পৰিৱেশ সুৰক্ষাৰ আদিপাঠ দিয়া বিদ্যালয় কৰ্তৃপক্ষই কাটিলে পুৰণি গছ
ডিব্ৰুগড়ৰ তিলৈনগৰত নিশা ৰাজহুৱা স্থানত অবৈধভাৱে গছ কটাক লৈ উত্তপ্ত পৰিস্থিতি, ৰাইজৰ প্ৰতিবাদ । পুৰণি বৃহৎ আকাৰৰ গছ কাটিলে স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই ।

Published : May 27, 2026 at 6:03 PM IST
ডিব্ৰুগড়: অসম চৰকাৰ পৰিৱেশ সেউজীয়া কৰিবলৈ আৰম্ভ কৰা 'অমৃত বৃক্ষ আন্দোলন' কাৰ্যসূচী এতিয়া এতিয়া ধোঁৱাচাঙত উঠিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ চৰকাৰী বিভাগসমূহে গছ কাটি তহিলং কৰা সময়ত ডিব্ৰুগড় জিলাৰ তিলৈনগৰত অৱস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই চূড়ান্ত মইমতালিৰে বিদ্যালয় চৌহদৰ বাহিৰত পথৰ দাঁতিত থকা প্ৰায় ৭ জোপা প্ৰকাণ্ড গছ কটাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
স্থানীয় প্ৰশাসন, বন বিভাগৰ অনুমতি নোলোৱাকৈ আৰু স্থানীয় ৰাইজৰ কোনো মতামত নোলোৱাকৈ ৫০/৬০ বছৰ পুৰণি প্ৰকাণ্ড গছসমূহ সন্ধিয়া কাটি পেলোৱা সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় যুৱক সংঘ, দল-সংগঠন আৰু শতাধিক ৰাইজ উপস্থিত হৈ তিলৈনগৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহি কৰে ।
অঞ্চলটোৰ ভিতৰতে অতি পুৰণি এই গছসমূহ মইমতালিৰে বিদ্যালয় কৰ্তৃপক্ষই কাটি পেলোৱাৰ পিছত উপস্থিত ৰাইজকহে বিভ্ৰান্তিকৰ মন্তব্য কৰাত নিশাই প্ৰতিবাদ সাব্যস্ত কৰে উপস্থিত ৰাইজে । ইফালে গছসমূহ কাটি বিদ্যালয় চৌহদৰ ভিতৰত ফলাৰ লগতে একাংশ গছৰ কুণ্ডা কাঠফলা মিলত বিক্ৰী কৰা ঘটনাই ৰাইজক হতভম্ব কৰিছে । ঘটনাস্থলীত খোৱাং আঞ্চলিক বন বিভাগৰ বিষয়া, মৰাণ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ।

বিদ্যালয় কৰ্তৃপক্ষই কোনো কাৰণতে চৌহদৰ বাহিৰত ৰাজহুৱা স্থানত থকা এই গছসমূহ বনবিভাগৰ অনুমতি অবিহনে কাটিব নোৱাৰে বুলি অৱগত কৰে । তদুপৰি বন বিভাগে নিশাই অভিযান চলাই গজপুৰীয়াৰ এটা কাঠমিলৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই বিক্ৰী কৰা কাঠ জব্দ কৰে । তদুপৰি ইতিমধ্যে কটা সকলো গছ জব্দ কৰাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বন বিষয়াই । আনহাতে অবৈধভাৱে গছ ধ্বংস কৰা বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত স্থানীয় ৰাইজে নিশাই খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে ।

ঘটনাস্থলীত উপস্থিত হোৱা বন বিষয়াই কয়,"বন বিভাগৰ আইনৰ অধীনত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বহু বছৰ পুৰণি নগা শিলিখা গছ কাটিছে তেওঁলোকে । বিদ্যালয় কৰ্তৃপক্ষই গছ কাটিবলৈ খোৱাং আঞ্চলিক বনবিভাগৰ কাৰ্যালয়ত আবেদন কৰিছিল যদিও বনবিভাগে তেওঁলোকক অনুমতি দিয়া নাছিল । তেওঁলোকে গছ কাটি বিক্ৰী কৰা কাঠ সমুহ জব্দ কৰা হ'ব ।"
মুঠৰ ওপৰত ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সুৰক্ষাৰ আদিপাঠ দিয়া বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এতিয়া ৰাইজৰ প্ৰতিবাদৰ পাছত বন বিভাগে গছ কাটি তহিলং কৰা বিদ্যালয়ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যনীয় হ'ব ।

