ETV Bharat / state

আনৰ ঘৰ-মাটি নিজৰ কৰাৰ চক্ৰান্ত ! কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ এটা পৰিয়ালৰ

সম্পত্তিৰ এক গোচৰত ওম প্ৰকাশ গুপ্তা নামৰ এজন ব্যক্তিৰ ঘৰত উপস্থিত হোৱাৰ পাছতে ব্যক্তিজনৰ তিনিগৰাকী কন্যা আৰু তেওঁৰ পত্নীয়ে আক্ৰমণ কৰে কৰ্তব্যৰত আৰক্ষীক ।

Attack on Police offier
কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ এটা পৰিয়ালৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 30, 2026 at 2:34 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দায়িত্ব পালন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ । ডিব্ৰুগড়ৰ শান্তিপাৰা পূজা পথত সংঘটিত হয় আৰক্ষীৰ ওপৰত আক্ৰমণৰ এই ঘটনা । আক্ৰমণৰ বলি ৰুমী খাকলাৰী নামৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আদালতৰ নিৰ্দেশত সম্পত্তিৰ এক গোচৰত ওম প্ৰকাশ গুপ্তা নামৰ এজন ব্যক্তিৰ ঘৰত উপস্থিত হোৱাৰ পাছতে ব্যক্তিজনৰ তিনিগৰাকী কন্যা আৰু তেওঁৰ পত্নীয়ে আক্ৰমণ কৰে কৰ্তব্যৰত অৱস্থাত থকা মহিলা আৰক্ষী বিষয়াগৰাকীক ।

তেওঁলোকে উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে বিষয়াগৰাকীৰ কাপোৰ ফালি পিষ্টল কাঢ়ি লোৱাৰো চেষ্টা চলায় । ঘটনাৰ সময়ত আৰক্ষী বিষয়াগৰাকীৰ সৈতে আন আৰক্ষী আছিল যদিও তেওঁলোকৰ বাধাৰ মাজতো ওম প্ৰকাশ গুপ্তাৰ তিনি কন্যাই এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰে ।

কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ এটা পৰিয়ালৰ (ETV Bharat)

জানিব পৰা মতে, শান্তিপাৰা পূজা পথত অৱস্থিত আজিজুন হক নামৰ মহিলাগৰাকীৰ এটি বাসগৃহত বিগত ১৭ বছৰ ধৰি বিহাৰৰ ওম প্ৰকাশ গুপ্তাৰ পৰিয়ালটোৱে ভাৰাতীয়া হিচাপে বসবাস কৰি আহিছিল । মাটি-ঘৰৰ সকলো বৈধ নথি-পত্ৰ, জমাবন্দী আদি আজিজুন হকৰ নামত থকাৰ পাছতো ভাৰাতীয়া পৰিয়ালটোৱে উক্ত ঘৰটো খালী কৰিবলৈ অস্বীকাৰ কৰি আহিছিল । বহু বছৰ থকাৰ সুযোগ গ্ৰহণ কৰি পৰিয়ালটোৱে ঘৰটো আৰু মাটিখিনি অবৈধভাৱে নিজৰ দখললৈ নিবলৈ চেষ্টা কৰিছিল ।

ইয়াৰ পাছতে ভুক্তভোগী আজিজুন হকে সমগ্ৰ বিষয়টোক লৈ কাষ চাপিছিল আদালতৰ । আদালতে ৰায় দিছিল আজিজুন হকৰ পক্ষত । সেয়ে আদালতৰ পৰা ঘৰটো বেদখলমুক্ত কৰাৰ নিৰ্দেশ লাভ কৰাৰ পাছত ডিব্ৰুগড় সদৰ আৰক্ষীৰ এটা দল সোমবাৰে উক্ত ঘৰটোত উপস্থিত হয় ।‌ আৰক্ষীয়ে ভাৰাতীয়া পৰিয়ালটোক ঘৰৰ পৰা ওলাই আহিবলৈ বাৰে বাৰে আহ্বান জনাইছিল যদিও আৰক্ষীৰ নিৰ্দেশক গুৰুত্ব দিয়া নাছিল ।‌

পিছত পৰিয়ালটোক বাসগৃহৰ পৰা উলিয়াই পঠিয়াবলৈ আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰাৰ লগে লগে ক্ষোভিত ওম প্ৰকাশ গুপ্তাৰ পত্নী আৰু তেওঁৰ তিনিগৰাকী কন্যাই মহিলা আৰক্ষীৰ বিষয়াগৰাকীক আক্ৰমণ লক্ষ্য কৰি লয় । এই ঘটনাক লৈ তীব্ৰ উত্তেজানাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয় । ঘটনাৰ পাছতে শীৰ্ষ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

বৰ্তমান এই ঘটনা সন্দৰ্ভত ভাৰাতীয়া পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । ঘটনাক লৈ স্থানীয় এগৰাকী মহিলাই কয়, ‘‘ওম প্ৰকাশ গুপ্তাৰ ছোৱালীয়ে আৰক্ষীক মাৰপিট কৰে । বন্দুক কাঢ়ি লৈছে । বাইদেউৰ ষ্টাৰ এৰুৱাই লৈছে কাপোৰ ফালি দিছে । আমি মানা কৰিছিলো যদিও তেওঁলোকে শুনা নাছিল । লগত বহুত পুলিচ আছিল । আৰক্ষীয়ে বাধা দিছিল যদিও শুনা নাছিল তেওঁলোকে ।’’

লগতে পঢ়ক: চিকিৎসকৰ গাফিলতিক কেন্দ্ৰ কৰি বিশ্বনাথ চাৰিআলিত উত্তপ্ত পৰিস্থিতি