চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান, মাৰণাস্ত্ৰ জব্দ
চোৰাংচিকাৰীৰ বিৰুদ্ধে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত বন বিভাগৰ অভিযান । জব্দ ৰাইফল ।

Published : March 21, 2026 at 1:11 PM IST
তেজপুৰ : চোৰাংচিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে । তাৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত বন বিভাগে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰি চোৰাং চিকাৰীৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে জনোৱা মতে চোৰাংচোৱাৰ পৰা নিৰ্ভৰযোগ্য তথ্য লাভ কৰাৰ পিছতে বন বিভাগে ইষ্টাৰ্ণ ৰেঞ্জৰ গমাৰী অঞ্চলত নিশাৰ টহল অধিক কটকটীয়া কৰি তোলে ।
২০ মাৰ্চৰ নিশা প্ৰায় ১০:৩০ বজাত বনকৰ্মীয়ে গনাটি অঞ্চলৰ ওচৰত এজন সন্দেহজনক লোকৰ গতিবিধি লক্ষ্য কৰে । যিজন লোকে এটা পেকেটত সন্দেহজনক মাৰণাস্ত্ৰ সদৃশ বস্তু কঢ়িয়াই আনিছিল । পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি লগে লগে ইষ্টাৰ্ণ ৰেঞ্জ আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন ৰেঞ্জৰ কৰ্মচাৰীসকলৰ সৈতে জ্যেষ্ঠ বিষয়াৰ এটা যৌথ দল গঠন কৰি অভিযান আৰম্ভ কৰা হয় ।

দলটোৱে সন্দেহজনক লোকজনক আটক কৰাৰ বাবে অভিযান চলাই যদিও আন্ধাৰৰ সুযোগ লৈ লোকজনে পলায়ন কৰিবলৈ সক্ষম হয় । অৱশ্যে বন বিভাগে সন্দেহ কৰা মতে লোকজন এতিয়াও নিকটৱৰ্তী অঞ্চলত আত্মগোপন কৰি আছে । তাৰ পিছতে সমগ্ৰ এলেকাটোত ব্যাপক তালাচী চলোৱা হয় । এই অভিযানত ঘটনাস্থলীৰ পৰা এটা দেশীয় ৰাইফল (বল্টবিহীন অৱস্থাত) আৰু এযোৰ জোতা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বৰ্তমানো অঞ্চলটোত অনুসন্ধান অব্যাহত আছে । বন বিভাগে জনাইছে যে গঁড়ৰ দৰে বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু এনে অবৈধ কাৰ্যৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়ক :

