ETV Bharat / state

সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বনবিভাগৰ শিবিৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ

অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত নগাৰ আগ্ৰাসন । নগা দুৰ্বৃত্তই আক্ৰমণ চলালে বনবিভাগৰ অস্থায়ী নিৰীক্ষণ শিবিৰত ।

Attack by Naga miscreants at forest department camp in Sarupathar
অসম-নাগালেণ্ড সীমান্তৰ বনবিভাগৰ শিবিৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 12:00 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: সৰুপথাৰৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত সৃষ্টি হৈছে পুনৰ এক তীব্র উত্তেজনাময় পৰিস্থিতিৰ । নগা দুৰ্বৃত্তই খেৰবাৰীত অসম বনবিভাগে নিৰ্মাণ কৰা এটা টহলদাৰি কেম্পত অতৰ্কিতে আক্ৰমণ চলায় । শনিবাৰে বিয়লিভাগত সংঘটিত হয় এই ঘটনা । দুৰ্বৃত্তৰ দলটোৱে কেৱল আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি বনবিভাগৰ সেই অস্থায়ী নিৰীক্ষণ শিবিৰটো সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তাত অগ্নিসংযোগ কৰে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে ।

এই আক্ৰমণৰ সময়ত শিবিৰটোত উপস্থিত থকা শ্ৰমিককে ধৰি বন বিভাগৰ প্ৰায় ৭ জনকৈ কৰ্মচাৰীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰু এই অনাকাংক্ষিত ঘটনাৰ পাছতে এতিয়া সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত এক আতংকময় আৰু চেপা উত্তেজনাই বিৰাজ কৰিছে ।

উল্লেখযোগ্য যে বনাঞ্চলৰ ভূমি বেদখলকাৰী লোকক উচ্ছেদৰ পিছতেই নগা দুৰ্বৃত্তৰ লোকে অসমৰ সীমান্তৰ ভূমি দখল কৰিবলৈ অবিৰতভাৱে চেষ্টা চলাই আহিছে । নিতৌ ন ন কৌশলেৰে নগা দুৰ্বৃত্তই অসমত কূটনীতিমূলক কাৰ্য সংঘটিত কৰি পৰিৱেশ অস্থিৰ কৰিবলৈ চেষ্টা চলাই আহিছে ।

অসমৰ বন বিভাগে উৰিয়ামঘাট সীমান্তত ৰোপণ কৰা গছপুলি কাটি তহিলং কৰিছিল । চুঙাজানত প্ৰায় ৯০ ঘৰ মানুহৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল । অসমৰ ভূমিত পেট্ৰ'ল পাম্প নিৰ্মাণ ইত্যাদি কাৰ্য সংঘটিত কৰিয়েই ক্ষান্ত নাথাকি শনিবাৰে পুনৰ নগা দুৰ্বৃত্তই অসম বন বিভাগে নিৰ্মাণ কৰা এটা টহলদাৰি শিবিৰত অতৰ্কিতে আক্ৰমণ চলায় । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক: ১২ জনকৈ শিল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ঘেৰাও বাসগৃহ

নতুন দিল্লীত মুখ্যমন্ত্রী: প্ৰধানমন্ত্রী আৰু ৰে'ল মন্ত্রীক সাক্ষাৎ