অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি, মালবাহী ট্ৰাক চলাচল বন্ধৰ কৰাৰ হুংকাৰ ট্ৰাক চালকৰ
ট্ৰাক চালকৰ নিৰাপত্তাৰ দাবীত লাইলাপুৰত প্ৰতিবাদ ট্ৰাক চালকৰ, লাইলাপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

By PTI
Published : September 1, 2026 at 9:38 PM IST
গুৱাহাটী : মঙলবাৰে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ট্ৰাক চালকৰ নিৰাপত্ত বিচাৰি অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত ট্ৰাক চালকসকলে বিগত তিনিদিন ধৰি পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু মঙলবাৰে প্ৰতিবাদকাৰী ট্ৰাক চালক আৰক্ষী আহ্বানলৈ গুৰুত্ব দিয়া নাছিল ৷ যাৰ বাবে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে বাধ্য হয় ৷
ইফালে ট্ৰাক চালকক যেতিয়ালৈকে নিৰাপত্তা প্ৰদান কৰা হ'ব বুলি দুয়োখন ৰাজ্যই প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে বাণিজ্যিক বাহন অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অৱস্থান কৰিব বুলি প্ৰতিবাদকাৰী ট্ৰাকচালক সকলে উল্লেখ কৰে ৷
প্ৰতিবাদকাৰীৰ ট্ৰাক চালকৰ অভিযোগ অনুসৰি, অসম সীমান্ত পাৰ হৈ মিজোৰামত প্ৰৱেশ কৰাৰ লগে সামগ্ৰী কঢ়িওৱা ট্ৰাক চালকক অত্যাচাৰ চলায় ৷ লগতে চালকসকলৰ পৰা ধনদাবী,ভয়-ভাবুকি আদি প্ৰদান কৰে ৷ ট্ৰাক চালকৰ নিৰাপত্তা নিশ্চিত নকৰিলে সীমান্ততে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছিল ট্ৰাক চালকসকলে ৷ যাৰ বাবে ট্ৰাক চালকৰ নিৰাপত্তা বিচাৰি লাইলাপুৰত বিগত তিনিদিনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ট্ৰাক চালকসকলে ৷
অৱশেষত কাছাৰ জিলাৰ প্ৰশাসনিক বিষয়াসকলে লাইলাপুৰত উপস্থিত হৈ প্ৰতিবাদকাৰীক ছত্ৰভংগ দি যান-বাহন চলাচল পুনৰ আৰম্ভ কৰে। ঘাইপথৰ সিপাৰে ট্ৰাক পাৰ্কিং কৰি আন্দোলনকাৰীসকলে কয় যে যেতিয়ালৈকে দুয়োখন ৰাজ্য চৰকাৰে নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সুনিৰ্দিষ্ট সুৰক্ষা ব্যৱস্থা স্থাপন নকৰে তেতিয়ালৈকে কোনো বাণিজ্যিক চালান লাইলাপুৰ চেকপইণ্ট পাৰ হ’বলৈ দিয়া নহ’ব ।
আন্তঃৰাজ্যিক কৰিড’ৰত কেইবাখনো সামগ্ৰী ভৰ্তি ট্ৰাক আবদ্ধ হৈ থকাৰ ফলত অসম আৰু মিজোৰামৰ মাজত অত্যাৱশ্যকী সমগ্ৰীৰ যোগান ব্যাঘাত হৈছে । ইফালে ব্যৱসায়িক যাতায়ত পুনৰ চলালচ আৰু অব্যাহত ৰখাৰ বাবে প্ৰতিবাদকাৰীৰ সৈতেও কৰ্তৃপক্ষই আলোচনাত মিলিত হৈছে যদিও সমাধান ওলোৱা নাই ৷
লগতে পঢ়ক: মণিপুৰত পুনৰ হিংসা: কাংপকপিৰ তিনিখন নগা গাঁৱত গুলীচালনা, ইম্ফলত উদ্ধাৰ অস্ত্ৰ

