বাংলাদেশৰ ৰুমী আখতাৰ ভাৰতত ঝুমুৰ ৰয় কেনেকৈ হ'ল ? জানিলে আপুনিও শিয়ৰি উঠিব
আন্তঃৰাষ্ট্ৰীয় দালাল চক্ৰই ভাৰতীয় আধাৰ কাৰ্ড বনাই প্ৰায় দুমাহ পূৰ্বে দিল্লীত বিক্ৰী কৰাৰ অভিযোগ ৰুমী আখতাৰক ৷

Published : December 25, 2025 at 1:39 PM IST
ধুবুৰী : চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভাৰতবিৰোধী শক্তিয়ে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য দিয়াৰ সমান্তৰালকৈ ভাৰতৰ বিৰুদ্ধে কু-অভিসন্ধি ৰচনা কৰাৰ সময়তে মঙলবাৰে নিশা ধুবুৰী জিলাৰ গৌৰীপুৰত স্থানীয় ৰাইজে এগৰাকী বাংলাদেশী মহিলাক উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
বাংলাদেশৰ পৰা মানৱ সৰবৰাহৰ বেহাত কোনে জড়িত হৈ আছে ? এতিয়া এই মহিলাগৰাকীক উদ্ধাৰৰ পিছত এইটো এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । কিয়নো অবৈধভাৱে বাংলাদেশীক ধনৰ বিনিময়ত দুষ্টচক্ৰই ভাৰতলৈ পাৰ কৰোৱাৰ ঘটনাই ভাৰতবিৰোধী শক্তি যে বাংলাদেশত সক্ৰিয় হৈ আছে তাকেই প্ৰতিপন্ন কৰিছে ।
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰে এটি আন্তঃৰাষ্ট্ৰীয় দালাল চক্ৰই ভাৰতীয় আধাৰ কাৰ্ড বনাই প্ৰায় দুমাহ পূৰ্বে দিল্লীত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপিত কৰিছে উদ্ধাৰ হোৱা মহিলাগৰাকীয়ে । বাংলাদেশী মহিলাগৰাকীয়ে কয় যে তেওঁ ইছলাম ধৰ্মাৱলম্বী হোৱাৰ লগতে তেওঁৰ নাম ৰুমী আখতাৰ যদিও দালালে তেওঁৰ নাম ঝুমুৰ ৰয় বুলি ভুৱা আধাৰ কাৰ্ড বনাই ভাৰতলৈ পঠিয়াইছিল । পাছত তেওঁক বিক্ৰী কৰা হৈছে বুলি জানিব পাৰি প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ দিল্লীৰ পৰা পলাই ৰে'লেৰে আহি গুৱাহাটী উপস্থিত হৈ আকৌ তাৰ পৰা পশ্চিমবংগৰ কোচবিহাৰলৈ গৈছিল বুলি ৰুমীয়ে কয় ।
পাছত তেওঁ বাংলাদেশলৈ ঘূৰি যোৱাৰ উদ্দেশ্য কোচবিহাৰ আৰক্ষী থানাত উপস্থিত হৈ নিজকে বাংলাদেশৰ পৰা অহা বুলি আৰক্ষীক জনোৱাত কোচবিহাৰ আৰক্ষীয়ে ৰুমীৰ ভাষ্য গ্ৰহণ কৰি তেওঁক ধুবুৰীৰ গৌৰীপুৰলৈ যাবলৈ নিৰ্দেশ দিয়ে । পাছত ৰুমী গৌৰীপুৰ থানাত উপস্থিত হয় যদিও গৌৰীপুৰ আৰক্ষীয়ে পুনৰ তেওঁক কোচবিহাৰলৈ যাবলৈ কোৱাত তেওঁ নিৰুপায় হৈ পৰে ।

এই সন্দৰ্ভত উদ্ধাৰ হোৱা বাংলাদেশী মহিলাগৰাকীয়ে কয়, "মোৰ অৰিজিনেল নাম ৰুমী আখতাৰ । আৰু ইয়াতে ডুপ্লিকেট নাম হৈছে ঝুমুৰ ৰয় । মোৰ দেশ বাংলাদেশ । ইয়াত মোক বিক্ৰী কৰা হৈছে । মই অকলে নহয় মোৰ সৈতে আৰু বহু ছোৱালী আছিল । তেওঁলোক ক'ত আছে নাজানো । কিন্তু মই পলাই আহিছোঁ । পলাই গুৱাহাটী আহোঁ, গুৱাহাটীৰ পৰা কোচবিহাৰলৈ যাওঁ । কোচবিহাৰ থানাত ষ্টেটমেণ্ট ল'লে । তাৰ পিছত ক'লে আমি একো কৰিব নোৱাৰো গৌৰীপুৰ থানাত যোৱা ।"
বিক্ৰী সন্দৰ্ভত মহিলাগৰাকীয়ে কয়, "তেওঁলোকে মোক বিক্ৰী কৰিছে দিল্লীৰ মানুহৰ হাতত । দিল্লীৰ পৰা পলাই ইয়ালৈ আহিছোঁ । কোচবিহাৰ থানাত যোৱাত ষ্টেটমেণ্ট লৈ ক'লে যে গৌৰীপুৰ থানাত যোৱা আমি ইয়াত একো কৰিব নোৱাৰোঁ । এতিয়া গৌৰীপুৰ থানাই কৈছে আমি নাজানো এইটো কোচবিহাৰ থানাই জানে ।"
উল্লেখ্য যে বাংলাদেশৰ পৰা অহা বুলি স্বীকাৰোক্তি দিয়াৰ পিছতো পশ্চিমবংগৰ কোচবিহাৰ আৰক্ষীয়ে মহিলাগৰাকীক পুনৰ গৌৰীপুৰলৈ পঠিয়াই দিয়াটো ৰহস্যজনক হৈ পৰিছে । বাংলাদেশীৰ বিৰুদ্ধে পদক্ষেপ লোৱাত অপাৰগ নেকি তাক লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা হৈছে ।
ইপিনে গভীৰ নিশা হোৱাৰ বাবে গৌৰীপুৰ বেপাৰীপট্টি অঞ্চলত ঘূৰি ফুৰি থকা মহিলাগৰাকীক পপুলাৰ নাৰ্ছিং হোমৰ লোকে নিশা আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰি দিয়া বুলি জানিবলৈ দিয়ে ।
উদ্ধাৰ হোৱা বাংলাদেশী মহিলা ৰুমীয়ে কয় যে তেওঁ বাংলাদেশৰ আন সাতগৰাকী মহিলাৰ সৈতে একেলগে ভাৰতত প্ৰৱেশ কৰিছিল যদিও তেওঁলোকৰ কোনো সন্ধান পোৱা নাই । আনহাতে, তেওঁলোকক অবৈধভাৱে কোনে বাংলাদেশৰ পৰা ভাৰতলৈ আনিলে সেই চক্ৰটোৰ বিষয়েও একো ক'ব পৰা নাই ৰুমী আখতাৰে । বৰ্তমানে ধুবুৰী জিলা আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে যদিও আনুষ্ঠানিকভাৱে এই পৰ্যন্ত কোনোধৰণৰ মন্তব্য কৰা নাই ৷

