অসমৰ জলাশয় সংৰক্ষণ, মীনখণ্ডৰ বাবে চৰকাৰে ব্যয় কৰিব ৭৯৬.৮৮ কোটিঃ জয়ন্তমল্ল বৰুৱা
বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ডাঙৰ ঘোষণা, জলশায় বা বিল পুনৰুদ্ধাৰ, মীন খণ্ড শক্তিশালী, বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে এক প্ৰকল্প আৰম্ভ হ'ব ৷

By PTI
Published : August 28, 2026 at 6:53 PM IST
গুৱাহাটী : ৰাজ্যৰ ভিন্ন জলাশয় বা বিলসমূহক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে ৷ ৰাজ্যৰ মীন বিভাগক শক্তিশালী কৰাৰ লগতে জলশয়সমূহ পুনৰুদ্ধাৰ অংশ হিচাপে বৃহৎ কোটি টকা ব্যায় কৰিব ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ডাঙৰ ঘোষণা কৰিছে ৷
মন্ত্ৰী বৰুৱাই এক্সত কয়,"ৰাজ্যৰ জলশায় বা বিলসমূহ পুনৰুদ্ধাৰ, মীন খণ্ড শক্তিশালী কৰাৰ লগতে স্থানীয় জনগোষ্ঠীসমূহৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে এক প্ৰকল্প আৰম্ভ কৰা হ'ব । এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহায়ত বহনক্ষম জলাশয় আৰু সংহত মীন পৰিৱৰ্তন (SWIFT) শীৰ্ষক ৭৯৬.৮৮ কোটিৰ এটা প্ৰকল্প নিৰ্মাণ কৰা হ'ব ৷"
Positive Headline of the Day!
— Jayanta Mallabaruah (@jayanta_malla) August 28, 2026
Assam to revive 71 beels, boost fish production and create sustainable livelihoods..
Assam Chief Minister Himanta Biswa Sarma has highlighted Project S.W.I.F.T., a major initiative aimed at restoring Assam’s traditional water bodies while… pic.twitter.com/fqEetdxp9b
তেওঁ লগতে কয়,"এই প্ৰকল্পটোৰ দ্বাৰা ২৩খন জিলাৰ ৭১টা জলশয় বা বিলক পুনৰুদ্ধাৰ কৰি তোলাব হ'ব, যিয়ে প্ৰায় ৪,০০০ হেক্টৰ জলভাগ ৷ এই পদক্ষেপৰ লক্ষ্য হৈছে বছৰি ৬,০০০ মেট্ৰিক টন মাছ উৎপাদন আৰু প্ৰায় ৫৭ কোটি মাছ পোনা বিক্ৰী কৰা ।"
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ প্ৰসংগৰে মন্ত্ৰী বৰুৱাই কয়,"এই প্ৰকল্পটোৰ দ্বাৰা এছ ডব্লিউ আই এফ টিয়ে জলভাগসমূহ পুনৰুদ্ধাৰ কৰি মাছৰ উৎপাদন বৃদ্ধি আৰু অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাৰ লগতে বহনক্ষম জীৱিকাৰ সৃষ্টি কৰিব । যিহেতু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, মীনপালন শক্তিশালী কৰাৰ লগতে স্থানীয় জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰিব লাগিব ৷''
তেওঁ লগতে কয়,"এই প্ৰকল্পটোৰ জৰিয়তে মাছমৰীয়া জনগোষ্ঠীসমূহৰ জীৱিকা শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব । প্ৰায় ৩০২ খন নাও আৰু জাল বিতৰণ কৰা হ’ব ৷ আনহাতে ১,০০০ জন যুৱকক ৫০ হাজাৰ টকাকৈ অনুদান প্ৰদান কৰা হ'ব । ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ বাবে ৩০টা মাছ খাদ্য ইউনিট আৰু ১০০টা মাছ প্ৰক্ৰিয়াকৰণ ইউনিট স্থাপন কৰি মীনৰ মূল্য শৃংখল শক্তিশালী কৰাৰ লগতে তৃণমূল পৰ্যায়ত নতুন আয়ৰ সুযোগ সৃষ্টি কৰিব ।"
লগতে পঢ়ক:কৰ্কট ৰোগঃ উত্তৰ-পূবত মুখগহ্বৰৰ ৰোগৰ সংখ্যা বৃদ্ধি পাইছে, দীপশিখা ন্য়াসৰ দেৱাশীষ শৰ্মা

