ETV Bharat / state

এগৰাকী মহিলা বাঘ চিকাৰী: ছটাকৈ বাঘ চিকাৰ কৰা কোন এইগৰাকী ৰাজকন্যা ?

নীহাৰবালা বৰুৱাৰ অতি প্ৰাচীন সমলসমূহৰ সংৰক্ষণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান গৌৰীপুৰীয়া ৰাইজৰ ।

Rajkanya Niharbala Barua
ছটাকৈ বাঘ চিকাৰ কৰা কোন এইগৰাকী ৰাজকন্যা ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 3:57 PM IST

6 Min Read
Choose ETV Bharat

ধুবুৰী : ছটাকৈ বাঘ চিকাৰ কৰি এটা সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠা নীহাৰবালা বৰুৱা কোন আপুনি জানেনে ? তেওঁ হৈছে প্রখ্যাত চলচ্চিত্ৰ পৰিচালক প্রমথেশ বৰুৱাৰ ভগ্নী তথা গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ অন্যতম সদস্য । সম্পৰ্কত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পেহীয়েক আছিল নীহাৰবালা বৰুৱা ।

ৰাজকন্যা হৈয়ো অৰণ্যত বাঘ চিকাৰ

অৱশ্যে নীহাৰবালাৰ চিনাকি ইয়াতেই শেষ নহয় ৷ ৰাজপৰিয়ালৰ জীয়াৰী হৈয়ো অৰণ্যত বাঘ চিকাৰ কৰি ফুৰাৰ লগতে বিভিন্ন প্রাকৃতিক সম্পদ সংগ্রহ তথা ইয়াৰ সংৰক্ষণ কৰা, নাৰীৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা এগৰাকী বিদূষী নাৰী হিচাপেও নীহাৰবালাৰ খ্যাতি কম নহয় ।

ছটাকৈ বাঘ চিকাৰ কৰা কোন এইগৰাকী ৰাজকন্যা ? (ETV Bharat Assam)

১৯০৫ চনত ধুবুৰী জিলাৰ গৌৰীপুৰৰ জমিদাৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নীহাৰবালা মাত্ৰ এঘাৰ বছৰ বয়সতে মুকুন্দ নাৰায়ণ বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । অতি দৃঢ় মনৰ এইগৰাকী মহিলাই সাংসাৰিক কাম-কাজৰ মাজতো বাঘ চিকাৰৰ দৰে ব্যতিক্ৰমী কৰ্ম-কাণ্ডৰে জড়িত হৈ পৰিছিল ।

নাৰী শিক্ষাৰ প্ৰসাৰতো আছিল গুৰুত্বপূৰ্ণ ভূমিকা

গৌৰীপুৰ অঞ্চলৰ আশে-পাশে থকা ঘন অৰণ্যত ঘূৰি ফুৰি নীহাৰবালাই কেইবাটাও বাঘ চিকাৰ কৰিছিল । বাঘ চিকাৰ কৰাৰ বাবে ৰাজপৰিয়ালৰ লোকে সেই সময়ত ৪০ টাকৈ হাতীও লগত লৈ ফুৰিবলগা হৈছিল । আনহাতে, নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে ৰাজকুমাৰী নীহাৰবালাৰ পৰিশ্ৰম আছিল সঁচাই প্ৰশংসনীয় ।

নীহাৰবালা বৰুৱাৰ নাতি বোৱাৰী চম্পা বৰুৱাই কয় যে নীহাৰবালা বৰুৱাৰ প্রচেষ্টাতে গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ বিদ্যালয়ত ছোৱালীৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ ১৯৪০ চনৰ পূৰ্বে ছোৱালীৰ বাবে কেৱল মধ্য ইংৰাজী স্কুলহে আছিল । উচ্চ শিক্ষাৰ আন কোনো ব্যৱস্থাই নাছিল ৷ তেওঁৰ উদ্যোগতে নাৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হয় ।

পিতৃৰ পৰা শিকিছিল বন্যপ্ৰাণী চিকাৰৰ কিটিপ

তদুপৰি তেওঁৰ পিতৃ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তি আছিল । পিতৃৰ লগত তেওঁ সৰুৰে পৰাই অৰণ্যত ঘূৰি ফুৰি অৰণ্যৰ বিচিত্ৰতা, জীৱ-জন্তুৰ জীৱন, বাসস্থান, আহাৰ, প্ৰজনন আদি সম্পৰ্কে প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল । বন্যপ্ৰাণী চিকাৰৰ বিভিন্ন কিটিপো তেওঁ পিতৃৰ পৰাই শিকিছিল বুলি কয় চম্পা বৰুৱাই ।

লোকসংগীতৰ সংৰক্ষক আছিল নীহাৰবালা

নীহাৰবালাই থিয় দি থকা হাতীৰ শুঁৰ বগাই পিঠিত উঠি বহিবলৈ বৰ পছন্দ কৰিছিল । জমিদাৰৰ পৰিয়ালত যিবোৰ গীতক ‘ছোটো লোকৰ গান’ বুলি অৱহেলা কৰা হৈছিল, তেওঁ সেই গীতবোৰক আঁকোৱালি লৈ মাটিৰ মানুহৰ গীত বুলি প্ৰতিষ্ঠা কৰাত সবল ভূমিকা পালন কৰিছিল । নৃত্য-গীতৰ পৰা আৰম্ভ কৰি লোক-কাহিনী, শ্লোক, প্রবাদ, সাধাৰণ খাটিখোৱা কৃষকৰ গীত-মাত আদি সকলোখিনিকে তেওঁ ধৰি ৰাখি ইয়াৰ প্ৰচাৰ-প্ৰসাৰ আৰু উত্তৰণৰ দিহা কৰিছিল ।

ৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ পাইছিল তেওঁৰ লেখনি

কলকাতাৰ পৰা প্ৰকাশিত ‘দেশ’ আলোচনীত ১৯৫২ চনৰ ২৭ ডিচেম্বৰত তেওঁৰ বিশেষ কলমত প্রকাশিত প্ৰবন্ধটো অসমীয়া লোক-সাহিত্যৰ অন্যতম দলিল বুলি চিহ্নিত হৈছে । ‘দেশ’ আলোচনীৰ উপৰি পশ্চিমবংগৰ ‘পৰিচয়’ আৰু ‘বিশ্ব ভাৰতী' আলোচনীতো ১৯৩১ চনৰ পৰা ১৯৩৪ চনলৈকে তেওঁৰ লেখা প্ৰকাশিত হৈছিল ।

পৰিয়ালৰ লোকে কি কয়

নীহাৰবালা বৰুৱাৰ নাতি বোৱাৰী চম্পা বৰুৱাই তেওঁৰ স্মৃতি স্মৰণ কৰি কয়, "... নীহাৰবালা বৰুৱা খুব ভাল মানুহ আছিল । মৰমো কৰিছিল । শেষ বয়সত নীহাৰবালা বৰুৱা ইয়াতে গৌৰীপুৰতে আছিল । ইয়াত সকলোৰে লগত ভাল সম্পৰ্ক আছিল । অতি সৰল মহিলা আছিল ।"

তেওঁ লগতে কয়, "তেওঁ গান গাইছিল, নাচিছিলোঁ । মোৰ ছোৱালী তেতিয়া সৰু আছিল । হাত চাপৰি বজাই গান গাই থাকে, মোৰ ছোৱালীয়ে নাচি থাকে । আবেলি হ'লে বাহিৰত বহি থাকে । বহি থাকিলে উৰি যোৱা চৰাইবোৰ গণি থাকে । গছৰ কিবা পাত আনিলে সংৰক্ষণ কৰি ৰাখে । মানে খুব আৰ্টিষ্টিক মনৰ আছিল ।"

নীহাৰবালাৰ সংগ্ৰহ আৰু ঘৰ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান

আনহাতে, তেওঁৰ সংগ্ৰহসমূহ সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত চম্পা বৰুৱাই কয়, "... নীহাৰবালা বৰুৱাৰ সময়ত ভালে আছিল, ময়ো দেখিছোঁ । লাহে লাহে বস্তুবিলাক নষ্ট হৈ যায় আছে । বাঘৰ পোৱালি, সাপ সেইবিলাক নাইকিয়া হৈ গৈছে । বাঘৰ ছালবোৰ কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে সেইবিলাকতো আমি নাজানো, সব নষ্ট হৈ গৈ আছে । সেইকাৰণে মই অনুৰোধ কৰি আছোঁ এইবিলাক সংৰক্ষণ কৰিলে ভাল হয় । আমাৰ এই ঘৰটো মেৰামতি কৰিব লাগে, এতিয়াতো ইমান টকা-পইচা নাই । আগৰ দিনৰ ঘৰ, মিস্ত্ৰীবিলাকেও নোৱাৰো । সেইকাৰণে আমাৰ খুব সমস্যা হৈছে ... মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, যদি কিবা সহায় কৰে তেন্তে আমাৰ খুব উপকাৰ হয় ।"

স্থানীয় লোকে কি কয়

ইফালে গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱী মৃণ্ময় কুমাৰ দেৱ অধিকাৰীয়ে কয়, "অসমৰ লোককৃষ্টিক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰ বাবে নীহাৰবালা বৰুৱাৰ প্ৰচেষ্টাতে গঢ়ি উঠিছিল ‘ফক মিউজিক এণ্ড ৰিছাৰ্চ ইনষ্টিউট । ত্ৰিশৰ দশকত তেওঁ ইউৰোপো ভ্ৰমণ কৰিছিল ৷ পৰৱৰ্তী সময়ত নিজৰ সংগৃহীত সামগ্ৰীৰে নিজা বাসভৱনত এক সংগ্ৰহালয় স্থাপন কৰিছিল নীহাৰবালাই ।"

২০০৩ চনত এইগৰাকী সাহসী তথা প্ৰতিভাৱান মহিলাৰ দেহাৱসান ঘটিলেও তেওঁ আগবঢ়াই যোৱা অৰিহণাৰ বাবে তেওঁক আজিও সোঁৱৰে গুণমুগ্ধই ।

ধ্বংস হোৱাৰ উপক্ৰম নীহাৰবালাৰ বিভিন্ন সমল

বৰ্তমানে ৰাজকন্যা নীহাৰবালা বৰুৱাৰ বাসভৱনত থকা তেওঁৰ নিজা বিভিন্ন সমল উপযুক্ত তত্ত্বাৱধানৰ অভাৱত ধ্বংস হৈ যোৱা পৰিলক্ষিত হৈছে । গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱী মৃণ্ময় কুমাৰ দেৱ অধিকাৰীৰ লগতে স্থানীয় সচেতন ৰাইজে নীহাৰবালা বৰুৱাৰ অতি প্ৰাচীন সেই সমলসমূহ সংৰক্ষণ কৰি ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছে ।

লগতে পঢ়ক :এগৰাকী শিক্ষকৰ চিন্তাৰ ফচল : লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল'
লগতে পঢ়ক :গৌৰৱময় ইতিহাসৰ জীৱন্ত প্ৰতীক; এগৰাকী ৰাজ্য়বিহীন ৰজাৰ শিৰত মাথোঁ ঐতিহ্যৰ বোজা