উজনিৰ বান চৰকাৰ আৰু কিছু দল-সংগঠনৰ বাবে উৎসৱ হৈ পৰিছে: আটাছু
অখিল গগৈ আৰু দল-সংগঠনক বান সাহায্যৰ নামত ধন নিদিবলৈ আহ্বান আটাছুৰ । বিধায়ক ময়ূৰ বৰগোঁহাইক মুখ খুলিবলৈ আহ্বান ।

Published : August 16, 2026 at 8:39 AM IST
ডিব্ৰুগড়: প্ৰলয়ংকাৰী বানে উজনিৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শ শ ৰাইজক সৰ্বস্বান্ত কৰিলে । এই বানত ঘৰ-সম্পত্তি হেৰুৱাই মূৰে-কপালে হাত দিব লগা হোৱা ৰাইজক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ চেষ্টা কৰিছে ।
চৰকাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা সময়ত একাংশ সমাজ সচেতন লোকো সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
কোনোৱে যদি ঘৰ সাজি দিছে, আন কোনোবাই খাদ্য, কাপোৰৰ লগতে ঘৰুৱা সামগ্ৰী যোগান ধৰিছে । কিন্তু ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া মৰাণত সংবাদমেল অনুষ্ঠিত কৰি শেহতীয়া বান পৰিস্থিতিক লৈ আটাছুৰ সভাপতি মিলন বৰগোঁহাইয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে।
উজনিৰ বান চৰকাৰ আৰু কিছু দল-সংগঠনৰ বাবে উৎসৱ হৈ পৰিছে বুলি অভিযোগ কৰি তেওঁ কয়, "চৰকাৰ আৰু কিছু দল-সংগঠনে বানটো উৎসৱৰূপে উদযাপন কৰাহে পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰী সাহায্য পুঁজিত কোটি কোটি টকা বিভিন্নজনে দিছে। এই ধন দিয়াসকলে ভাবিব লাগিছিল যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ধন দিয়াতকৈ নিজে পৰিকল্পনা কৰি কাম কৰা হ'লে তাৎক্ষণিকভাৱে বানাক্ৰান্ত ৰাইজ উপকৃত হ'লহেঁতেন ।"
বৰগোঁহাইয়ে কয়, "মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ভাল কৰিবলৈ বহুতেই বানৰ নামত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন দিছে । চৰকাৰৰ মন্ত্ৰী বিধায়কসকলেও প্ৰতিযোগিতাত নামিছে প্ৰচাৰৰ নামত । প্ৰকৃততে বানাক্ৰান্তই সহায় লাভ কৰিছেনে নাই তাক বুজ ল'বলৈ সময় নাই ।"
অখিল গগৈ আৰু দল-সংগঠনক বান সাহায্যৰ নামত ধন নিদিবলৈ আহ্বান:
চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বানাক্ৰান্তক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাই অখিল গগৈয়ে কৰা প্ৰতিবাদক আটাছুৰ সভাপতি গৰাকীয়ে আদৰণি জনায়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়," অখিল গগৈয়ে ৰাইজৰ স্বাৰ্থত যি প্ৰতিবাদ কৰিছে খুব ভাল হৈছে । তেওঁ যি পুঁজিৰ দাবী কৰিছে চৰকাৰে তাতকৈ বেছি পুঁজি দিয়ক সেই দাবী আমি কৰিছোঁ ।"
মুকলিভাৱে পুঁজিৰ আহ্বান কৰাৰ প্ৰসংগত বৰগোঁহায়ে কয়,"কিন্তু অখিল গগৈ আৰু আন কিছুমানে মুকলিভাৱে পুঁজি দিয়ক বুলি ৰাইজক আহ্বান জনাই থকাটো টাই আহোম ছাত্ৰ সন্থাই সমৰ্থন নজনাওঁ । ধন দিব বিচৰাসকলে পোনপটীয়াকৈ ৰাইজক সহায় কৰক, অখিল গগৈ বা কোনো দল-সংগঠনক নিদিব । যিসমূহ দল-সংগঠন, ইউটিউবাৰ আৰু বিধায়ক অখিল গগৈয়ে বানাক্ৰান্তক সহায় বাবে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে তেওঁলোকে ধন ক'ত ক'ত খৰছ কৰিছে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিব ।"
বিধায়ক ময়ূৰ বৰগোঁহাইক মুখ খুলিবলৈ আহ্বান:
দীৰ্ঘদিনে কোন কোন দল-সংগঠনৰ আৰু ব্যক্তিয়ে অসম-নাগালেণ্ডৰ সীমান্তত শিল খনন কৰি আছে সেইসকলৰ নাম কৈ দিলে জেলত সোমাব লাগিব বুলি সংবাদ মাধ্যমত উল্লেখ কৰিছিল নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোঁহাইয়ে ।
এই সন্দৰ্ভত আটাছুৰ সভাপতি মিলন বৰগোঁহাইয়ে কয়,"ময়ূৰ বৰগোঁহাইক মুখ খুলিবলৈ আহ্বান জনাইছোঁ । কোন কোন ব্যক্তিৰ বাবেই এই মহাপ্ৰলয় হ'ল সেইসকলৰ নাম ৰাজহুৱা কৰিব লাগে যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু ৰাইজে তেওঁক চিনি পায় । চৰকাৰে সমগ্ৰ বিষয়টো উচিত তদন্ত কৰি যাৰ ভুলৰ বাবে এই ঘটনা হ'ল তেওঁলোকক উচিত শাস্তি দিব লাগে ।"

