ETV Bharat / state

সাংবাদিকৰ ওপৰত বৰ্বৰ আক্ৰমণ; দোষীক কঠোৰ শাস্তিৰ দাবী শিলচৰ প্ৰেছ ক্লাৱৰ

সংবাদ মাধ্যমৰ কাৰ্যালয়ত প্ৰৱেশ কৰি দুষ্কৃতিকাৰীয়ে সাংবাদিকক আক্ৰমণ কৰে । শিলচৰ প্ৰেছ ক্লাৱে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ।

Silchar journalist assault
নিজৰ কাৰ্যালয়তে সুৰক্ষিত নহয় সাংবাদিক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 6:00 PM IST

3 Min Read
Choose ETV Bharat

শিলচৰ : ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এইবাৰ স্থান কাছাৰৰ শিলচৰ । শিলচৰত কৰ্মৰত সাংবাদিক ৰাজু দাসৰ ওপৰত দুষ্কৃতিকাৰীয়ে ভয়ংকৰ আক্ৰমণ কৰে । সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি সাংবাদিকজনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে । এই ঘটনাৰ পিছতে শিলচৰ প্ৰেছ ক্লাৱত সাংবাদিকৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় । শিলচৰ প্ৰেছ ক্লাৱে সাংবাদিকৰ ওপৰত হোৱা এই বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ।

জানিব পৰা মতে, যোৱা বৃহস্পতিবাৰে শিলচৰৰ পৰা প্ৰকাশিত দৈনিক বৰাক বাণী বাতৰি কাকত আৰু বৰাক বাণী প'ৰ্টেলৰ কাৰ্যালয়ত একাংশ দুষ্কৃতিকাৰী প্ৰৱেশ কৰে সাংবাদিক ৰাজু দাসৰ ওপৰত আক্ৰমণ চলায় । আক্ৰমণত ৰাজু দাস গুৰুতৰভাৱে আহত হয় । পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমানো সাংবাদিকগৰাকী চিকিৎসাধীন বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনা সন্দৰ্ভত শিলচৰৰ ৰাংগিৰখাড়ী আৰক্ষী চকীত এটা গোচৰো ৰুজু কৰা হৈছে । ঘটনাত জড়িত এজনক আৰক্ষী আটকো কৰিছে ।

নিজৰ কাৰ্যালয়তে সুৰক্ষিত নহয় সাংবাদিক (ETV Bharat)

এই ঘটনাৰ পিছতে ৰাজ্যৰ সংবাদজগতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাংবাদিকৰ ওপৰত হোৱা এনে বৰ্বৰ আক্ৰমণক সকলোৱে একেমুখে গৰিহণা দিছে । ঘটনাটোৰ পিছতে শিলচৰ প্ৰেছ ক্লাৱত বৰাকৰ সাংবাদিক সমাজে জৰুৰী বৈঠকৰ আয়োজন কৰে । শিলচৰ প্ৰেছ ক্লাৱৰ সম্পাদক শংকৰ দে'ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত ঘটনাটোক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে ।

দৈনিক বৰাক বাণী বাতৰি কাকত আৰু বৰাক বাণী ডিজিটেল নামৰ প'ৰ্টেলটোত শেহতীয়াকৈ দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পাই আহিছে । যাৰ বাবে সংবাদ প্ৰতিষ্ঠানটো একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ লক্ষ্য হৈ আহিছে বুলি একাংশই সন্দেহ কৰে ।

ঘটনাক তীব্ৰ গৰিহণা দি শিলচৰ প্ৰেছ ক্লাৱৰ সম্পাদক শংকৰ দে'ই কয়, "শিলচৰ চহৰত থকা এটা সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ সাহস দুষ্কৃতিকাৰীয়ে ক'ত পালে ? এই অঞ্চলত কাম কৰা সাংবাদিকসকলৰ নিৰাপত্তাক লৈ শিলচৰ প্ৰেছ ক্লাব উদ্বিগ্ন । এই অঞ্চলটো সমাজবিৰোধী চক্ৰৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

সাংবাদিকৰ ওপৰত আক্ৰমণক লৈ শিলচৰ প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া (ETV Bharat)

বৈঠক উপস্থিত থকা আন সাংবাদিকসকলেও এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সাংবাদিক ৰবি কুমাৰ শুক্লাই কয়, "সাংবাদিকৰ ওপৰত এনে ধৰণৰ আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয় । কেতিয়াবা মন্ত্ৰী, বিধায়ক বা নেতাসকলে সাংবাদিকক আক্ৰমণ কৰে, কেতিয়াবা সংবাদ সংগ্ৰহ কৰিবলৈ গ'লে সাংবাদিক আক্ৰমণৰ বলি হয় । এনে ঘটনাবোৰ মানি ল'ব নোৱাৰোঁ । ইয়াৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

সমগ্ৰ ঘটনাটো সন্দৰ্ভত বৰাক বাণী সংবাদ প্ৰতিষ্ঠানটোৰ সম্পাদক তথা স্বত্বাধিকাৰী নিখিল দাসে কয়, "সাংবাদিক ৰাজু দাসে দীৰ্ঘদিন ধৰি আইপিএল জুৱা আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি সন্দৰ্ভত বাতৰি কৰি আছিল । সেইবোৰৰ কাৰণেও তেওঁৰ ওপৰত আক্ৰমণ হ'ব পাৰে !"

দাসে এই ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি ইয়াৰ লগতে জড়িত সকলো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী জনায় । ঘটনাৰ লগত জড়িত সকলো দুষ্কৃতিকাৰী আৰু ইয়াৰ আঁৰত থকা সকলোকে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে অহা সোমবাৰে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাবেও এই বৈঠকত সিদ্ধান্ত লোৱা হয় ।

লগতে পঢ়ক : পুলিচগিৰি নে গুণ্ডাগিৰি : নিশা ৰাজপথত নিৰীহ ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ !