অসম সন্তান কে. নিৰজ চন্দ্ৰ সিংহক বায়ুসেনাৰ মেটিঅ'ৰ'লজি শাখাত নিযুক্তি, গৌৰৱান্বিত অসমীয়া
অসম সন্তানক বায়ুসেনাৰ মেটিঅ'ৰ'লজি শাখাত নিযুক্তি ৷

Published : June 14, 2026 at 3:33 PM IST
তেজপুৰ : অসম সন্তান কে নিৰজ চন্দ্ৰ সিংহৰ সফলতা ৷ শৈশৱৰ পৰাই দেশ সেৱাৰ পণ লোৱা কে. নিৰজ চন্দ্ৰ সিংহই অৱশেষত সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হল ৷ শেহতীয়াকৈ কে নিৰজ চন্দ্ৰ সিংহই ভাৰতীয় বায়ুসেনাৰ এগৰাকী ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷
শনিবাৰে বায়ুসেনাৰ একাডেমীৰ ডুণ্ডিগালস্থিত কেম্পাছত অনুষ্ঠিত কম্বাইণ্ড গ্ৰেজুৱেশ্ব’ন পেৰেডত অসম সন্তান সিংহক বায়ুসেনাৰ মেটিঅ'ৰ'লজি শাখাত নিযুক্তি প্ৰদান কৰা হয় ৷ এই কথা গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে সদৰী কৰে ।
গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ নিৰজে কয়, "বিদ্যালয়খনে তেওঁৰ ব্যক্তিত্ব গঢ়ি তোলাৰ লগতে শৃংখলা, নেতৃত্ব, ধৈৰ্য, সহনশীলতা আৰু দেশপ্ৰেমৰ মূল্যবোধ শিক্ষা লাভ কৰিছিলো ৷ বিদ্যালয়খনৰ জ্যেষ্ঠ কেডেট আৰু প্ৰাক্তন ছাত্ৰসকলৰ সফলতাই মোক সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰিছিল । নিজৰ লক্ষ্য পূৰণৰ বাবে অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক একমাত্ৰ পথ হিচাপে গ্ৰহণ কৰিছিলো ৷"
তেওঁ লগতে কয় যে বি টেক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সমান্তৰালভাৱে দেশসেৱাৰ সপোন দেখা আন বহু যুৱক-যুৱতীক আদৰ্শ হিচাবে গ্ৰহণ কৰিছিল আৰু যাত্ৰা পথত বহু প্ৰত্যাহ্বান আৰু অনিশ্চয়তাৰ সন্মুখীন হ'লেও তেওঁ কেতিয়াও লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল ৷
অৱশেষত তেওঁৰ ধৈৰ্য, একাগ্ৰতা আৰু আত্মবিশ্বাসে সফলতা আনি দিয়ে আৰু ভাৰতীয় বায়ুসেনাৰ মেটিঅ'ৰ'লজি শাখাৰ বাবে তেওঁ নিৰ্বাচিত হয় । বহু বছৰৰ ত্যাগ, সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে আজি সিংহাক বায়ুসেনা বিষয়া হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে ৷
ইফালে এই সফলতাৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ অবিৰত সমৰ্থন, গোলপাৰাৰ সৈনিক স্কুলে প্ৰদান কৰা মূল্যবোধ আৰু ঈশ্বৰৰ আশীৰ্বাদ বুলিও কয় তেওঁ । গোলপাৰাৰ শ্ৰেণীকোঠাৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিষয়া হোৱালৈ তেওঁৰ এই যাত্ৰাই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে । তেওঁৰ সফলতাই প্ৰমাণ কৰিছে যে দৃঢ় সংকল্প, শৃংখলা আৰু অধ্যৱসায় থাকিলে যিকোনো সপোন বাস্তৱত পৰিণত কৰিব পাৰি ।
লগতে পঢ়ক:অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে : কিয় ক'লে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

