কংস, কৃষ্ণ, ৰাধাই বুজালে পথ সজাগতা কিয় প্ৰয়োজন
ব্যতিক্ৰমী ৰূপত নলবাৰীৰ ৰাস মহোৎসৱ ৷ ৰাসৰ মঞ্চত পৰিবহণ বিভাগে কৰিছে কি... !

Published : November 17, 2025 at 2:43 PM IST
নলবাৰী: ‘‘পথ সুৰক্ষা জীৱন ৰক্ষা, ধীৰ গতি স্বৰ্গ গতি’’ ৷ পথ সুৰক্ষা আৰু সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগ এইবাৰ ব্যস্ত হৈ পৰিছে ৰাসৰ মঞ্চই মঞ্চই । উদ্দেশ্য মাথোঁ এটাই- এখন দুৰ্ঘটনামুক্ত অসম গঢ়া ৷
নিতৌ পথ দুৰ্ঘটনাত পংগু হৈছে বহুজন । প্ৰাণ গৈছে বহুজনৰ । বহু পৰিয়ালৰ সপোন হৈছে থানবান । পথ সুৰক্ষা আৰু পৰিবহণ বিভাগৰ নিয়ম নমনা উলংঘনকাৰীৰ বাবে দুৰ্ঘটনাত পতিত হৈ কিদৰে এটা জীৱন নিমিষতেই শেষ হৈ যায়, সেই কথা দেওবাৰে নিশা নলবাৰীৰ ৰাসত এক ব্যতিক্ৰমী ৰূপত, দীঘলীয়া ৰাস নাটকৰ মাজেৰে ৰাইজৰ আগত উপস্থাপন কৰিলে পৰিবহণ বিভাগে ।
কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ভাষণ আৰু নাটকৰ মাজেৰে সজাগতা সৃষ্টি কৰি সকলোকে সুৰক্ষাৰ দিশত গতি কৰিবলৈ আহ্বান জনায় । ৰাসৰ মঞ্চত কংস, কৃষ্ণ, ৰাধাৰ ভাওত অভিনয় কৰি বাহনৰ গতিবেগ, চীট বেল্ট, হেলমেট পৰিধানৰ মাজেৰে পৰিবহন বিভাগৰ নিয়মসমূহ মানি চলিবলৈও সজাগতাৰে আহ্বান জনায় ।
বিগত কেইবাদিনো গুৱাহাটী মহানগৰীৰ কেইবাখনো ৰাস মহোৎসৱত পৰিবহণ বিভাগৰ এই সজাগতা সৃষ্টিৰ অনুষ্ঠানৰ মাজতে দেওবাৰে নিশা নলবাৰী ৰাসতো অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটি । পৰিবহণ বিষয়া গৌতম দাসে কয়, ‘‘আমি ফাইন কাটিবলৈ ইচ্ছুক নহয়, ৰাইজক সুৰক্ষা দিয়াৰ বাবে আমি সেইখিনি কাম কৰিবলগীয়া হয় । যাতে সকলোৱে পৰিবহণৰ যাত্ৰাকালত আমাৰ নিয়মবোৰৰ মাজেৰে গতি কৰি সুৰক্ষিত হৈ থাকে ৷’’

তেওঁ কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো সময়তেই অসমখন দুৰ্ঘটনামুক্ত কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিছে । আমি জৰিমনা বিহি ভাগৰি গৈছো । সেয়েহে প্ৰভু কৃষ্ণক আহ্বান জনাইছো । এইসকল অসুৰৰূপী মানুহক সুমতি দিয়ক । সেয়েহে প্ৰভু শ্ৰীকৃষ্ণৰো অভিনয় এভাগ ৰাখিছো । সকলোৱে নিয়ম মানি চলক ৷’’
‘‘আমি সকলো সময়ত চেষ্টা চলাই গৈ আছো । ভিন্ন অনুষ্ঠানত ৰাইজক সজাগ কৰি আহিছো । সেয়েহে নলবাৰী ৰাসৰ মঞ্চতো আমি এই সজাগতা প্ৰদৰ্শন কৰিলো । যাতে কোনো দুৰ্ঘটনাই কাৰো আনন্দ ম্লান নেপেলায় ৷’’ গৌতম দাসে এইদৰে কয় ৷
পৰিবহণ বিষয়াগৰাকীয়ে কয়, ‘‘দেহা থাকিলেহে বেহা থাকিব ৷ দেহা ঠিকে থাকিলেহে সকলো ঠিকে থাকিব । সেয়েহে সুৰাপান কৰি গাড়ী নচলোৱাৰ লগতে চীট বেল্ট লগাই, হেলমেট পৰিধান কৰি গাড়ী চলোৱা উচিত ৷’’

আনহাতে নাটকৰ মাজে মাজে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা, লুইতকণ্ঠ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকৰ গীতেৰে স্মৰণ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাকো শ্ৰদ্ধা জনাই পৰিবহন বিভাগে ।
ইয়াৰ লগতে এগৰাকী দুৰ্ঘটনাগ্ৰস্ত লোক আৰু এগৰাকী মহিলাৰ দুৰ্ঘটনাৰ পিছত জীৱনৰ দূৰ্দশা কেনে হ’ব পাৰে, তাকো উপস্থাপন কৰে পৰিবহণ বিভাগে । ৰাসযাত্ৰীৰ মাজত সহায় বিচাৰি থাকোতে পৰিবহণ বিভাগে মঞ্চলৈ মাতি নি ঘটনাৰ বুজ লৈ ৰাইজৰ মাজত ব্যতিক্ৰমী ধৰণে এই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷
লগতে পঢ়ক: বৰ্তমান গুৱাহাটীৰ একমাত্ৰ পুৰণি ছবিগৃহটো

