ETV Bharat / state

অভিমন্যুৰ হতুৱাই শ্যামকানুৱে জুবিন গাৰ্গক যোগান ধৰিছিল সুৰা : অধিবক্তা

খোদ প্ৰবাসী অসমীয়া সাক্ষীয়ে শ্যামকানুৰ মিথ্যাচাৰ প্ৰমাণ কৰিলে । বৃহস্পতিবাৰে পুনৰ হ'ব জামিন আবেদনৰ শুনানি ।

shyamkanu mahanta
শ্যামকানু মহন্ত (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 8:55 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি ফাষ্টট্ৰেক আদালতত চলি আছে । তাৰ মাজতে বুধবাৰে গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয় । ইয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । চৰকাৰী অধিবক্তা জিয়াউৰ ৰহমানে সংবাদ মাধ্যমক অৱগত কৰা মতে ছিংগাপুৰত থকা সময়ত শ্যামকানুৱে মেইলযোগে জুবিনক সুৰা যোগান নধৰিবলৈ কৈছিল হোটেল কৰ্তৃপক্ষক ।

কিন্তু প্ৰবাসী ভাৰতীয় অভিমন্যুৰ দ্বাৰা শ্যামকানুৱে জুবিনক যোগান ধৰিছিল সুৰাৰ বটল । অৰ্থাৎ শ্যামকানুৰ মিথ্যাচাৰ প্ৰমাণ কৰিলে খোদ প্ৰবাসী অসমীয়া সাক্ষীয়ে । এই কথা আদালতত উত্থাপন কৰিছে চৰকাৰী অধিবক্তাগৰাকীয়ে ।

বৃহস্পতিবাৰে পুনৰ হ'ব জামিন আবেদনৰ শুনানি (ETV Bharat)

উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শ্যামকানুৰ জামিন আবেদনৰ শুনানি সম্পন্ন নহ'ল । বৃহস্পতিবাৰে পুনৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ'ব । ইফালে সিদ্ধাৰ্থ শৰ্মাৰ শপতনামা ভুলকৈ আদালতত জমা দিয়াৰ বাবে আদালতে আবেদন গ্ৰহণ নকৰিলে আৰু পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছে সিদ্ধাৰ্থৰ অধিবক্তাক ।

বুধবাৰৰ শুনানি সন্দৰ্ভত অধিবক্তা জিয়াউৰ কামাৰে কয়, "আজি শ্যামকানু মহন্তৰ জামিনৰ শুনানি আছিল যদিও আজি শুনানি সম্পন্ন নহ'ল । আজি গুৰুত্বপূৰ্ণ তিনিটা কথা আমি উত্থাপন কৰিছোঁ । শ্যামকানুৱে মেইলযোগে জুবিন গাৰ্গক সুৰা যোগান নিদিবলৈ হোটেল কৰ্তৃপক্ষক কৈছিল । কিন্তু প্ৰবাসী অসমীয়া সাক্ষীৰ ভাষ্য অনুসৰি অভিমন্যুৰ দ্বাৰা সুৰা ক্ৰয় কৰি আনি শ্যামকানুৱে জুবিনক যোগান ধৰিছিল সুৰাৰ বটল । য়টত যোৱাৰ পূৰ্বে এই সুৰাৰ বটল যোগান ধৰা হৈছিল । শ্যামকানুৰ ভাষ্য এটা নিমিলা অংক । তেওঁ এফালে সুৰা নিদিবলৈ মেইল দিছিল আনফালে আকৌ অভিমন্যুৰ দ্বাৰা সুৰা ক্ৰয় কৰি আনি জুবিনক দিছিল ।" অধিবক্তাগৰাকীয়ে লগতে কয়, "দীৰ্ঘদিন ধৰি জে'লত থকাৰ বাবে তেওঁক জামিন দিব লাগে বুলি এক যুক্তি দিয়া হৈছিল । যাৰ উত্তৰত আমি সেইটো কোনো কাৰণ হ'ব নোৱাৰে বুলি কৈছিলোঁ । তেওঁ জে'লত থকা মাত্ৰ ১৯০ দিনহে হৈছে সেইবাবে আমি জামিন আবেদন নাকচ কৰাৰ বাবে অনুৰোধ জনাইছোঁ ।"

অধিবক্তাগৰাকীয়ে লগতে উল্লেখ কৰা মতে অহা সপ্তাহৰ পৰা অভিযুক্তৰ দোষী সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

লগতে পঢ়ক :

শ্যামকানু জে'লত থাকিলে জুবিনৰ দৰে মহান আত্মাই কষ্ট পাব ! পত্নীয়ে ক'লে