ETV Bharat / state

বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণৰ নামত দুৰ্নীতি কৰিছে কোনে ?

বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণৰ নামত চলিছে ব্যাপক দুৰ্নীতি । নিৰ্মাণ কাৰ্যৰ অধিকাংশ টকা আত্মসাতৰ চেষ্টা কৰাৰ অভিযোগ ।

Attempt to embezzle money meant for building the school toilet in Kalgachia
বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণৰ নামত দুৰ্নীতি কৰিছে কোনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2026 at 6:42 PM IST

2 Min Read
Choose ETV Bharat

কলগাছিয়া: কলগাছিয়াৰ দেউকুৰা ডিএমবিএম স্কুলত শৌচাগাৰ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ । অভিযন্তা ৰূপম আলী আৰু নিৰ্মাণ কমিটিৰ সভাপতি ছবিবুৰ ৰহমানে নিৰ্মাণ কাৰ্যৰ অধিকাংশ টকা আত্মসাত কৰাৰ অভিযোগ । উত্থাপিত অভিযোগৰ পিছতেই গোপনে ভাঙি পেলালে দুৰ্নীতিৰে নিৰ্মাণ কৰা শৌচাগাৰৰ দেৱাল । সম্প্ৰতি চৰকাৰী ধন অপচয় কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত দেউকুৰা ডিএমবিএমই বিদ্যালয়ত শৌচাগাৰ নিৰ্মাণ কৰিবলৈ বলাইপাথাৰ গাঁও পঞ্চায়তৰ পৰা ২০২০-২১ বৰ্ষত তিনি লাখ টকা আবণ্টন দিছিল যদিও অতি নিম্নমানৰ কাম কৰি সমুদায় টকা আত্মসাৎ কৰিবলৈ বিভাগীয় অভিযন্তা ৰূপম আলী আৰু নিৰ্মাণ কমিটিৰ সভাপতি ছবিবুৰ ৰহমানে মিলি অভিসন্ধি ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণৰ নামত দুৰ্নীতি কৰিছে কোনে ? (ETV Bharat Assam)

সেয়ে বিদ্যালয়খনত নিয়ম বহিঃভূতভাৱে শৌচাগাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । নিৰ্মাণ কাৰ্যত ৫ ইঞ্চিৰ ঠাইত ৩ ইঞ্চি দেৱাল নিৰ্মাণ কৰাৰ লগতে মাত্ৰ তিনিফুট দ' শৌচাগাৰৰ টেংকী নিৰ্মাণ কৰি ব্যাপক অনিয়ম সংঘটিত কৰি সমুদায় ধন আত্মসাৎ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে । পিছে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত গোপনে ভাঙি পেলোৱা হয় নিয়ম বহিঃভূতভাৱে নিৰ্মাণ কৰা দেৱালসমূহ ।

ইফালে অতি নিম্নমানৰ কাম হোৱা বুলি সাংবাদিকৰ আগত নিজ মুখে স্বীকাৰ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছবিবুৰ ৰহমানে । এই ক্ষেত্ৰত চৰকাৰী ধন অপচয় কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । দুৰ্নীতি সংঘটিত কৰি চৰকাৰী ধন অপচয় কৰাৰ বাবে অভিযান ৰূপম আলী আৰু নিৰ্মাণ কমিটিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই ।

লগতে পঢ়ক: জিএমচিএইছত ভয়ংকৰ কাণ্ড : নাৰ্ছে জ্বৰ হোৱা ৰোগীক দিলে বৃক্ক ৰোগৰ বেজী