তামিলনাডুৰ পৰা পুনৰ নিৰুদ্দেশ অসমৰ যুৱক, দহদিনে শৰতৰ নাই সন্ধান
বহিঃৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ যুৱক ৷ বিগত দহদিনে বহিঃৰাজ্যত নিৰুদ্দেশ হৈ আছে নগাঁৱৰ শৰৎ ৷

Published : May 27, 2026 at 3:55 PM IST
নগাঁও: পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন হৈছে এগৰাকী অসমীয়া যুৱক । নগাঁও জিলাৰ ৰণথলী গাঁৱৰ শৰৎ বণিয়া নামৰ যুৱকজন বিগত ১৩ মে'ত নগাঁৱৰ পৰা কামৰ সন্ধানত হায়দৰাবাদলৈ বুলি ৰে'লত যাত্ৰা কৰিছিল । কিন্তু হঠাৎ ১৭ মে'ৰ পৰা সন্ধনহীন হৈ পৰিছে শৰৎ বণিয়া নামৰ যুৱকজন ৷ প্ৰায় দহদিন ধৰি পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাত একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যুৱকজনৰ পৰিয়ালৰ মাজত ।
পৰিয়ালৰ লোকে জনোৱা মতে, ঘৰৰ পৰা হায়দৰাবাদলৈ গৈ থকাৰ সময়ত ৰে'লত চিনাকী হৈছিল অসমৰে দুই যুৱকৰ সৈতে । যাত্ৰাপথত চিনাকী হোৱা এজন যুৱকৰ মোবাইলৰ পৰা শৰৎ বণিয়াই পৰিয়ালৰ লোকক যোগাযোগ কৰিছিল আৰু যুৱকদ্বয়ৰ সৈতে চিনাকী হোৱা বুলি তেওঁ অৱগত কৰিছিল পৰিয়ালৰ লোকক । এই সন্দৰ্ভত নিৰুদ্দেশ হোৱা শৰৎ বণিয়াৰ ভাতৃ লক্ষ্যজ্যোতি বণিয়াই কয়, “হায়দৰাবাদলৈ বুলি ৰে'লত যাত্ৰা কৰাৰ সময়তে শৰতে চিনাকী হৈছিল অসমৰ দুই যুৱকৰ সৈতে ৷ সেই যুৱকদ্বয়ে হায়দৰাবাদতকৈ বেংগালুৰত অধিক দৰমহা পায় বুলি উল্লেখ কৰিছিল ৷ সেই মৰ্মে ৰে'লত চিনাকী হোৱা যুৱকদ্বয়ৰ সৈতে বেংগালুৰলৈ যাত্ৰা কৰিছিল ৷ এই কথা আমাক ফোন যোগে অৱগত কৰিছিল শৰতে ৷"
লক্ষ্যজ্যোতিয়ে লগতে কয়,"১৭ মে'ত তামিলনাডুৰ হচুৰৰ পৰা আমাক অন্তিমবাৰ যোগাযোগ কৰিছিল ৷ তেতিয়া ৰে'লত চিনাকী হোৱা দুই যুৱকে বেংগালুৰৰ পৰিৱৰ্তে তামিলনাডুলৈ যোৱাৰ কথা আমাক জনাইছিল শৰতে । তাৰ পাছৰ পৰাই কোনো যোগাযোগ নোহোৱা হৈছে শৰৎ বণিয়াৰ সৈতে । দাদাৰ মোবাইল অফ হৈ থকাত ৰে'লত চিনাকী হোৱা যুৱক দুজনৰ সৈতে আমি যোগাযোগ কৰিছিলো ৷ তেতিয়া এদিনৰ বাবে লোৱা হোটেলৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈ উভতি অহা নাই বুলি যুৱক দুজনে আমাক জনাইছে ।”

অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালটোৱে নগাঁৱৰ ননৈ আৰক্ষীৰ আশ্ৰয় লৈছে ৷ কিন্তু আৰক্ষীও অসহায় পৰিয়ালটোক সহায় কৰিবলৈ অসমৰ্থ বুলি কোনো আবেদন গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালটোৰ সদস্যই ৷
লগতে পঢ়ক:ধনদাবীৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈৰ সন্ধান দিওতাক আৰক্ষীয়ে দিব ৫০ হাজাৰ টকা

