ম’হৰ শিঙৰ পেঁপাৰ ভৌগোলিক স্বীকৃতি লাভ: এই সাফল্যৰ আঁৰৰ ব্যক্তিজনক জানেনে ?
বিহুৰ অপৰিহাৰ্য লোকবাদ্য ম'হৰ শিঙৰ পেঁপাই GI TAG লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে প্ৰতিজন অসমীয়া ।

Published : June 15, 2026 at 2:29 PM IST
‘‘ম’হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি
মোৰে মন উৰুঙা কৰে,
পেপাঁৰ মাতে শুনি ৰ'বকে নোৱাৰোঁ
হাতৰ বনে সৰি পৰে ৷’’
মৰাণ: বিহু বুলিলে যেনেকৈ ঢোলটি নহ’লেই নহয়, তেনেকৈ ম’হৰ শিঙৰ পেঁপাটি নহ’লেও বিহু আধৰুৱা ৷ বিহুৱা ডেকাৰ পেঁপাৰ লহৰত টাকুৰি ঘূৰাদি ঘূৰি নাচে ৰাংঢালী নাচনিয়ে ৷ বিহুনাম আৰু বিহুগীতত ম’হৰ শিঙৰ পেঁপাৰ বিশেষ উল্লেখ পোৱা যায় ৷ যেনে- ‘‘পেঁপাটি পেঁপাটি ৰহেদৈ পেঁপাটি কলিদৈ ম’হৰে ঐ শিং, বজালে বজাবি ভালেকৈ বজাবি ফুলামকৈ বিহুৱান দিম ৷’’ পেঁপাৰ তিহিটি মাতে নাচনীৰ মন বলিয়া কৰে ৷ গৰখীয়া ল’ৰাই গৰু-ম’হ চৰাবলৈ গ’লে শিঙৰ পেঁপা বজোৱাৰ কথাও বিভিন্ন গ্ৰন্থত পোৱা যায় ৷
প্ৰতিবেদনত পেঁপাৰ অৱতাৰণা কৰাৰ এক বিশেষ কাৰণ আছে ৷ অসমবাসীয়ে সোমবাৰে পুৱা লাভ কৰিলে এটা আনন্দদায়ক খবৰ ৷ ভৌগোলিক সূচকাংক লাভ কৰা অসমৰ সম্পদৰ তালিকাত অন্তৰ্ভুক্ত হ’ল আন চাৰিবিধ থলুৱা সম্পদ ৷ ইয়াৰ ভিতৰত অন্যতম ম’হৰ শিঙৰ পেঁপা ৷ তদুপৰি অসমৰ বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী, দেউৰী হস্ততাঁত সামগ্ৰীয়েও লাভ কৰিছে ভৌগলিক সূচকাংক অৰ্থাৎ GI TAG ৷ দেওবাৰে ভাৰত চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়ন বিভাগে এই স্বীকৃতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।
বিহুৰ অপৰিহাৰ্য লোকবাদ্য ম'হৰ শিঙৰ পেঁপাই GI TAG লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে প্ৰতিজন অসমীয়া । ডিব্ৰুগড় জিলাৰ তিলৈ নগৰৰ "Organization of Universal Mankind" চমুকৈ OUM নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ২০২৪ বৰ্ষত নাবাৰ্ডৰ সহযোগত পেঁপাৰ GI TAG ৰ বাবে আবেদন জনাইছিল । এই স্বীকৃতি লাভ কৰাৰ পিছত সন্তোষ প্ৰকাশ কৰিছে সংস্থাটোৰ মুৰব্বী সঞ্জীৱ সন্দিকৈয়ে ।
পেঁপাই GI TAG লাভৰ পিছতে অসমৰ পেঁপা প্ৰস্তুত কৰা আৰু বাঁহ শিল্পত জড়িত থলুৱা লোকসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে সঞ্জীৱ সন্দিকৈয়ে । এই সন্দৰ্ভত সঞ্জীৱ সন্দিকৈয়ে কয়, ‘‘আমি ২০২৪ চনৰ ১০ জুলাইত আবেদন কৰিছিলোঁ । গামোচাই যিহেতু GI TAG লাভ কৰিছে, গতিকে আমাৰ থলুৱা সংস্কৃতিৰ অংশসমূহ আমাৰ অসমীয়াৰ হাতত থকাটো প্ৰয়োজনীয় হৈ পৰিছে । সেয়ে এই ক্ষেত্ৰত কোনোবাই নহয় কোনোবাই চেষ্টা কৰিব লাগিব । পেঁপাটো যিহেতু আমাৰ সম্পদ, সেয়ে পেঁপাটো সংৰক্ষণৰ কথা চিন্তা কৰোঁতে GI TAG ৰ কথা চিন্তা কৰিলোঁ । Organization of Universal Mankind চমুকৈ OUM নামৰ আমাৰ অনুষ্ঠানৰ পৰা আবেদন কৰিছিলোঁ । দুবছৰীয়া এক প্ৰচেষ্টাৰ অন্তত আমি আজি সফল হ'লো, ভাল লাগিছে । এতিয়াৰে পৰা বিহুৰ পেঁপাৰ লগত জড়িত শিল্পীসকল আৰ্থিকভাৱে উপকৃত হ'ব পাৰিব । কাৰণ এতিয়াৰে পৰা অসমীয়া পেঁপাই আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৰ লাভ কৰিব ।’’
ম’হৰ শিঙৰ পেঁপা কিদৰে প্ৰস্তুত কৰা হয় আৰু ইয়াৰ অংশসমূহ কি নামেৰে জনা যায় ?
বিহুত বজোৱা পেঁপা ম’হৰ শিঙৰ পৰা প্ৰস্তুত কৰা হয় ৷ ম’হৰ শিঙৰ পেঁপাত চাৰিটা অংশ থাকে ৷ প্ৰতিটো অংশৰে একোটা নাম আছে ৷
চুপহি: পেঁপাৰ একেবাৰে ওপৰৰ অংশটো হৈছে চুপহি ৷ য’ত ওঁঠ লগাই ফু মাৰিলে পেঁপাটো বাজে ৷ এইটো বাঁহেৰে নিৰ্মাণ কৰা হয় ৷
থুৰি: চুপহিৰ বিন্ধাটোত এডাল মিহি বাঁহ বা ইঁকৰাৰ অংশ সংযোগ কৰা হয়, যাক থুৰি বোলে ৷ ইয়েই শব্দৰ সৃষ্টি কৰে ৷ এই থুৰিডাল নলিচা আৰু আৰু চুপহিৰ সৈতে সংযুক্ত কৰা হয় ৷
নলী: চুপহি আৰু শিঙাক সংযোগ কৰে নলীয়ে ৷ মিহি বাঁহেৰে ইয়াক নিৰ্মাণ কৰা হয় আৰু ইয়াত চাৰিটা সৰু সৰু বিন্ধা থাকে ৷ চুপহিত ফু দি এই বিন্ধাত আঙুলি বোলালে পেঁপাৰ লহৰ উঠে ৷
শিঙা বা থুলা: পেঁপাৰ আটাইতকৈ তলৰ অংশটো হৈছে শিঙা ৷ ম’হৰ শিঙৰ পৰা ইয়াক প্ৰস্তুত কৰা হয় ৷ থুৰিৰ পৰা ওলোৱা শব্দটো ই ডাঙৰ আৰু সুৰীয়া কৰি তোলে ৷
কিছুমানে দুটা শিঙা জোৰা দি যুৰীয়া পেঁপাও প্ৰস্তুত কৰে৷ পেঁপাটো দেখা শুৱনি কৰিবলৈ বহুতে শিঙাত পিতলৰ ঘেৰ লগোৱা দেখা যায় ৷
লগতে পঢ়ক: ম’হৰ শিঙৰ পেঁপাৰ পৰা বাঁহশিল্পলৈ... অসমৰ চাৰিবিধ ঐতিহ্যপূৰ্ণ সামগ্ৰীক ভৌগোলিক সূচকাংক প্ৰদান

