বিদায়ী বৰ্ষটোত অসম চৰকাৰৰ ঋণৰ বোজা : ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ আৰু কেগৰ সতৰ্কবাণী
বিদায়ী বৰ্ষটোত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ১,৫৪,৩৩৪ কোটি টকা ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দিয়া তথ্যত এই কথা পোহৰলৈ আহিছে ৷

Published : December 25, 2025 at 9:33 AM IST
গুৱাহাটী : এটা বছৰক বিদায় দি আন এটা নতুন বছৰক আদৰাৰ বাবে সাজু হৈছে সকলো । মাজত মাত্র কেইটামান দিন বাকী । ২০২৫ বৰ্ষক বিদায় দি ২০২৬ বৰ্ষক আদৰা হ'ব । ৰাজ্যৰ জুৰুলা বিত্তীয় অৱস্থাৰ মাজেৰে ২০২৫ বৰ্ষটোক বিদায় দি আদৰা হ'ব ২০২৬ বৰ্ষক ।
ডেৰ লাখ কোটি টকাৰো অধিক ঋণৰ বোজাৰে নতুন বছৰটোক আদৰণী জনোৱা হ'ব । ঋণৰ ওপৰত ঋণ লোৱাত অলপো কৃপনালি নকৰা অসম চৰকাৰে কিন্তু হিতাধিকাৰী আঁচনি ৰূপায়ণত অলপো থমকি ৰোৱা নাই ।
২০২৬ত বিধানসভা নিৰ্বাচন । তেনেস্থলত চৰকাৰখনে আঁচনিৰ চমক সৃষ্টি কৰাটো স্বাভাৱিক । এই প্ৰতিবেদন চৰকাৰী ঋণক সামৰি প্ৰস্তুত কৰা হৈছে । বিধানসভাত চৰকাৰে দিয়া তথ্য আৰু কেগৰ প্ৰতিবেদনৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
ৰাজ্যখনৰ ওপৰত ঋণৰ বোজা :
ঋণ লোৱাৰ ক্ষেত্রত আপোচবিহীন স্থিতি গ্ৰহণ কৰা চৰকাৰখনে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি গৈছে আৰু সমান্তৰালকৈ ধাৰৰ বোজা বৃদ্ধি হৈ গৈ আছে । শেহতীয়াকৈ বিধানসভাৰ শীতকালীন অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দিয়া তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ ওপৰত থকা ঋণৰ বোজা পৰিমাণ হৈছে ১,৫৪,৩৩৪ কোটি টকা ।
২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে ভাৰত চৰকাৰৰ অনুমোদনৰ বিপৰীতে লোৱা অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫৪,৩৩৩.৪৯ কোটি টকা । বৰ্তমানলৈ এই ঋণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে । আনহাতে অসমৰ জনমুৰি ঋণৰ পৰিমাণ হৈছে ৪২৪১৯ টকা ।
আনহাতে বিগত ২০২২-২৩ বৰ্ষত ৰাজ্য চৰকাৰে ২১৬০২ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ২৪১১৮ কোটি টকা আৰু ২০২৪-২৫ বৰ্ষত ২৫২৯৪ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল ।

ইফালে ২০২২-২৩ বৰ্ষত ঋণৰ বিপৰীতে ৬৮৭৫ কোটি টকাৰ সুত আদায় দিয়াৰ লগতে ২০২৩-২৪ বৰ্ষত ৮১৩৯ কোটি আৰু ২০২৪-২৫ বৰ্ষত ৯৪৬৮ কোটি টকাৰ সুত আদায় দিছে অসম চৰকাৰে ।

বিদায়ী বৰ্ষটোত চৰকাৰে লোৱা ঋণৰ পৰিমাণ :
মাজত মাত্র কেইটামান দিন বাকী । ইতিহাস হৈ পৰিব ২০২৫ বৰ্ষটো । বিদায়ী এই বছৰটোত চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হৈছে ১৬,২০০ কোটি টকা ।
বছৰটোৰ ৭ জানুৱাৰীত ৫০০ কোটি আৰু ২৮ জানুৱাৰীত ৫০০ কোটি টকাৰ ঋণ লোৱা হৈছিল । সেইদৰে ফেব্ৰুৱাৰী মাহত ৪ তাৰিখে ৯০০ কোটি টকা, ১৮ তাৰিখে ৯০০ কোটি টকা আৰু ২৫ ফেব্ৰুৱাৰীত ১৮০০ কোটি টকাৰ ঋণ চৰকাৰখনে লৈছিল ।

মাৰ্চ মাহত ৪ তাৰিখে ৯০০ কোটি টকা, ১১ তাৰিখে ৯০০ কোটি টকা আৰু ২৫ তাৰিখে ১৫০০ কোটি টকাৰ ঋণ লৈছিল । সেইদৰে এপ্ৰিল মাহত ২২ তাৰিখে ৯০০ কোটি টকা ঋণ লৈছিল ।

আনহাতে মে' মাহত ৬ তাৰিখে ৯০০ কোটি টকা আৰু ১৩ তাৰিখে ৫০০ কোটি টকা ঋণ লৈছিল । জুলাই মাহত ১ তাৰিখে ৯০০ কোটি টকা আৰু ২৯ তাৰিখে ৫০০ কোটি টকা ঋণ লৈছিল ।

আগষ্ট মাহত ৫ তাৰিখে ৯০০ কোটি টকা আৰু ২৬ তাৰিখে ৪৫০ কোটি টকা ঋণ লৈছিল । ছেপ্টেম্বৰ মাহত ২ তাৰিখে ৮০০ কোটি টকা আৰু ১৬ তাৰিখে ১৫০০ কোটি টকা ঋণ লৈছিল । ডিচেম্বৰ মাহৰ ১৬ তাৰিখে ৯০০ কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।

কেগৰ প্ৰতিবেদনত অসম চৰকাৰৰ ঋণৰ হিচাপ-নিকাচ :
ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ শেহতীয়া প্রতিবেদনে অসমৰ ভয়াৱহ বিত্তীয় ভৱিষ্যতৰ ইংগিত বহন কৰিছে । শেহতীয়াকৈ বিধানসভাত দাখিল হোৱা ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক বিত্তৰ ওপৰত কেগৰ প্ৰতিবেদনে পোহৰলৈ আনিছে যে ইতিপূৰ্বে ৰাজ্য চৰকাৰে লোৱা ঋণৰ ৬৮,৪৫২.৪২ কোটি টকা অর্থাৎ ৫৫.০৪ শতাংশ ঋণ অহা সাত বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব ।
আনহাতে ঋণৰ ৫৫,৯২৪ কোটি টকা অর্থাৎ ৪৪.৯৬ শতাংশ ঋণ সাত বছৰৰ পিচত পৰিশোধ কৰিব লাগিব । এই বৃহৎ অংকৰ ঋণ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চৰকাৰে কেনেকৈ পৰিশোধ কৰিব । এই সন্দৰ্ভত কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে বৰ্তমানৰ প্ৰজন্মৰ নামত বণ্ড কৰি চৰকাৰে ধাৰ লয় । কিন্তু প্রায় ২০ বছৰৰ পিচত চৰকাৰে হয় কৰ বৃদ্ধিৰে নতুবা ব্যয় কৰ্তনেৰে বণ্ডৰ নামত লোৱা ঋণ পৰিশোধ কৰিব লাগিব আৰু ইয়াৰ ক্ষতিকৰ বোজা ভৱিষ্যৎ প্ৰজন্মই মূৰ পাতি ল'বলৈ বাধ্য ।
মন কৰিবলগীয়া যে ৰাজ্যৰ মুঠ বকেয়া ঋণ ২০১৯-২০ বৰ্ষত ৭২,২৫৬.৫২ কোটি টকাৰ পৰা ২০২৩-২৪ বৰ্ষত ১০৩.৩৪ শতাংশ অর্থাৎ ১,৪৬,৯২৮ কোটি টকালৈ বৃদ্ধি পোৱাত কেগৰ প্ৰতিবেদনত গভীৰ উদ্বেগ প্রকাশ কৰা হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে মুকলি বজাৰৰ পৰা অধিক ঋণ লোৱাৰ বাবেই ২০১৯-২০ বৰ্ষত ২০.৮৩ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ২৫ শতাংশলৈ চৰকাৰৰ বকেয়া দায়বদ্ধতা বৃদ্ধি পাইছে ।
প্ৰতিবেদনত এই তথ্যও উন্মোচিত হৈছে যে যোৱা ২০১৯-২৪ বৰ্ষৰ সময়ছোৱাত একমাত্র ঋণৰ সুত পৰিশোধৰ বাবেই চৰকাৰী ৰাজহৰ প্ৰায় ৭ৰ পৰা ৯ শতাংশ ধন ব্যৱহাৰ কৰিছিল ।
লক্ষণীয়ভাৱে যোৱা ২০২৩-২৪ বৰ্ষৰ শেষত মুঠ ঋণৰ ৮৪.৬৫ শতাংশই ৰাজহুৱা ঋণ আৰু ই বিত্তীয় বৰ্ষটোত ২৩.১৪ শতাংশ বৃদ্ধি পোৱা বুলিও প্ৰতিবেদনত উদ্বেগ প্রকাশ কৰি কোৱা হৈছে যে ৰাজহুৱা ঋণৰ গড় বৃদ্ধিৰ হাৰে বছৰটোত জি এছ ডি পিৰ গড় বৃদ্ধি হাৰ ১৩.১৩ শতাংশ অতিক্ৰম কৰি গৈছিল । ৰাজ্য চৰকাৰে ঋণ লোৱাৰ প্ৰসংগত সততেই ৰাজ্যৰ জি এছ ডি পিৰ হাৰ বৃদ্ধিৰ অজুহাত দেখুওৱাৰ সময়ত কেগৰ প্ৰতিবেদনে আভুৱা উদঙাই দি লগতে এইটোও অৱগত কৰে যে আগত বছৰসমূহত মাত্ৰাধিক ৰাজহুৱা ঋণৰ ফলত চৰকাৰৰ ওপৰত সুত পৰিশোধৰ চাপ বৃদ্ধি পাব ।
লক্ষণীয় বিষয় যে ২০১৬-১৭ বৰ্ষত ৰাজ্য চৰকাৰৰ ঋণৰ বিপৰীতে সুতৰ পৰিমাণ আছিল ২,৯৬৩ কোটি টকা আৰু যোৱা ২০২৪-২৫ বৰ্ষত সুতৰ পৰিমাণৰ ৯,৪৬৭ কোটি টকালৈ বৃদ্ধি পাইছে । আনহাতে কেগৰ প্ৰতিবেদনত স্পষ্ট হৈছে যে চৰকাৰখনে ঋণ লৈ ঋণৰ ধন পৰিশোধ কৰিবলগীয়া হৈছে ।
অভাৱনীয় ঋণৰ বোজাই ভৱিষ্যতে আনিব পৰা বিপদ বিশেষকৈ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পূৰ্বৰ ঋণ পৰিশোধ কৰিবলগীয়া প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে ৰাজ্য চৰকাৰক বিত্তীয় ঘাটি হ্রাস আৰু এফ আৰ বি এম আইনৰ কঠোৰ বিধি ব্যৱস্থা পালন কৰিবলৈ কোৱাৰ লগতে নিজস্ব ৰাজহ বৃদ্ধিৰ তুলনাত ৰাজহ ব্যয় হ্ৰাসৰ ব্যৱস্থা ল'বলৈ প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছে ।

কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালৰ ঋণ আৰু সুত :
ৰাজ্যখনত একেৰাহে পোন্ধৰ বছৰকৈ শাসন চলোৱা কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ দিনতকৈ এতিয়া ঋণ লোৱাৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে । যাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।
ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগলৈকে অর্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষলৈকে ঋণৰ পৰিমাণ আছিল ৪১.৯৬৪ কোটি টকা । ফলত সেই সময়ছোৱাত ঋণৰ বাবত দিবলগীয়া সুতৰ পৰিমাণো কম আছিল । তৰুণ গগৈ চৰকাৰৰ দিনত ১৫ বছৰত সুতৰ নামত ব্যয় হৈছিল ২৬,৩৬১ কোটি টকা ।
সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যৰ ঋণ আৰু সুত :
সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পাঁচ বছৰত ৪৭,৭৪৫ কোটি টকা ঋণ লোৱা হৈছিল । আনহাতে ইয়াৰ বিপৰীতে পাঁচ বছৰত সুতৰ নামত দিবলগীয়া হৈছিল ১৯,৬৫১ কোটি টকা । কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লোৱাৰ ক্ষেত্রত অভিলেখ গঢ়িছে । একেদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সুতৰ পৰিমাণেও অভিলেখ গঢ়িছে ।

