ডাভোছত ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ, অসমক দ্ৰুতগতিত বৃদ্ধি পোৱা বিনিয়োগ কেন্দ্ৰ বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ পথত সবলভাৱে আগবাঢ়িছে বুলি দাবী মুখ্যমন্ত্রীৰ ।

By ANI
Published : January 21, 2026 at 1:09 PM IST
ডাভোছ (ছুইজাৰলেণ্ড): বিশ্ব অর্থনৈতিক মঞ্চত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ভাৰতৰ দ্রুত অর্থনৈতিক উত্থানৰ ওপৰত আলোকপাত কৰে । ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ পথত দৃঢ়ভাৱে আগবাঢ়িছে বুলি আস্থা প্রকাশ কৰি মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিয়ে ।
কেন্দ্ৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্রীগৰাকীয়ে । মুখ্যমন্ত্রী শৰ্মাই ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্যৰ উদ্ধৃতিৰে অসম ভাৰতৰ দ্রুতগতিত বিকশিত অর্থনীতি হিচাপে আত্মপ্রকাশ কৰিছে বুলি কয় । এইদৰে উল্লেখ কৰি হাইড্র'কার্বন আৰু সেউজ শক্তি খণ্ডত ইয়াৰ সম্প্ৰসাৰিত সুযোগসমূহ গ্ৰহণ কৰিবলৈ বিশ্ব বিনিয়োগকাৰীসকলক আমন্ত্রণ জনায় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ পথত সবলভাৱে আগবাঢ়িছে ৷ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নীতি বিশেষকৈ তেওঁৰ এক্ট ইষ্ট পলিচিৰ দ্বাৰা অসমে অপৰিসীম লাভৱান হৈছে ।"
Assam is the key pillar of India's Act East Policy and guided by the leadership of Hon'ble Prime Minister Shri @narendramodi ji, we have emerged as the country's fastest growing State.
— Himanta Biswa Sarma (@himantabiswa) January 20, 2026
I invite investors to explore the opportunities Assam has to offer.@wef#AssamAtDavos pic.twitter.com/QMsWPtcPyE
"ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখন দেশৰ ভিতৰতে দ্রুতগতিত বিকশিত অর্থনীতিলৈ পৰ্যবসিত হৈছে ৷ হাইড্র'কার্বনৰ ক্ষেত্ৰত আমি শক্তিশালী হৈ থকাৰ সময়তে আমি সেউজ শক্তিৰ ক্ষেত্রতো বৃহৎ অগ্রগতি লাভ কৰিছো ৷ অৱশেষত অসম আহি পালেহি, আমি বিনিয়োগকাৰী আৰু নেতাসকলক আমাৰ ৰাজ্যখন বিবেচনা কৰিবলৈ আমন্ত্রণ জনাইছো ।" ইয়াত অপৰিসীম সম্ভাৱনা আছে বুলি কয় মুখ্যমন্ত্রী শর্মাই ।
বিশ্ব অর্থনৈতিক মঞ্চত বিশ্ব ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূর্বে হিমন্ত বিশ্ব শর্মাই টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰে । এক্সত এটা পোষ্টত মুখ্যমন্ত্রীয়ে কয় যে টাটা গ্রুপে অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগক আগুৱাই নিছে আৰু ৰাজ্য চৰকাৰে বিশ্বৰ গুৰুত্বপূর্ণ উদ্য়োগীৰ সৈতে সহযোগিতা কৰি পৰিৱেশতন্ত্রক অধিক শক্তিশালী কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।
Ahead of my meeting with representatives from the global semiconductor industry at @wef later today, I had a good conversation with Shri N Chandrasekaran, the Chairman of @TataCompanies.
— Himanta Biswa Sarma (@himantabiswa) January 20, 2026
The Tata Group is anchoring Assam’s semiconductor industry and we are keen to strengthen… pic.twitter.com/Me3z9z6Hqi
মুখ্যমন্ত্রীয়ে পোষ্টত এইদৰে উল্লেখ কৰিছে, "@wef ত বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিৰ সৈতে মোৰ বৈঠকৰ পূৰ্বে @TataCompanies ৰ অধ্যক্ষ শ্রী এন চন্দ্ৰশেখৰণৰ সৈতে কথা-বতৰা হ'লো । টাটা গ্রুপে অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগক আগুৱাই নিছে আৰু আমি গুৰুত্বপূর্ণ বিশ্বব্যাপী উদ্য়োগীৰ সৈতে হাত মিলাই এই পৰিৱেশ তন্ত্রক শক্তিশালী কৰিবলৈ আগ্রহী । #AssamAtDavos #WEF26 ৷"

