২৫ বছৰে বাঁহী বনাই ভাগৰি নপৰা বক্তাৰ আলী
মেঘালয়ৰ ফুলবাৰীৰ পৰা মুৰুলী বাঁহ আনি গৌৰীপুৰৰ বক্তাৰ আলীয়ে প্ৰস্তুত কৰে বাঁহী ।

Published : December 10, 2025 at 1:53 PM IST
ধুবুৰী: বিগত ২৫ বছৰ ধৰি তেওঁ বাঁহী বনাইছে । এই বাঁহীবোৰ বজাৰত বিক্ৰী কৰি পৰিয়ালটোক দি আহিছে পোহপাল । কষ্ট যথেষ্ট হ'লেও তেওঁ এই কামটো কৰিবলৈ এৰি দিয়া নাই একমাত্ৰ বাঁহীটোক মনে-প্ৰাণে ভাল পোৱা বাবে । প্ৰখ্যাত লোকশিল্পী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মস্থানতেই এই শিল্পীগৰাকীয়ে একো একোডাল বাঁহক দিছে নতুন ৰূপ ।
ধুবুৰী জিলাৰ গৌৰীপুৰৰ বক্তাৰ আলী নামৰ শিল্পীগৰাকীয়ে গোটেই জীৱনটো বাঁহী বজোৱাৰ লগতে সেয়া প্ৰস্তুত কৰি বিক্ৰী কৰিছে । কৰ্মসংস্কৃতিৰ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে বক্তাৰ আলীয়ে । বাঁহী বজাই আৰু বনাই নিজৰ ঘৰ সংসাৰ চলাই নিয়া বক্তাৰ আলীয়ে তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰি কয়, "বিগত ২৫ বছৰ ধৰি মই বাঁহী বনাই আহিছো আৰু এইবোৰ বজাৰত বিক্ৰী কৰো । মোৰ এইটোৱেই ব্য়ৱসায় । মই মেঘালয়ৰ পৰা বাঁহ আনি বাঁহী বনাই বিক্ৰী কৰো । এইবোৰ আনোতে বহুত খৰচ হয় । এই কাম কৰিয়েই কোনোমতে চলি আছো । ফুলবাৰীৰ গাৰো সম্প্ৰদায়ৰ লোকৰ পৰা মুৰুলী বাঁহ ক্ৰয় কৰি আনি বাঁহী বনাওঁ ।"
সাংস্কৃতিক নগৰী গৌৰীপুৰৰ মাটিয়াবাগ অঞ্চলত সুৰ-সংগীতকে ধৰি বিভিন্ন সাংস্কৃতিক চৰ্চাৰ ধাৰা এতিয়াও অব্যাহত । ইয়াতেই সৃষ্টিশীল কৰ্মত ব্য়স্ত হৈ থকা বক্তাৰ আলীয়ে কয় যে বাঁহী বনোৱাৰ বাবে প্ৰয়োজনীয় মুৰুলী বাঁহ ক্ৰয় কৰি অনাৰ বাবে তেওঁ মেঘালয়ৰ ফুলবাৰীলৈ যাব লগা হয় । স্থানীয় ভাষাত ইয়াক মুৰুলী বাঁহ বুলি কোৱা হয়। বাঁহীবাদক বক্তাৰ আলীয়ে এই প্ৰসংগত কয় যে তেওঁ মেঘালয়ৰ ফুলবাৰীলৈ প্ৰতি মাহে এবাৰ বা দুবাৰ যাব লগা হয় । তেওঁ সেই বাঁহেৰে সৰু-ডাঙৰ আকাৰৰ বাঁহী বনাই আছে ।

প্ৰায় ১০ হেজাৰ টকাৰ মুৰুলী বাঁহ ক্ৰয় কৰি আনিলে বক্তাৰ আলীয়ে সেই বাঁহেৰে বাঁহী বনাই প্ৰায় ১৭ হেজাৰ টকাত বিক্ৰী কৰে । বাঁহী বজাই আৰু বনাই আনন্দ লাভ কৰা বক্তাৰ আলীয়ে সুদীৰ্ঘ প্ৰায় ২৫ বছৰ ধৰি এনেদৰে অশেষ কষ্ট কৰি বাঁহী বনোৱাৰ কামত নিয়োজিত হৈ নিজৰ ঘৰ-সংসাৰ চলাই আহিছে । পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যাই তেওঁক এই কামত সহযোগ কৰে বুলি কয় বক্তাৰ আলীয়ে ।

