খেতিৰ মাটি কমিলেও বাঢ়িছে উৎপাদন: ধানৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ দিশে অসম
অসমৰ অৰ্থনীতিলৈ আশাৰ বতৰা । প্ৰতি হেক্টৰ মাটিত ধানৰ উৎপাদন ২.২৪ টনলৈ বৃদ্ধি । অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ প্ৰয়াসে ফল ধৰিছে ।

Published : May 18, 2026 at 5:27 PM IST
যোৰহাট: এতিয়া কৃষিৰ বতৰ । ব'হাগ সোমোৱাৰ লগে লগেই অসমৰ চহা কৃষকসকলে ধান খেতিৰ বাবে কঁকালত টঙালি বান্ধিছে । কেঁচা মাটিৰ গোন্ধে আমোলমোলাই থকা পথাৰত এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা দেখা গৈছে । ধান খেতিৰে ভৱিষ্যতৰ সপোন ৰচিব কৃষকসকলে । অৱশ্যে অসমৰ কৃষি পথাৰত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে । দেশৰ আন আন ৰাজ্যৰ দৰে অসমৰ কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰ অৱসান ঘটাই ন ন উৎপাদনমুখী কৌশলেৰে কৃষিকৰ্ম আৰম্ভ কৰিছে । এইক্ষেত্ৰত হাত উজান দিছে অসম চৰকাৰৰ লগতে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়েও ।
ইয়াৰ মাজতে অসম তথা অসমৰ কৃষিক্ষেত্ৰৰ বাবে এক আশাৰ খবৰ । অসমত যদিও খেতি কৰা মাটিৰ পৰিমাণ কমিছে কিন্তু পূৰ্বৰ তুলনাত ধান উৎপাদন যথেষ্ট বৃদ্ধি পাইছে । অসম কৃষি বিশ্বদ্যালয়ৰ ধান গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ ফুলেশ্বৰ নাথে এই তথ্য প্ৰকাশ কৰিছে । উল্লেখ্য যে অসমত ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে যোৰহাটৰ তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ । বিজ্ঞানসন্মত পদ্ধতি আৰু ধান গৱেষণা প্ৰতিষ্ঠানে উদ্ভাৱন কৰা উন্নত জাতৰ ধানৰ বীজ ব্যৱহাৰে কৃষিখণ্ডলৈ বহু আশাৰ বতৰা আনিছে ।
শেহতীয়া তথ্য অনুসৰি ধান উৎপাদনত অসম এতিয়া আত্মনিৰ্ভৰ হোৱাৰ দিশে আগবাঢ়িছে । পূৰ্বে অসমৰ ২৫ লাখ হেক্টৰ ভূমিত ধান খেতি কৰা হৈছিল যদিও এই পৰিমাণ এতিয়া কমিছে । ধান গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ ফুলেশ্বৰ নাথে জনোৱা মতে বৰ্তমান অসমৰ প্ৰায় ২৩ লাখ হেক্টৰ ভূমিত ধান খেতি কৰা হয় । অৱশ্যে খেতিৰ মাটি কমিলেও উৎপাদন বৃদ্ধিয়ে আশাৰ সঞ্চাৰ কৰিছে । তেওঁ কয়, "খেতিৰ মাটি কমিলেও ধনৰ উৎপাদন বাঢ়ি গৈ আছে । আগতে প্ৰতি হেক্টৰত ধানৰ উৎপাদন ২ টন আছিল কিন্তু এতিয়া প্ৰতি হেক্টৰত ২.২৪ টন ধান উৎপাদন হৈ আছে । এই কাৰণে ধানত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁ ।"
এইক্ষেত্ৰত অসম ধান গৱেষণা প্ৰতিষ্ঠাৰ ভূমিকাৰ কথা উল্লেখ্য কৰি কৃষি বিজ্ঞানীগৰাকীয়ে কয় যে ধান গৱেষণা প্ৰতিষ্ঠানে শেহতীয়াকৈ উদ্ভাৱন কৰা উন্নত জাতৰ ধানৰ বীজৰ প্ৰতি কৃষকে ব্যাপক সঁহাৰি জনাইছে । তাৰ অংশ হিচাপে ৯০ দশকত বিজ্ঞানীসকলে উদ্ভাৱন কৰা ৰঞ্জিত, কুশল, মণিৰাম আদি জাতৰ ভিতৰত ৰঞ্জিত ধানৰ সমাদৰ আজিও অব্যাহত আছে । শেহতীয়াকৈ উদ্ভাৱন কৰা বাহাদুৰ, অৰুণ, লাবণ্য নামৰ ধানৰ জাত কৃষকৰ বন্ধু হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে । মাটিৰ গুণাগুণ আৰু স্বাস্থ্যৰ দিশত উপযুক্ত হোৱাকৈ আৰু কেইবাটাও ধানৰ জাত উদ্ভাৱনৰ গৱেষণা অব্যাহত ৰাখিছে ধান গৱেষণা প্ৰতিষ্ঠানে ।

ধান গৱেষণা প্ৰতিষ্ঠান সন্দৰ্ভত কৃষি বিজ্ঞানী ডঃ ফুলেশ্বৰ নাথে কয়, "এই ধান গৱেষণা প্ৰতিষ্ঠানটো আগতে ধান গৱেষণা কেন্দ্ৰ হিচাপে আছিল । এই প্ৰতিষ্ঠানটো ১০০ বছৰ পুৰণি প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানৰ পৰা বহু প্ৰযুক্তি ওলাই গৈছে । সেইসমূহ বৰ্তমান আমাৰ কৃষি পথাৰত বিদ্যমান । সেয়েহে কিছুবছৰ আগৰ পৰা ধানত আমি স্বনিৰ্ভৰশীল হৈছোঁ । ৯০ দশকত এই কেন্দ্ৰৰ পৰা ধানৰ ভাল ভাল জাত ওলাইছিল । তাৰ ভিতৰত ৰঞ্জিত আৰু বাহাদুৰ অন্যতম । সকলোতকৈ অধিক জনপ্ৰিয় হৈ গ'ল ৰঞ্জিত । আজিৰ তাৰিখত ৰঞ্জিতৰ খেতিয়েই হয়তো ৬০ শতাংশতকৈও বেছি অঞ্চলত কৰা হয় । যিহেতু এই ধানবিধ পুৰণি হৈ গৈছে আৰু তাৰ লগতে অসমত বিভিন্ন প্ৰকাৰৰ মাটি আছে । সেই মাটিৰ কাৰণে বেলেগ বেলেগ জাতৰ প্ৰয়োজন হয় । সেই প্ৰয়োজন পূৰণ কৰিবলৈ যাওঁতে কিছুমান নতুন জাত উদ্ভাৱন কৰিবলগীয়া হৈছে । কিছুমান মাটি আছে য'ত বানৰ সমস্যা নাই । তাৰ বাবে আমি ধানৰ বীজ উদ্ভাৱন কৰিবলগীয়া হৈছে ।"

তেওঁ লগতে কয়, "বান প্ৰতিৰোধী ধানৰ বীজৰ লগতে মাজে সময়ে হোৱা খৰাঙৰ সৈতে যুঁজ দিব পৰা বীজো এই ধান গৱেষণা প্ৰতিষ্ঠানে উদ্ভাৱন কৰিছে ।" মুঠতে অসমত ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে অসম ধান গৱেষণা প্ৰতিষ্ঠানে । এনে প্ৰচেষ্টাৰ অন্তত ৰাজ্যত ধানৰ উৎপাদন বৃদ্ধিৰ খবৰে নিশ্চিতভাৱে প্ৰতিষ্ঠানটোৰ লগতে কৃষক সমাজক আনন্দিত কৰি তুলিছে । লগতে অসমৰ অৰ্থনীতিৰ বাবেও এক যোগাত্মক বাৰ্তা আনিছে ।
লগতে পঢ়ক :
আপদকালৰ ভৰসা ! গেৰেজৰ পৰা পুৰণি ম'বিল লৈ যাওক আৰু ঘৰতে জ্বলাওক এই অভিনৱ চৌকাটো

