পশু নিৰ্যাতন বিৰোধী আইনৰ আওতাত নপৰিব ঐতিহাসিক ম'হ যুঁজ
আকৌ চলিব ম'হ যুঁজ, বুলবুলি যুঁজ । অসম বিধানসভাত গৃহীত পশুৰ নিৰ্যাতন বিৰোধী (অসম সংশোধনী) বিধেয়ক ২০২৫ ।

By PTI
Published : November 27, 2025 at 8:11 PM IST
গুৱাহাটী: বৃহস্পতিবাৰে অসম বিধানসভাত গৃহীত এখন সংশোধিত বিধেয়ক । তামিলনাডুৰ জালিকাট্টুৰ দৰে অসমৰ পৰম্পৰাগত ম'হ যুঁজ, পশু নিৰ্যাতন ৰোধৰ বাবে থকা আইনৰ পৰা বাহিৰ কৰাৰ বাবে এই বিধেয়ক গৃহীত কৰা হয় । পশুৰ নিৰ্যাতন বিৰোধী (অসম সংশোধনী) বিধেয়ক ২০২৫- গৃহীত কৰাৰ সময়ত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কয় যে মূল আইনখনে কিছু পৰম্পৰাগত প্ৰথাক ইয়াৰ আওতাৰ পৰা মুক্ত কৰাটোত গুৰুত্ব আৰোপ কৰে ।
তেওঁ উল্লেখ কৰে যে ম'হ যুঁজে সাধাৰণ ৰাইজৰ মাজত প্ৰচলিত পৰম্পৰা আৰু সংস্কৃতি ধৰি ৰখা তথা ইয়াক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । ইয়াৰ লগতে স্থানীয় প্ৰজাতিৰ অস্তিত্বৰ ধাৰাবাহিকতা ৰখাত ই বিশেষ ভূমিকা গ্ৰহণ কৰে । পালে কয়, "ম'হ যুঁজৰ আয়োজন ১৯৬০ ৰ পশু নিৰ্যাতন বিৰোধী আইনৰ অধিনিয়মৰ 'নিৰ্যাতন' ৰ পৰা মুক্ত কৰা হ'ব বুলি এই নিৰ্ণয় লোৱা হয় ।" তামিলনাডুৰ জালিকাট্টু আৰু কৰ্ণাটকৰ গৰুগাড়ী দৌৰ প্ৰতিযোগিতাৰ দৰেই এই ম'হ যুঁজক মান্যতা দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে ।
শাসক-বিৰোধী কোনেও ইয়াৰ সংশোধনীৰ বিৰোধিতা নকৰাত বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয় । যোৱাটো বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ ২০২৩ এছ অ' পিত নিষেধাজ্ঞা জাৰি কৰিছিল, যিখনে প্ৰতিবছৰে জানুৱাৰী মাহত মাঘ বিহুত ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল । এছ অ' পি ২০১৪ ৰ উচ্চতম ন্যায়ালয়ৰ ন্যায় উলংঘা কৰা বুলি আদালতে উল্লেখ কৰিছিল ।
যোৱাটো বৰ্ষৰ ১৫ জানুৱাৰীত অসম চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম অনুসৰি প্ৰায় ৯ বছৰ পাছত পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰা হৈছিল । ইয়াৰ পূৰ্বে ন্যায়পালিকাৰ দ্বাৰা জাৰি কৰা নিষেধাজ্ঞাৰ বাবে বন্ধ কৰি থোৱা হৈছিল । দুয়োটা কাৰ্যসূচীয়েই ২০২৩ চনত ৰাজ্যিক কেবিনেটে দিয়া এছ অ' পিৰ পিছত পুনৰ আৰম্ভ হৈছিল । এছ অ' পিত পশু সুৰক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল । য'ত পশুক নিয়ন্ত্ৰণ কৰিবলৈ কোনো নিচাজাতীয় দ্ৰব্য তথা চোকা অস্ত্ৰ ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিছিল ।
উল্লেখ্য যে কামৰূপ জিলাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত জানুৱাৰী মাহৰ মাজভাগত অৰ্থাৎ মাঘ বিহুৰ দিনা পৰম্পৰাগত বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰা হয় । যি যথেষ্ট পৰ্যটকক আকৰ্ষিত কৰে । একেদৰে মৰিগাঁও, শিৱসাগৰ আৰু উজনি অসমৰ কেইবাখনো জিলাত সেই একে সময়তে ম'হ যুঁজ অনুষ্ঠিত কৰা হয় । কিন্তু মৰিগাঁৱৰ আঁহতগুৰিৰ ম'হ যুঁজ আটাইতকৈ বিখ্যাত ।

