ETV Bharat / state

চৰাইচোং উৎসৱ: এছিয়াৰ ভিতৰতে প্ৰথম ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

"চৰাইচোং উৎসৱ"ৰ বিষয়ে আপুনি জানেনে ? আহোম ৰজাই স্থাপন কৰা এই চৰাইচোঙক লৈ কিয় এক বিশেষ উৎসৱ ? এক প্ৰতিবেদন ।

Majuli hosts 'Charaichung Festival' to revive Asia's first protected royal bird sanctuary
চৰাইচোং উৎসৱ (ANI)
author img

By ANI

Published : December 9, 2025 at 3:42 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী: বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ বিলুপ্তপ্ৰায় ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰি ৰক্ষা কৰাৰ প্ৰয়াসেৰে জিলাখনত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে "চৰাইচোং উৎসৱ" । ১৬৩৩ খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰতিষ্ঠা কৰা এছিয়াৰ প্ৰথমটো সংৰক্ষিত ৰাজকীয় পক্ষী অভয়াৰণ্য চৰাইচোঙৰ ৩৯২ বছৰীয়া স্মৃতিত এই উৎসৱৰ আয়োজন কৰা হয় ।

৭ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ আয়োজন কৰা এই চাৰিদিনীয়া উৎসৱত চৰাইচোঙক বিশ্বৰ মানচিত্ৰত স্থান দিয়াৰ লগতে চৰাইৰ বাসস্থানক সজীৱ কৰি তোলাৰ লক্ষ্যৰে মাজুলীৰ সাহিত্য আৰু স্থানীয় ৰাইজে এই পদক্ষেপ গ্ৰহণ কৰে ।

বন সংৰক্ষণৰ প্ৰচেষ্টাৰে এই মহোৎসৱত অনুষ্ঠিত কৰা হয় এক বিশেষ প্ৰদৰ্শনীও । যি প্ৰদৰ্শনীয়ে আলোকপাত কৰিছে মাজুলীৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে চলি থকা পদক্ষেপসমূহক । লগতে দ্বীপটোৰ প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সামূহিক দায়বদ্ধতা এই প্ৰদৰ্শনীত প্ৰতিফলিত কৰা হয় ।

Majuli hosts 'Charaichung Festival' to revive Asia's first protected royal bird sanctuary
চৰাইচোং উৎসৱৰ প্ৰদৰ্শনী (ANI)

মাজুলী বিভিন্ন ধৰণৰ চৰাই আৰু জলজ জীৱ-জন্তুৰ বাসস্থান, যিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পক্ষীপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষণ কৰে ।

এ এন আইৰ সৈতে হোৱা কথা-বতৰাত চৰাইচোং উৎসৱ উদযাপন সমিতিৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়াই কয়, "আমি সকলোকে আদৰণি জনাইছোঁ । আমি আপোনালোকক জনাবলৈ পাই সুখী যে মাজুলীত চৰাইচোং নামৰ এক ঐতিহাসিক পক্ষী অভয়াৰণ্য আছে, যিখন ১৬৩৩ চনত প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা প্ৰতাপ সিংহই, যাক বুঢ়া ৰজা বুলিও জনা যায় ।"

তেওঁ কয়,"কিন্তু এই অভয়াৰণ্যখন দিনক দিনে ধ্বংসৰ গৰাহলৈ গতি কৰিছে । ২০২৪ চনৰ পৰা এই পদক্ষেপৰ জৰিয়তে মাজুলীৰ জনসাধাৰণ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত আমি ইয়াক পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰি আহিছোঁ । বৰ্তমান ই এক সুন্দৰ ঠাই আৰু আমি অসমৰ জনসাধাৰণক ঐতিহাসিক চৰাইচোং ভ্ৰমণ কৰি ইয়াৰ জনগোষ্ঠীয় সৌন্দৰ্য অনুভৱ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ ।"

শইকীয়াই আৰু কয়,"আমি এই খবৰ পাই সুখী যে জাৰ্মানী, অষ্ট্ৰেলিয়া, আমেৰিকা, আৰু অন্যান্য দেশৰ পৰা অহা পৰ্যটকে কেৱল চৰাইচোঙেই নহয় মাজুলীৰ অন্যান্য ঐতিহ্য ক্ষেত্ৰসমূহ ভ্ৰমণ কৰাৰ লগতে এই বিষয়সমূহৰ ওপৰত গৱেষণা কৰিছে । যিহেতু আমাৰ এই উৎসৱ দ্বিতীয়বাৰৰ বাবে উদযাপন কৰা হৈছে, গতিকে আমি অসমৰ ৰাইজক আগুৱাই আহি আমাৰ ঐতিহ্য সংৰক্ষণত সহায় কৰিবলৈ আহ্বান জনাইছোঁ ।"

Majuli hosts 'Charaichung Festival' to revive Asia's first protected royal bird sanctuary
চৰাইচোং উৎসৱত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি (ANI)

মহোৎসৱ সমিতিৰ অন্যতম এগৰাকী সদস্য ভাস্কৰ জ্যোতি কুটুমে এ এন আইক কয়, "৩৯২ বছৰীয়া ঐতিহ্যৰে ভৰা এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী অভয়াৰণ্য পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যৰে ৭ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ উদযাপন কৰা হৈছে চৰাইচোং উৎসৱ । মাজুলীৰ সাহিত্য আৰু স্থানীয় বাসিন্দাৰ সহযোগত আয়োজন কৰা এই উৎসৱৰ লক্ষ্য হৈছে চৰাইচোঙক পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে অধিক প্ৰচাৰ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা ।"

তেওঁ কয়, "এই উৎসৱৰ জৰিয়তে আমি বিশ্বাস কৰোঁ যে ই এক প্ৰধান পৰ্যটন কেন্দ্ৰলৈ পৰিণত হ'ব আৰু মাজুলীক বিশ্বজুৰি স্বীকৃতি দিব ।" আনহাতে, মহোৎসৱ সমিতিয়ে এই উৎসৱতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক: এইবাৰ ফেলকন ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ বিশাল মিশ্ৰা-শিল্পা ৰাও

গুলপীয়া আচ্ছাদনে আৱৰি থকা মাগুৰি মটাপুং বিলত দেশী-বিদেশী পক্ষীৰ ভিৰ