ETV Bharat / state

ৰাষ্ট্ৰীয় সন্মান গ্ৰহণ কৰি গৃহভূমিত ভৰি দিয়া বাপুকণক ঢোলে-দগৰে আদৰিলে ৰাইজে

তাঁতশালত সপোন ৰচি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা মাজুলীৰ এজন শিপিনী ।

weaver from Majuli specializing in the Mising community's traditional 'Mirijim' felicitated for prestigious National Handicrafts Award
ৰাষ্ট্ৰীয় সন্মান গ্ৰহণ কৰি গৃহভূমিত উপস্থিত হোৱা বাপুকন পায়েঙক সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 4:53 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : মিচিং সমাজ জীৱনৰ এবিধ বস্ত্ৰ হৈছে মিৰিজিম । এই বস্ত্ৰক মিচিং ভাষাত গাডু বুলিও কয় । মিৰিজিম বা গাডু বৈ উলিয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হ'ল মাজুলীৰ মহখুঁটি গাঁৱৰ বাপুকণ পায়েং ।

যোৱা ৯ ডিচেম্বৰত দিল্লীত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা লৈ স্বগৃহত উপস্থিত হয় এই শিপিনীজন । মাজুলীৰ আফলামুখ পাৰঘাটত উপস্থিত হোৱাৰ লগে লগে তেওঁক বিভিন্নজনে আদৰণি জনাই শোভাযাত্ৰা কৰি নিজা গাঁৱলৈ আনে ।

ৰাষ্ট্ৰীয় সন্মান গ্ৰহণ কৰি গৃহভূমিত উপস্থিত হোৱা বাপুকণ পায়েঙক সম্বৰ্ধনা (ETV Bharat Assam)

নিজৰ গাঁৱত বাপুকণ উপস্থিত হোৱাত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় । মাজুলীৰ ম'হখুটি গাঁৱৰ বাপুকণ পায়েঙে তাঁতশালখনকে জীৱিকাৰ সম্বল হিচাপে লৈ স্বাৱলম্বী হৈ পৰিয়ালটোক সুন্দৰকৈ পোহপাল দিছে । পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰাই তাঁতশালৰ লগত জড়িত হৈ আহিছে বাপুকণ । আজিৰ তাৰিখত এইজন বাপুকণ পায়েঙে গামোচা, ৰিহা, চাদৰ-মেখেলাৰ পৰা আদি কৰি তাঁতশালত ব'ব পৰা সকলো কাপোৰ বৈ উলিয়াব পাৰে । এই তাঁতশালখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছে ।

weaver from Majuli specializing in the Mising community's traditional 'Mirijim' felicitated for prestigious National Handicrafts Award
বাপুকণ পায়েঙক আদৰণি (ETV Bharat Assam)

তেওঁ বৈ উলিওৱা কাপোৰ ডিব্ৰুগড়, লখিমপুৰ, গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল পৰ্যন্ত অৰ্ডাৰ মতে বিক্ৰী কৰা হয় । বাপুকণে নৱ-প্ৰজন্মক এই শিল্পটো ধৰি ৰাখিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । বঁটা গ্ৰহণ কৰি নিজা গাঁৱত উপস্থিত হোৱা বাপুকণে কয়, "এই বঁটা পোৱাৰ বাবে নিজকে ভাগ্যবান বুলি ভাবিছো । বঁটা ল'বলৈ যাওতে অলপ ভয়ো লাগিছিল, কিয়নো তাত কি প্ৰদৰ্শন কৰিম তাক চিন্তা কৰিছিলো । প্ৰথম অৱস্থাত মাৰ পৰা এই শিল্পটো শিকিছিলো । মাৰ মৃত্যু হোৱাৰ পাছতো মই এই শিল্প এৰি দিয়া নাই, আজিলৈকে কৰি আছো আৰু ভৱিষ্যতে চকুৰে মানিব পৰা অৱস্থালৈ এই শিল্পৰ লগত জড়িত হৈ থাকিম । মই সৰুৰে পৰা কৰা কষ্ট আজি সাৰ্থক হৈছে বুলি ভাবিছো ।"

লগতে পঢ়ক:'মিৰিজিম' তৈয়াৰ কৰি আজুৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা: কি এই 'মিৰিজিম' ?

চেইন চিলাইৰে বগা কাপোৰত সৃষ্টি কৰিলে 'গুণমালা' - Gunamala on cloth