দিল্লীত ৭ দিনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব অসমৰ সংস্কৃতি: ঘোষণা মুখ্যমন্ত্ৰীৰ
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত খানাপাৰাত 'ঝুমইৰ বিনন্দিনী'ত অংশগ্ৰহণকাৰী শিল্পীক প্ৰদান কৰা হয় মাননি আৰু প্ৰশস্তি-পত্ৰ ।

Published : October 16, 2025 at 8:21 PM IST
গুৱাহাটী : চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত 'ঝুমইৰ বিনন্দিনী'ত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক বৃহস্পতিবাৰে প্ৰশস্তি-পত্ৰ আৰু মাননি প্ৰদানৰ শুভাৰম্ভ কৰা হয় ৷ মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত বিশেষজ্ঞ সমিতিৰ ২৯ গৰাকী সদস্য, ৭,৫৩৯ গৰাকী শিল্পী আৰু ৩৫৮ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক মাননি আৰু প্রশস্তি-পত্ৰ প্ৰদানৰ শুভাৰম্ভণি কৰা হয় ।
এই অনুষ্ঠানৰ জৰিয়তে ২৭ খন জিলাৰ ভিতৰত ২৪ খন জিলাৰ শিল্পীসকলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাননি আৰু প্রশস্তি-পত্ৰ প্ৰদান কৰা হয় । ইয়াৰ লগতে বৰাক উপত্যকাৰ শিল্পীসকলক পৰৱৰ্তী পৰ্যায়ত সন্মানিত কৰা হ'ব বুলিও ঘোষণা কৰে ।
উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এইসকল শিল্পীৰ দ্বাৰা সফল ৰূপায়ণ কৰা হৈছিল 'ঝুমইৰ বিনন্দিনী'ৰ ৷ তাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন শিল্পীক ২৫,০০০ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু সাংসদ-বিধায়াকসকলৰ উপস্থিতিত বৃহস্পতিবাৰে এই মাননি আৰু প্রশস্তি-পত্ৰ প্ৰদান কৰা হয় ।
আনহাতে, একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ৰাজ্যৰ চাহ বাগিচাসমূহৰ লগতে ইয়াৰ আশেপাশে থকা অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৮০ খন সঞ্জীৱনী বাহনৰ ফ্লেগ-অফ কৰে ৷

অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "সকলো ঠিকে থাকিলে দিল্লীত ৭ দিনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব অসমৰ সংস্কৃতি । বিহুৱে সৰুসজাইত বিশ্ব ৰেকৰ্ড কৰাৰ পিছত এইবাৰ দিল্লীত প্ৰদৰ্শন কৰা হ'ব বিহু । বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰদূতসহ বিদেশী প্ৰতিনিধিৰ আগত কৰা হ'ব প্ৰদৰ্শন । কেৱল বিহুৱেই নহয়, দিল্লীত উজলিব বিহুৰ উপৰি ঝুমুৰ, বাগৰুম্বাসহ জনগোষ্ঠীয় নৃত্য । বিশ্বৰ আগত অসমৰ সংস্কৃতি তুলি ধৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হ'ব ।"
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, "ঝুমুৰ নৃত্য আদিবাসীসকলৰ প্ৰাণ স্পন্দন । বিহুৰ দৰে ঝুমুৰে জাতীয় জীৱনত স্থান লাভ কৰিছে । সেয়েহে আমি চাহ বাগিচাৰ লোকসকলৰ বাবে যথেষ্ট কাম কৰি আছোঁ । আমাৰ বিজেপি চৰকাৰৰ দিনতে ১২০ খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী বৰ্তমানলৈ চাহ বাগিচাত হৈছে । লগতে ১০০ খন হায়াৰ ছেকেণ্ডেৰী স্কুল জানুৱাৰী মাহত চাহ বাগিচাত স্থাপন কৰা হ'ব ।"
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "৩% যুৱক-যুৱতীয়ে ADRE আৰু অসম আৰক্ষীৰ চাকৰি পাইছে । চাহ বাগিচাৰ বাবে মোবাইল মেডিকেল ইউনিট প্ৰদান কৰা হৈছে । চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক ১৫ হেজাৰ টকা দিয়া হয় । ২৫ নবেম্বৰত বিধানসভাত নতুন আইন আনি চাহ বাগিচাৰ মাটিৰ মালিকীস্বত্ব প্ৰদান কৰা হ'ব শ্ৰমিকসকলক ।

