ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি : ডেকা সত্ৰীয়াৰ পৰিয়ালত অন্তৰ্ভুক্ত মুছলমান লোক
ভোটাৰৰ খচৰা তালিকাত আন এক বিসংগতি । এইবাৰ ডেকা সত্ৰীয়াৰ পৰিয়ালত সোমাল মুছলমান লোকৰ নাম । ভোট চুৰিৰ অভিযোগ স্থানীয় বিধায়ক আমিনুল ইছলামৰ ।

Published : January 7, 2026 at 2:29 PM IST
নগাঁও : অসম বিধানসভাৰ নিৰ্বাচন সমাগত । তাৰ পূৰ্বে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত ব্যাপক বিসংগতিৰ তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ ভোটাৰৰ খচৰা তালিকা প্ৰকাশৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বিসংগতিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে অসমত ভোটাৰ তালিকাৰ পুনৰীক্ষণ (এছ আৰ) প্ৰক্ৰিয়া অব্যাহত আছে । এই প্ৰক্ৰিয়াৰ জৰিয়তে অসমত ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ আশংকা কৰি কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ বিৰোধিতা কৰি আহিছে ।
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিসংগতি হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে প্ৰথমে গুৱাহাটীৰ দীঘলীপুখুৰীৰ তৈয়বুল্লা পথত অচিনাকি লোকৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ ঘটনাৰ পাছতেই শেহতীয়াকৈ নগাঁও জিলাৰ ধিঙৰ ডুমডুমীয়াতো পোহৰলৈ আহিছে অনুৰূপ ঘটনা ।
ধিঙৰ ডুমডুমীয়াৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ লগত অচিনাকি ৩ গৰাকী লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছে । এই ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত হোৱা ব্যাপক বিসংগতিৰ ফলতেই ডেকা সত্ৰীয়াৰ পৰিয়ালৰ নামৰ সৈতে জহুৰা খাতুন, ছহিদুল ইছলাম আৰু ছামিম আনিচা নামৰ ৩ গৰাকী ইছলাম ধৰ্মাৱলম্বী পুৰুষ-মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উঠিছে ।
উল্লেখ্য যে ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামী ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰৰ ১০ নং ৱাৰ্ডৰ স্থায়ী বাসিন্দা । তেওঁৰ ঘৰৰ নম্বৰৰ বিপৰীতে সন্নিৱিষ্ট হৈ আছে অচিনাকি লোকৰ নাম । ইছলাম ধৰ্মাৱলম্বী লোককেইজনৰ বিপৰীতেও ঘৰৰ নম্বৰ ১৬৩ বুলি ভোটাৰ তালিকাত উল্লেখ আছে । একেটা ঘৰৰ বিপৰীতে কেনেকৈ সম্পূৰ্ণ অচিনাকি লোকৰ নাম সন্নিৱিষ্ট হ'ল তাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত ।
বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীয়ে কয়, "আমি ডুমডুমীয়া বালিসত্ৰৰ পুৰণি বাসিন্দা । আমাৰ পৰিয়ালৰ লগত কোনো মুছলমান লোকৰ সম্পৰ্ক নাই । তথাপি কেনেকৈ আমাৰ ঘৰৰ বিপৰীতে অচিনাকি মানুহৰ নাম ভোটাৰ তালিকাত আহিল, সেয়া বুজি নাপাওঁ । এই বিসংগতি তৎকালে সংশোধনৰ বাবে আমি আহ্বান জনাইছো ।" স্থানীয় লোকসকলেও সমগ্ৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি ভোটাৰ তালিকাৰ এই ভুল শীঘ্ৰে সংশোধন কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে ।
ইফালে বিজেপি সমৰ্থিত ভোটাৰৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিসংগতি হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ।
ধিঙৰ ডুমডুমীয়াৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ লগত অচিনাকি ৩ গৰাকী লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ ফোনযোগে স্থানীয় বিধায়ক আমিনুল ইছলামৰ সৈতে যোগাযোগ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "এই প্ৰক্ৰিয়াত বিসংগতি হোৱাৰ আশংকা আমি প্ৰথমৰ পৰাই কৰি আহিছিলোঁ । এছ আৰৰ জৰিয়তে বিহাৰৰ দৰে ভোটাৰ বৃদ্ধি কৰি ভোট চুৰিৰে পুনৰ চৰকাৰ গঠনৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে । যাৰ বাবে গুৱাহাটীত মুছলমান পৰিয়ালত হিন্দু নাম আৰু নগাঁৱত ডেকা সত্ৰীয়া পৰিয়ালত ইছলাম ধৰ্মাৱলম্বী লোকৰ নাম সন্নিৱিষ্ট হৈছে ।"
এছ আৰ প্ৰক্ৰিয়াৰ জৰিয়তে উচ্ছেদিত মুছলমান ভোটাৰৰ নাম কৰ্তনৰো অভিযোগ উত্থাপন কৰি বিধায়ক আমিনুল ইছলামে টেলিফোনিক বাৰ্তালাপত কয়, "এফালে যদি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে আনফালে মুছলমান লোকৰ নাম কৰ্তনৰ বাবেও চৰকাৰে ষড়যন্ত্ৰ আৰম্ভ কৰিছে । উচ্ছেদিত বহু মুছলমান পৰিয়ালৰ নাম উচ্ছেদ হোৱা স্থানৰ পৰা কৰ্তন কৰাৰ ফলত নতুনকৈ অহা অথবা পূৰ্বৰ স্থানত তেওঁলোকৰ নাম বদলি কৰি আনিব পৰা নাই । নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।"
লগতে পঢ়ক :এছ আৰৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

