ETV Bharat / state

দালালি কৰা বন্ধ কৰক: নেলীত চৰকাৰৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ

তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু চৰকাৰী মাটিত অবৈধভাৱে বাস কৰা লোকক উচ্ছেদ কৰাৰ দাবীত নেলীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ ৷

protest against Assam Government
নেলীত চৰকাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 5:39 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: সোমবাৰে দিনৰ ভাগত সদৌ তিৱা ছাত্ৰ সন্থা (ATSU) আৰু ট্ৰাইবেল বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটীৰ যৌথ উদ্যোগত এক ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তিৱা স্বায়ত্ত পৰিষদক অতি শীঘ্ৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু জনজাতি খণ্ড বেষ্টনীৰ ভূমি সুৰক্ষিত কৰাৰ দাবীত মৰিগাঁও জিলাৰ নেলী তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয় ৷

প্ৰতিবাদকাৰী সংগঠন দুটাই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰৰ ওচৰত মূলতঃ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে । ইয়াৰ ভিতৰত প্ৰধান দাবীসমূহ হ’ল- তিৱা স্বায়ত্ত পৰিষদক অতি শীঘ্ৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা, নতুনকৈ অন্তৰ্ভুক্ত কৰা ১১৩ খন ৰাজহ গাঁৱৰ ভোটাৰ তালিকা প্ৰস্তুত আৰু পূৰ্বৰ তালিকা সংশোধন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে পৰিষদৰ নিৰ্বাচন অতি সোনকালে অনুষ্ঠিত কৰা ।

নেলীত চৰকাৰৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ (ETV Bharat Assam)

​সংগঠনৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘‘পশ্চিম কাৰ্বি আংলং জিলাত নিৰ্মাণ কৰিব বিচৰা জলবিদ্যুৎ প্ৰকল্পৰ চৰকাৰী সিদ্ধান্ত চৰকাৰে অতি শীঘ্ৰে বাতিল কৰিব লাগিব । ইয়াৰ উপৰিও তিৱা স্বায়ত্ত পৰিষদৰ ভুৱা কামৰ অৰ্ডাৰ দি কেইবাকোটি টকা আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে CBI তদন্তৰ জৰিয়তে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো ।"

​প্ৰতিবাদকাৰীসকলে জনজাতি খণ্ড বেষ্টনীৰ অন্তৰ্গত PGR, VGR আৰু NC চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা বহিৰাগত, বাংলাদেশী আৰু বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰাৰো দাবী তোলে । লগতে এই ভূমিত অবৈধভাৱে হস্তান্তৰ আৰু ভুৱা নামজাৰী বাতিল কৰিবলৈও চৰকাৰক সকীয়াই দিয়ে ।

ATSU and Tribal Belt Block and Land Protection Committee protest against Assam Government in Morigaon Nellie
চৰকাৰৰ বিৰুদ্ধে নেলীত প্ৰতিবাদ (ETV Bharat Assam)

'বসুন্ধৰা' আঁচনিৰ অধীনত ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতীয় ৰাইজক আকাশ মাৰ্গেৰে নগৰ সীমান্তৰ ১ কিঃমিঃ দূৰত্বৰ পৰা ভূমিপট্টা প্ৰদান কৰাৰ বাবেও সংগঠন দুটাই জোৰদাৰ দাবী উত্থাপন কৰে ।

ATSU and Tribal Belt Block and Land Protection Committee protest against Assam Government in Morigaon Nellie
নেলীত চৰকাৰৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট (ETV Bharat Assam)

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক সক্ৰিয় কৰ্মী তথা স্থানীয় জনজাতীয় ৰাইজে অংশগ্ৰহণ কৰি চৰকাৰক তেওঁলোকৰ দাবীসমূহ অনতিবিলম্বে পূৰণ কৰিবলৈ আহ্বান জনায় ৷ অন্যথা আগন্তুক দিনত ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি নেতৃত্বই হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : সৃজনগ্ৰামত পথৰ দুৰৱস্থাই ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ৰাইজক, দহবাৰ চিন্তা কৰিব লাগে খোজ দিবলৈ

লগতে পঢ়ক : শিৱসাগৰৰ বিজি-শিমলুগুৰি সংযোগী পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ