সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈৰ হেঁচাত হেৰাই থাকিল প্ৰণৱ কুমাৰ বৰ্মনৰ বহু কবিতা
বিশ্বনাথত অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ জন্মদিন উদযাপন । তেওঁৰ জনপ্ৰিয় কবিতা 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ'ৰো ৩০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন ।

Published : May 28, 2026 at 8:25 PM IST
বিশ্বনাথ : "সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ...।" অতি জনপ্ৰিয় এটা কবিতা । সাহিত্যজগতত এসময়ত আলোড়নৰ সৃষ্টি কৰা আৰু পিছত সামাজিক মাধ্যমত অতি জনপ্ৰিয় হৈ পৰা এই কবিতাটো ৰচনাৰ ৩০ বছৰ সম্পূৰ্ণ হ'ল । যাৰ বাবে বিভিন্ন স্থানত কবি তথা অনুৰাগীসকলে কবিতাটোৰ বৰ্ষপূৰ্তি উদযাপন কৰিছে । কেৱল এয়াই নহয় এই দিনটো এইকাৰণেও বিশেষ কিয়নো কবিতাটোৰ স্ৰষ্টা বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰো বৃহস্পতিবাৰে ৪৭ সংখ্যক জন্মদিন ।
অসম সাহিত্য সেৱা মঞ্চ আৰু চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ যৌথ উদ্যাগত বিশ্বনাথত কবি প্ৰণৱ কুমাৰ বৰ্মনৰ জন্মদিন আৰু "সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ..." কবিতাটোৰ ৩০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকি কবি প্ৰণৱ কুমাৰ বৰ্মনে বৰ্ণনা কৰিলে কবিতাটোৰ সফলতাৰ আঁৰৰ কাহিনী ।
আচলতে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ হৈছে প্ৰণৱ কুমাৰ বৰ্মনৰ এখন কাব্য সংকলন । যাৰ দ্বাৰা তেওঁ সাহিত্যজগত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে । কলেজীয়া জীৱন, প্ৰেম, বিৰহ, নষ্টালজিয়া আৰু যৌৱনৰ আৱেগক লৈ লিখা কবিতাৰে ভৰা এই কাব্য সংকলন । সাগৰিকা বৰদলৈ কাল্পনিক চৰিত্ৰ যদিও সন্দিকৈ কলেজৰ পটভূমিত লিখা এই কবিতাবোৰত কবিয়ে কেম্পাছৰ প্ৰেম, স্মৃতি, একাকিত্ব আৰু অপ্ৰাপ্তিৰ কথা বৰ্ণনা কৰিছিল ।
কবি প্ৰণৱ কুমাৰ বৰ্মনৰ মতে সাগৰিকা বৰদলৈ বাস্তৱৰ কোনো ব্যক্তি নহয় । তেওঁ কয়, "সাগৰিকা মোৰ ভিতৰৰ কোমল অংশ । যি অংশই আজিও ভাল পাব জানে, কান্দিব জানে ।" ইয়াৰ সফলতাৰ কথা বৰ্ণনা কৰি তেওঁ কয়, "মই কৈছিলোঁ মোৰ জন্মদিন পালন কৰিব নালাগে, কবিতাটোৰ ৩০ বছৰ হ'ল সেয়া পালন কৰক । কাৰণ ৩০ বছৰে কবিতাটোৰ জনপ্ৰিয়তা হেৰফেৰ হোৱা নাই । সম্ভৱতঃ দৈনিক ৫-৬ বাৰকৈ অসমত কবিতাটো আবৃতি বা পাঠ হয় । ১৯৯৬ চনত কবিতাটো লিখিছিলোঁ । কটন কলেজৰ পৰা ছাত্ৰবাৰ্তা নামৰ এখন আলোচনীত ওলাইছিল । যাৰ সম্পাদক অখিল গগৈ আছিল । তেতিয়া মই স্নাতক বৰ্ষৰ ছাত্ৰ । আলোচনীখনৰ জৰিয়তে কবিতাটোৱে ইমান প্ৰচাৰ পালে যে মানুহৰ মুখে মুখে হ'ল ।"
তেওঁ লগতে কয়, "তাৰ পিছত ২০০১ চনত ৰাণা ডেকাৰ নেতৃত্বত তপন দাৰ দ্বাৰা এখন কেছেট বনালো...। তপন দাই ইমান দুৰ্দান্ত আবৃতি কৰিলে যে আমি কেছেট ১ লাখ ওচৰা ওচৰি বিক্ৰী কৰিছোঁ । তেতিয়া তপন দাৰ কাৰণে কবিতাটো মানুহৰ মাজত বেছি সোমাই গ'ল । সেইটো কবিতা মোৰ চিনাকি হ'ল । কবিতাটোৰ হেঁচাত মোৰ বহু কবিতা হেৰাই থাকিল ।"
ইফালে বৰ্তমান যান্ত্ৰিকতাৰ যুগত কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ হ্ৰাস হৈছে নেকি বুলি সোধাত তেওঁ কয়, "যদিও আজিৰ প্ৰজন্ম সামাজিক মাধ্যমত ব্যস্ত থাকে । তথাপিও কিতাপ পঢ়া লোকৰ সংখ্যা কম হোৱা নাই । জনসংখ্যাৰ তুলনাত হ্ৰাস হ'লেও এতিয়াও কিতাপ পঢ়া মানুহ বহুত আছে ।" প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ বৰ্তমান বিভিন্ন সমাজসেৱাৰ সৈতে জড়িত থকাৰ কথাও উল্লেখ কৰে । বিশেষভাৱে সক্ষম লোকক সহায় কৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষাৰ বাবেও তেওঁ কাম কৰি আছে বুলি উল্লেখ কৰে । বিশেষকৈ হাড়গিলাৰ সংৰক্ষণ আৰু হস্তী মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন কাম কৰি থকাৰ কথা উল্লেখ কৰে কবি তথা সাহিত্যিক প্ৰণৱ কুমাৰ বৰ্মনে ।
লগতে পঢ়ক :
আপোনাৰ সন্তানে পঢ়াত ভালদৰে মনোযোগ দিব নোৱাৰে নেকি ? তেন্তে কি কৰিব জানেনে ?

