ETV Bharat / state

অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা, ক্ষোভিত অসমৰ কেব চালক

অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা । পৰ্যটক লৈ যোৱা বাহন বৰাপানীৰ পৰা ঘূৰাই পঠিয়ালে মেঘালয় টেক্সি চালক সন্থাই ।

Assam vehicles are stopped by the Meghalaya Taxi Drivers Association
Etvঅসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা, ক্ষোভিত অসমৰ কেব চালক Bharat (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 23, 2026 at 1:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম-মেঘালয়ৰ সমস্যা ক্ৰমাৎ জটিল হৈ পৰিছে । এইবাৰ অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা । পৰ্যটক লৈ যোৱা বাহন বৰাপানীৰ পৰা ঘূৰাই পঠিয়ালে মেঘালয় টেক্সি চালক সন্থাই । শনিবাৰে অসম-মেঘালয় চৰকাৰৰ প্ৰতিনিধিৰ বৈঠকৰ পাছতেই কেব চালক সন্থাই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখিছিল ।

শনিবাৰে কইনাধৰা গেষ্ট হাউচত অসম-মেঘালয়ৰ চৰকাৰৰ প্ৰতিনিধিৰ মাজত হোৱা উচ্চস্তৰীয় বৈঠকৰ পিছতে যোৰাবাটত মন্ত্ৰী অতুল বৰা উপস্থিত হৈ কেব চালক সকলক আশ্বস্ত কৰিছিল । ইয়াৰ পিছতে কেব চালকসকলে প্ৰতিবাদ স্থগিত ৰাখিছিল ।

কিন্তু দেওবাৰে পুৱাই পুনৰ লাগিল অথন্তৰ । এইবাৰ মেঘালয় টেক্সি চালক সন্থাই পৰ্যটক লৈ যোৱা অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা দিয়ে । যাক লৈ অসমৰ কেব চালক সংগঠনসমূহ ক্ষোভিত হৈ পৰে । পৰিবহন বিভাগৰ সৈতে হ'বলগীয়া বৈঠকৰ পাছত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্চ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে জানিবলৈ দিয়ে ।

এই সন্দৰ্ভত তেওঁ কয়, "আমি সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰাখিছো । কিন্তু আজি মেঘালয় চালক সন্থাই অসমৰ পৰা যোৱা বাহন মেঘালয়ত প্ৰৱেশত বাধা প্ৰদান কৰিছে । এইবাৰ প্ৰতিবাদ হ'লে জোৰদাৰ প্ৰতিবাদ হ'ব । আজি পৰিবহন বিভাগৰ লগত বৈঠক আছে । তাৰ পিছতেই আমাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।"

উল্লেখ্য যে শনিবাৰে কইনাধৰাত তিনি ঘণ্টাতকৈ অধিক সময় ধৰি চলা বৈঠকখনত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়ে । দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰিছিল ।

দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি মষিমূৰ কৰাৰ প্ৰসংগত উপ-মুখ্যমন্ত্ৰী এছ ধৰে কয়, "আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা সমস্যাসমূহ তৎকালীনভাৱে সমাধানৰ বাবে নংপো উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ আয়ুক্তৰ লগতে দুয়োখন জিলাৰ আৰক্ষী বিষয়াক লৈ এখন স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ’ব ।"

তেওঁলোকে কয়,"পৰ্যটক পৰিবহণ সুচল আৰু নিয়ন্ত্ৰিত কৰাৰ বাবেও দুয়োখন ৰাজ্যৰ পৰিবহণ বিভাগৰ কমিছনাৰ/সচিব পৰ্যায়ৰ বিষয়া আৰু পৰ্যটক বাহন সংস্থাৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ’ব । এই সমিতিয়ে দুয়োখন ৰাজ্যৰ উমৈহতীয়া পৰ্যটন স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে পৰ্যটক বাহনৰ চলাচল অধিক সুচল কৰাত গুৰুত্ব দিব ।" পিছে এই বৈঠকৰ ২৪ ঘণ্টা নৌহওতেই মেঘালয় টেক্সি চালক সন্থাই লোৱা পদক্ষেপৰ পৰিণতি কি হ'ব সেয়া হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক: অসম-মেঘালয় সংঘাত; খানাপাৰাৰ উচ্চ স্তৰীয় বৈঠকত কি সমাধান সূত্ৰ ওলাল ?

মেঘালয়ত ইন্ধনৰ নাটনিৰ আশংকা ! শ্বিলঙৰ পেট্ৰ’ল পাম্পত দীঘলীয়া শাৰী