মুকলি আকাশৰ তললৈ বহুবল্কী বিধায়ক আমিনুল ইছলাম
ছমাহৰ মূৰত NSA-ৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম । গুৱাহাটী উচ্চ ন্যায়লয়ৰ জামিন মঞ্জুৰ ৷

Published : November 27, 2025 at 4:48 PM IST
গুৱাহাটী : মুকলি আকাশৰ তললৈ ওলাব ছমাহতকৈয়ো অধিককাল কাৰাৰুদ্ধ হৈ থকা ধিঙৰ বিধায়ক আমিনুল ইছলাম । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত (NSA) কাৰাৰুদ্ধ হৈ থকা এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।
ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে যোৱা ২২ এপ্ৰিলত সংঘটিত নৃশংস পহলগাম-কাণ্ডৰ সময়ত ৰাজহুৱাভাৱে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল । গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক NSA-ৰ অধীনত ছমাহতকৈয়ো অধিককাল আবদ্ধ কৰি ৰখা হৈছিল । আমিনুল ইছলামক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।
যোৱা ২৪ এপ্ৰিলৰ পৰা NSA-ৰ অধীনত দীর্ঘদিনে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আবদ্ধ হৈ থকা আমিনুল ইছলামৰ বিৰুদ্ধে থকা NSA-ৰ সকলো গোচৰ খাৰিজ কৰিছে আদালতে । ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু সুৰেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠৰ এই ৰায় । ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আছিল পহলগাম আক্ৰমণৰ ঘটনাৰ সময়ত দেশবিৰোধী মন্তব্য দিয়াৰ অভিযোগ ।
যোৱা ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হোৱা বিধায়ক আমিনুল ইছলামক ১৪ মে’ত NSA-ৰ অধীনত আবদ্ধ কৰি ৰখা হৈছে ৷
বিধায়কগৰাকীক উচ্চ ন্যায়ালয়ে দিয়া জামিন প্ৰসংগত আমিনুল ইছলামৰ পক্ষৰ আইনী সাহায্য প্ৰদানকাৰী দলৰ সদস্য, অধিবক্তা দেৱব্ৰত শইকীয়াই কয়, “মহামান্য গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, যি যোৱা ১৪ মে’ৰ পৰা নগাঁও কেন্দ্ৰীয় কাৰাগাৰত NSA-ৰ অধীনত আবদ্ধ কৰি ৰখা হৈছে, সেই গোচৰটোৰ শুনানিৰ আজি চূড়ান্ত ৰায়দান কৰে ৷ এই ৰায়ত তেখেতক যি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী কৰি ৰখা হৈছিল তাৰ পৰা মুক্ত কৰি দিয়ে আৰু এয়া 'ইলিগেল' পদক্ষেপ হিচাপে মহামান্য আদালতে ঘোষণা কৰিছে । ”
অধিবক্তাগৰাকীয়ে লগতে কয়, “নগাঁও জিলা আয়ুক্তই এন এন এম ১৭/২০২৫/এন এছ এ/৮৩ নং জাননীৰ জৰিয়তে ধিঙৰ বিধায়ক আমিনুল ইছলামক সেই সময়ত বৰ্বৰ পহলগাম আক্ৰমণ সন্দৰ্ভত কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেখেতক নোটিচ জাৰি কৰি তেখেতক আবদ্ধ কৰা হৈছিল ৷ পিছত এই নোটিচৰ বিৰুদ্ধে এডভাইজৰী বোৰ্ডৰ ওচৰতো আমি আবেদন কৰিছিলোঁ ৷ শুনানি হৈছিল ।"
তেওঁ লগতে কয়, "গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি ইয়াৰ বিৰুদ্ধে গোচৰ তৰিছিলোঁ ৷ ডব্লিউ বি চি ক্ৰিমিনেল ৪০/২০২৫ নম্বৰ গোচৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত দীৰ্ঘদিন ধৰি শুনানি হৈছিল । যোৱা ৬ নৱেম্বৰৰ দিনা এই গোচৰৰ শুনানি সমাপ্ত হৈছিল ৷ তেতিয়াৰে পৰা গোচৰটোৰ শুনানি সংৰক্ষিত কৰি ৰখা হৈছিল ৷ বৃহস্পতিবাৰে মহামান্য আদালতে গোচৰটোৰ ৰায়দান কৰি আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনৰ পৰা মুক্ত কৰিছে ৷ তেখেত এতিয়া জে’লৰ পৰা ওলাই আহিব পাৰিব ।”
উল্লেখ্য যে আমিনুল ইছলামৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত যুক্তি দৰ্শাইছিল বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ আৰু তেওঁক সহযোগিতা আগবঢ়াইছিল অধিবক্তা দেৱব্ৰত শইকীয়া আৰু সৌম্যদীপ দে’য়ে । এতিয়া বৃহস্পতিবাৰে দিনটোৰ শেষলৈ হয়তো কাৰাগাৰৰ পৰা মুক্ত হ’ব বিধায়ক আমিনুল ইছলাম ৷

