ETV Bharat / state

ৰং-তুলিকাৰে গ্ৰাম্য জীৱনক জীৱন্ত ৰূপ দিয়া চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতা

কেনভাচত অসমীয়া সংস্কৃতি আৰু গ্ৰাম্য জীৱনৰ প্ৰতিফলন ।

Attractive arts of Artist Jyoti Saikia Kalita
চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 17, 2026 at 12:05 AM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ: ৰং-তুলিকাৰে গ্ৰাম্য জীৱনক জীৱন্ত ৰূপ দিয়া সোণাপুৰৰ জ্যোতি শইকীয়া কলিতাৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা । দেশ-বিদেশত হৈছে তেওঁৰ চিত্ৰৰ প্ৰদৰ্শনী । চিত্ৰশিল্পক বুজি পোৱা, ভালপোৱা অনেকে সংগ্ৰহ কৰিছে তেওঁৰ অৰ্থৱহ শিল্পকৰ্মৰ ছবি ।

সুধাকণ্ঠ আৰু প্ৰাণৰ শিল্পীৰ কালজয়ী গীতৰ কথাৰে কেনভাচত অৰ্থৱহ অংকন কৰা জ্যোতি শইকীয়া কলিতা কেৱল এগৰাকী চিত্ৰশিল্পীয়েই নহয়, তেওঁ অসমীয়া গ্ৰাম্য সংস্কৃতিক কেনভাছত ধৰি ৰখা এগৰাকী সংৰক্ষকো । নীৰৱে অংকন কৰিছে বহুতো অৰ্থৱহ কেনভাছ । এই সম্পৰ্কতে ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন -

চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতাৰ সৃষ্টি (ETV Bharat Assam)

চিত্ৰশিল্পীৰ জীৱন যাত্ৰা আৰু গ্ৰাম্য জীৱনৰ চিত্ৰায়ন :

একাগ্ৰতা আৰু তীব্ৰ ইচ্ছা থাকিলে বয়স যে কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে, তাকেই প্ৰমাণ কৰি দেখুৱাইছে জ্যোতি শইকীয়া কলিতাই । গৃহিণীৰ পৰা দেশ-বিদেশত সমাদৃত এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পীলৈ তেওঁৰ যাত্ৰা সঁচাকৈয়ে বিস্ময়কৰ আৰু সমাজৰ বাবে এক অনুপ্ৰেৰণা ।

Attractive arts of Artist Jyoti Saikia Kalita
চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতাৰ সৃষ্টি (ETV Bharat Assam)

শিল্প যাত্ৰাৰ আৰম্ভণি : এক আকস্মিক জাগৰণ

প্ৰায় ১৯ বছৰ বৈবাহিক জীৱন অতিবাহিত কৰাৰ পাছত ২০১২ চনৰ জানুৱাৰীত তেওঁৰ ভিতৰত থকা সুপ্ত প্ৰতিভাই আত্মপ্ৰকাশ কৰে । সৰু পুত্ৰক এটা সূৰ্যাস্তৰ ছবি আঁকি দিওতেই তেওঁৰ হাতৰ যাদু ধৰা পৰে আৰু পুত্ৰৰ আৰ্ট স্কুলৰ শিক্ষকৰ অনুপ্ৰেৰণাত তেওঁ হাতত তুলিকা তুলি লয় । যি সময়ত মানুহে জীৱনৰ নতুন কাম আৰম্ভ কৰিবলৈ দ্বিধাবোধ কৰে, সেই সময়তে জ্যোতি শইকীয়া কলিতাই ৰং-তুলিকাৰে মিতিৰালি পাতিলে ।

Attractive arts of Artist Jyoti Saikia Kalita
চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতা (ETV Bharat Assam)

এই সন্দৰ্ভত তেওঁ কয়, "২০১২ চনৰ পৰা মই চিত্ৰশিল্পৰ সৈতে জড়িত হৈ পৰো । তাৰ আগতে মোৰ কোনো ধাৰণাও নাছিল । সৰু পুত্ৰক মই এটা সূৰ্যাস্তৰ ছবি আঁকি দিওতেই মনলৈ আহিল এই জগতখনত প্ৰৱেশ কৰাৰ কথা । তেতিয়াৰে পৰা মই অজানিতে চিত্ৰশিল্পৰ প্ৰতি আকৰ্ষিত হ'লো ।"

চিত্ৰকলাৰ বিষয়বস্তু আৰু অনন্য শৈলী :

শিল্পীগৰাকীৰ প্ৰতিখন কেনভাছত অসমীয়া সংস্কৃতি আৰু গ্ৰাম্য জীৱনৰ এক মৰ্মস্পৰ্শী প্ৰতিফলন দেখা যায় । তেওঁৰ ছবিৰ মূল আকৰ্ষণসমূহ হ’ল গ্ৰাম্য জীৱনৰ দস্তাবেজ : অসমীয়া সমাজৰ বিলুপ্তপ্ৰায় দৃশ্য যেনে মহিলাৰ বিয়নি মেল, পথাৰত মৎস্য চিকাৰ আৰু ঐতিহ্যমণ্ডিত গ্ৰাম্য পৰিৱেশ ।

সংগীতৰ দৃশ্যায়ন:

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতৰ আৱহক তেওঁ ৰং আৰু তুলিকাৰে কেনভাচত জীৱন্ত কৰি তুলিছে ।

Attractive arts of Artist Jyoti Saikia Kalita
চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতাৰ সৃষ্টি (ETV Bharat Assam)

প্ৰকৃতিপ্ৰেম:

অসমৰ আপৰুগীয়া ফুল আৰু প্ৰাকৃতিক দৃশ্যসমূহ তেওঁৰ তুলিকাত অতি নিপুণতাৰে প্ৰাণ পাই উঠে ।

স্বীকৃতি আৰু আন্তঃৰাষ্ট্ৰীয় সফলতা :

মাত্ৰ কেইবছৰমানৰ ভিতৰতে তেওঁৰ শিল্পকৰ্মই ভৌগোলিক সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । কুৰিখনতকৈ অধিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী ৬ খন, ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী ১৬ খন । তেওঁৰ ৬০ খনতকৈ অধিক ছবি দেশ-বিদেশৰ কলা অনুৰাগীয়ে সংগ্ৰহ কৰিছে ।

Attractive arts of Artist Jyoti Saikia Kalita
চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতাৰ সৃষ্টি (ETV Bharat Assam)

বিশেষ স্বীকৃতি:

অসম চাৰু-কাৰু কলা পৰিষদ আৰু মাজুলীৰ সত্ৰীয়া একাডেমীৰ পৰা বিশেষ অৰ্হতা অৰ্জন কৰিছে ।

সমাজলৈ অৱদান আৰু লক্ষ্য :

বৰ্তমান এগৰাকী অংকন শিক্ষয়িত্ৰী হিচাপে তেওঁ নতুন প্ৰজন্মক এই শিল্পৰ শিক্ষা প্ৰদান কৰি আহিছে । তেওঁ বিশ্বাস কৰে যে "শিক্ষাৰ কোনো অন্ত নাই" । ঘৰুৱা দায়িত্ব পালন কৰাৰ পাছতো তেওঁ শিল্পৰ বাবে সময় উলিয়াই যি নিষ্ঠা দেখুৱাইছে, সেয়া প্ৰতিগৰাকী নাৰীৰ বাবে আদৰ্শ ।

Attractive arts of Artist Jyoti Saikia Kalita
চিত্ৰশিল্প জ্যোতি শইকীয়া কলিতাৰ সৃষ্টি (ETV Bharat Assam)

জ্যোতি শইকীয়া কলিতা কেৱল এগৰাকী চিত্ৰশিল্পীয়েই নহয়, তেওঁ অসমীয়া গ্ৰাম্য সংস্কৃতিক কেনভাচত ধৰি ৰখা এগৰাকী সংৰক্ষকো । তেওঁৰ এই নিৰৱচ্ছিন্ন সাধনাই অসমৰ কলা-সংস্কৃতিৰ পথাৰখনক আৰু অধিক চহকী কৰিব বুলি আমি আশাবাদী ।

লগতে পঢ়ক:জৈৱিক চাহেৰে বছৰি ২৫ লাখ টকা উপাৰ্জন কৰা এগৰাকী মহিলা

নাৰী দিৱস ২০২৬ঃ জীৱনৰ কঠিন সময়ত কৃষিক জীৱিকা হিচাপে বাচি লোৱা গোলাপী চাংমাই এতিয়া আদৰ্শ খেতিয়ক

নাৰী দিৱস ২০২৬ঃ বহো তাঁতৰ পাতত, চকু আলিবাটত.... মাকো প্ৰস্তুত কৰি স্বাৱলম্বী হোৱা এখন গাঁও