ETV Bharat / state

নতুন বছৰৰ আৰম্ভণিতে তেজপুৰ চহৰৰ পৰ্যটন ক্ষেত্ৰত পৰ্যটকৰ সোঁত

বছৰৰ প্ৰথম তিনিটা দিনতে পৰ্যটকে ভৰিছে ঊষা নগৰী তেজপুৰ । কোনোৱে খাইছে বনভোজ, কোনোৱে সেৱা জনাইছে তীৰ্থস্থানত ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
নতুন বছৰৰ আৰম্ভণিতে তেজপুৰ চহৰৰ পৰ্যটন ক্ষেত্ৰত পৰ্যটকৰ সোঁত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 1:43 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ: সৌন্দৰ্যৰ নগৰী, শিলে কথা কোৱা ঐতিহাসিক চহৰ তেজপুৰৰ বিভিন্ন পৰ্যটন স্থানত বছৰৰ প্ৰথম তিনিদিন অগণন পৰ্যটকৰ আগমন ঘটিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ছাত্র-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণৰ লগতে বিভিন্ন পৰ্যটকৰ লানি নিছিগা ভিৰ এতিয়া তেজপুৰত । তেজপুৰ চহৰৰ ঐতিহাসিক স্থান বান ৰজাই স্থাপন কৰা মহাভৈৰৱ মন্দিৰ, ঊষা-অনিৰুদ্ধৰ লগতে হৰিহৰ যুদ্ধৰ স্মৃতি বিজড়িত চিত্ৰলেখা উদ্যান, অগ্নিগড়লৈ ঢাপলি মেলিছে অগণন পৰ্যটক ।

তেজপুৰ চহৰ সৌন্দৰ্যৰ নগৰী হিচাপে বিবেচিত আৰু শিলৰ নগৰী হিচাপেও প্ৰসিদ্ধ । ঔগুৰি বামুনী পাহাৰৰ শিলৰ ভাস্কৰ্যৰে সমৃদ্ধ এই স্থান প্ৰখ্যাত শিৱভক্ত পৌৰাণিক সময়ৰ বান ৰজাৰ ৰাজধানী আছিল ।

নতুন বছৰৰ আৰম্ভণিতে তেজপুৰ চহৰৰ পৰ্যটন ক্ষেত্ৰত পৰ্যটকৰ সোঁত (ETV Bharat Assam)

মহাভৈৰৱ মন্দিৰ:

এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ শিৱলিংগ থকা মন্দিৰ হৈছে মহাভৈৰৱ । পৌৰাণিক তথ্য অনুসৰি এই মন্দিৰ স্থাপন কৰিছিল মহাদেৱৰ পৰম ভক্ত শোণিতপুৰৰ ৰজা বানাসুৰে । বান ৰজাই জীয়া ভৰলী নদীৰে নাৱৰে পানী আনি মহাদেৱৰ এই শিৱলিংগত ঢালিছিল । এই মন্দিৰৰ লিংগ জাগ্ৰত, প্ৰতি বছৰে লিংগৰ আকাৰ বৃদ্ধি হৈ গৈ থাকে বুলি বিশ্বাস আছে ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
অন্যতম আকৰ্ষণস্থলী মহাভৈৰৱ মন্দিৰ (ETV Bharat Assam)

দৈনিক লিংগ পঞ্চামৃতেৰে ধুই পূজা-অৰ্চনা কৰি লিংগৰ কাপোৰ সলনি কৰা হয় । দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইৰ ভ্ৰমণৰ সময়তে এই লিংগৰ আকাৰ বৃহৎ বুলি স্বীকৃতি দিছিল । বিগত ২০২৩ বৰ্ষত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও এই মন্দিৰ ভ্ৰমণ কৰে । নৱবৰ্ষৰ এই প্ৰথম দিনকেইটাত মন্দিৰলৈ বহু দূৰ-দূৰণিৰ ভক্তপ্ৰাণ লোকে আহি আৰ্শীবাদ গ্ৰহণ কৰে । পুৰোহিতৰ মতে বছৰৰ এই তিনিটা দিনতো বহুতো ভক্তৰ সমাগম হৈছে মন্দিৰলৈ লগতে পৰ্যটকৰ সংখ্যাও বহুখিনি বৃদ্ধি পাইছে ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
অগ্নিগড়ৰ আন এক দৃশ্য (ETV Bharat Assam)

অগ্নিগড়:

অগ্নিগড় এটা বৃহৎ পাহাৰ বা টিলা যি ঠাইত বান ৰজাই তেওঁৰ জীয়ৰী ঊষাক অগ্নিৰ কুণ্ডৰে ঘেৰি ৰাখিছিল । ঊষা আৰু ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ লগত গোপন প্ৰেমৰ উন্মেষৰ ফলতে বান ৰজাই ঊষাক এই স্থানতে নিৰপদে ৰাখিছিল । বৰ্তমান অগ্নিগড় পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু । দৈনন্দিন প্ৰায় ২ হাজাৰলৈকে পৰ্যটকৰ সোঁত বয় । বিশেষকৈ ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ শেষলৈকে এই স্থানত পৰ্যটকে ভিৰ কৰে ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
নিৰ্মীয়মান ৰ'পৱে (ETV Bharat Assam)

তেজপুৰ এনভাৰমেণ্ট ছ'চাইটিৰ দ্বাৰা পৰিচালিত এই স্থান বৰ্তমান মেৰামতিৰ অভাৱত কিছু পৰিমানে বিঘ্নিত হৈছে । অৱশ্যে এই অগ্নিগড়ৰতে বৰ্তমান দ্বিতীয় কামাখ্যাখ্যাত মা ভৈৰৱী মন্দিৰলৈকে ৰ'পৱে নিৰ্মাণৰ কাম অব্যাহত আছে । ফলস্বৰূপে অগ্নিগড়ৰ সৌন্দৰ্য কিছু ম্লান পৰিছে । গুৱাহাটীৰ পৰা অহা এজন পৰ্যটকৰ মতে এই ঠাই অত্যন্ত নিৰিবিলি আৰু সুন্দৰ, পুনৰ নিৰ্মাণৰ কামসমূহ চলি থকাৰ বাবে কিছু স্পষ্ট ৰূপত প্ৰতিফলিত হোৱা নাই ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
চিত্ৰলেখা উদ্যানৰ আন এক সুন্দৰ দৃশ্য (ETV Bharat Assam)

লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শংকৰদেৱ বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰই কয়- "ঠাইখনলৈ আহি হৰিহৰ যুদ্ধৰ কাহিনী আৰু গন্ধৰ্ব বিবাহৰ দৃশ্য দেখি আচৰিত হ'লো । অগ্নিগড়ৰৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ নান্দনিক দৃশ্যও উপলব্ধ ।" উল্লেখযোগ্য যে অগ্নিগড়ত ভ্ৰমণ কৰাৰ সময় শীতৰ সময়তহে উপযোগী, কাৰণ ইয়াৰ উচ্চতাৰ বাবে সূৰ্যৰ প্ৰখৰ ৰ'দ পোনপটীয়াকৈ পৰে ।

চিত্ৰলেখা উদ্যান বা ক'ল পার্ক:

চিত্ৰলেখা হৈছে ঊষাৰ সখী ৷ সেই সময়ত চিত্ৰলেখা চিত্ৰত পাৰ্গত আছিল । এদিন বান ৰজাৰ জীয়ৰী ঊষাই সপোনত অনিৰুদ্ধক দেখা পোৱাৰ কথা চিত্ৰলেখাক জনোৱাত চিত্ৰলেখাই অনিৰুদ্ধৰ হুবহু চিত্ৰ আঁকি দিয়ে আৰু ঊষাই সেই ছবি চাই অনিৰুদ্ধক স্বামী হিচাপে মানি লয় আৰু পৰৱৰ্তী সময়ত চিত্ৰলেখাই ঊষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ সম্পন্ন কৰে ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
চিত্ৰলেখা উদ্যান (ETV Bharat Assam)

চিত্ৰলেখা উদ্যানক ক'ল পার্ক হিচাবেও জনা যায় ৷ ইয়াৰ কাৰণ হৈছে ব্ৰিটিছ শাসনৰ সময়ত সেই সময়ত ছাৰ হেনৰী ক'লে এই স্থানত সিঁচৰতি হৈ থকা বিভিন্ন শিলৰ ভগ্নাৱশেষ খোদিত চিহ্নসমূহ একত্ৰিত কৰি এই ঠাইখন অৱসৰ বিনোদনৰ বাবে তৈয়াৰ কৰিছিল । পৰৱৰ্তী সময়ত শোণিতপুৰৰ উপায়ুক্ত এম জি ভি কে ভানুৱে সম্পূৰ্ণৰূপে সংৰক্ষণ কৰি পৰ্যটনৰ আকৰ্ষণীয় ঠাই হিচাপে গঢ় দিয়ে । ইয়াৰ শিলালিপিসমূহত থকা বিভিন্ন খোদিত ছবিসমূহে গুপ্ত যুগৰ পৰিচয় বহন কৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
ঊষা-চিত্ৰলেখাৰ প্ৰতিমূৰ্তি (ETV Bharat Assam)

তেজপুৰ চহৰৰ সমীপৱৰ্তী উল্লেখযোগ্য পৰ্যটনৰ স্থান আছে বিশেষকৈ দ' পৰ্বতীয়া শিলৰ তোৰণ । এই তোৰণ কেন্দ্ৰীয় প্ৰত্নতাত্বিক বিভাগৰ দ্বাৰা তদাৰক কৰা হয় । এই স্থানৰ সম্পূৰ্ণৰূপে সংৰক্ষণ কৰি ৰখা হৈছে । সমান্তৰালভাৱে তেজপুৰ চহৰৰ পৰা উত্তৰে অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত অসমৰ এক বিশেষ ৰাষ্ট্ৰীয় উদ্যান নামেৰী ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্র প্রকল্প ।

At the beginning of the new year, the flow of tourists in Tezpur city's tourism sector
চিত্ৰলেখা উদ্যানৰ এক মনোৰম দৃশ্য (ETV Bharat Assam)

বিখ্যাত দেওহাঁহৰ বাবে প্ৰসিদ্ধ এই উদ্যান জীয়া ভৰলী নদীৰ সমীপতে অৱস্থিত যাৰ বাবে অসমৰ ভিতৰতে একমাত্ৰ উপলব্ধ শিলঘৰীয়া আৰু পিঠিয়া মাছ । নামেৰীৰ এই নান্দনিক দৃশ্যৰ উপভোগ কৰাৰ বাবে এই সময়ত পৰ্যটকৰ সোঁত বয় । নামেৰীত বিভিন্ন প্ৰজাতিৰ চৰাই বিশেষকৈ বিলুপ্ত প্ৰায় ধনেশ পখীৰ বাবে বিখ্যাত ।

লগতে পঢ়ক: অসমত কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত শেষ মোহৰ মাৰিব প্ৰিয়ংকা গান্ধীয়ে

জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন মুম্বাইৰ বিশিষ্ট উদ্যোগপতিৰ