

Natural Holi
হালধি ব্যৱহাৰ কৰি আবিৰ প্ৰস্তুত (ETV Bharat Assam)

এই সন্দৰ্ভত তেওঁলোকে কয়, "এক দীঘলীয়া প্ৰক্ৰিয়াৰে এই ফাকুগুৰি প্ৰস্তুত কৰা হয় আৰু এইবাৰ প্ৰায় এক কুইণ্টল প্ৰাকৃতিক ফাকুগুৰি উৎপাদনৰ লক্ষ্য লোৱা হৈছে । সম্পূৰ্ণ প্ৰাকৃতিক হোৱা হেতুকে পেকেজিঙতো প্লাষ্টিকৰ পৰিৱৰ্তে ডাঠ কাগজৰ মোনা ব্যৱহাৰ কৰা হৈছে ।"

Natural Holi
জবা ফুলৰ পাত আৰু মাকৈ গুৰিৰে আবিৰ (ETV Bharat Assam)

এইবাৰ মূলত বৰপেটাৰ বজাৰক লক্ষ্য কৰি উৎপাদন আৰম্ভ কৰা হৈছে যদিও আগন্তুক বৰ্ষৰ পৰা বৰপেটাৰ বাহিৰৰ বজাৰসমূহলৈও প্ৰাকৃতিক ফাকুগুৰি যোগান ধৰাৰ পৰিকল্পনা কৰিছে দম্পতীটোৱে । আনহাতে প্ৰাকৃতিক আৰু ৰাসায়নিক ফাকুগুৰিৰ দামৰ মাজত বিশেষ পাৰ্থক্য নাথাকে বুলিও তেওঁলোকে উল্লেখ কৰিছে ।

Natural Holi
বিট আৰু মাকৈ গুৰিৰে আবিৰ (ETV Bharat Assam)

লগতে পঢ়ক :পলাশ-মদাৰ-শিমলু-হালধি-নেমুৰে প্ৰাকৃতিক ফাকু