ETV Bharat / state

গামোচা আৰু ফুলৰ থোপাৰে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা বাংলাদেশ উচ্চায়ুক্তৰ প্ৰতিনিধি দলৰ

জুবিন ক্ষেত্ৰত উপস্থিত হৈছে বাংলাদেশৰ উপ-বৈদেশিক সচিব প্ৰীতি ৰহমান । শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰহমানে ।

ZUBEEN GARG DEATH
সোণাপুৰৰ জুবিন ক্ষেত্ৰত বাংলাদেশৰ উচ্চায়ুক্তৰ দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 2:35 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: দিন নাই-ৰাতি নাই, মাথোঁ লোকাৰণ্য হৈ থাকে সোণাপুৰৰ জুবিন ক্ষেত্ৰ ৷ এই জুবিন ক্ষেত্ৰত বৃহস্পতিবাৰে আহি উপস্থিত হয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ উচ্চায়ুক্তৰ এটা প্ৰতিনিধিৰ দল ।

জুবিন ক্ষেত্ৰত উপস্থিত হয় বাংলাদেশৰ উপ-বৈদেশিক সচিব প্ৰীতি ৰহমান । শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰহমানে ।

গামোচা আৰু ফুলৰ থোপাৰে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা (ETV Bharat Assam)

সম্প্ৰতি তীৰ্থভূমিলৈ ৰূপান্তৰ হোৱা জুবিন ক্ষেত্ৰত শিল্পীগৰাকীৰ মৃত্যুৰ ৪১ টা দিন পাৰ হোৱাৰ পিছতো অগণন লোকৰ সমাৱেশ হৈয়ে আছে । কোনোবাই যদি আহিছে উজনিৰ পৰা, কোনোবা আহিছে নামনিৰ পৰা । কেৱল এয়াই নহয়, ৰাজ্যৰ বাহিৰৰ পৰাও নিতৌ আহি আছে জুবিনক ভালপোৱা অনেক গুণমুগ্ধ-অনুৰাগী । পুৱাৰে পৰা সন্ধিয়ালৈ নাম-প্ৰসংগৰ সমান্তৰালকৈ প্ৰিয় শিল্পীগৰাকীৰ প্ৰিয় গীতৰ কলিৰে মুখৰিত হৈ আছে সমগ্ৰ জুবিন ক্ষেত্ৰ ।

ZUBEEN GARG DEATH
শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহিছে দলটো (ETV Bharat Assam)

গামোচা আৰু ফুলৰ থোপা দি শিল্পীগৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বাংলাদেশৰ প্ৰতিনিধিগৰাকীয়ে কয়, ‘‘জুবিন গাৰ্গ বাংলাদেশৰ জনসাধাৰণৰো এগৰাকী প্ৰিয় শিল্পী আছিল । সৰ্বগুণৰ অধিকাৰী এইগৰাকী শিল্পীৰ মৃত্যুত বাংলাদেশৰ জনসাধাৰণো শোকত ম্ৰিয়মান হৈ পৰিছে । বাংলাদেশৰ হৈ আমি শ্ৰদ্ধাঞ্জলি আৰু প্ৰাৰ্থনা জনাইছো ৷’’

তেওঁ লগতে কয়, ‘‘যিজন শিল্পীৰ সুৰৰ কোনো সীমা নাছিল, তেনে এগৰাকী কিংবদন্তিক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে বাংলাদেশৰো সংগীতপ্ৰেমী ।

উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ দিনটোতে স্তব্ধ হৈ পৰিছিল অসম আৰু অসমীয়া ৷ সেয়া হয়তো আজিৰ তাৰিখত দোহৰাৰ প্ৰয়োজন নাই ৷ সম্প্ৰতি সকলোৱে অপেক্ষা কৰিছে প্ৰাণৰ শিল্পীগৰাকীয়ে কেনেদৰে ছিংগাপুৰত আকস্মিক মৃত্যুক আঁকোৱালি ল’লে, তাৰ প্ৰকৃত কাৰণ জানিবলৈ ৷

লগতে পঢ়ক: ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা...